• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমীয়া জাতীয় জীৱন আৰু খিলঞ্জীয়া মাতৃভাষাৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰ আৰম্ভ হৈছে-পদুম ৰাজখোৱা

মিণ্টু দাস by মিণ্টু দাস
July 8, 2018 10:17 am
নগাঁও, সাহিত্য সভা
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক,সাম্প্ৰতিক সময়তো সমাজক গ্ৰাস কৰি থকা অন্ধবিশ্বাস- কুসংস্কাৰ, অসমৰ মাতৃভাষাৰ সংকট আৰু লোকপিয়লত খিলঞ্জীয়া ভাষাৰ অস্তিত্ব প্ৰসংগত কালি নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত  কমলা দেৱী তোদী স্মৃতিভৱনত এখন ৰাইজমেল অনুষ্ঠিত হয়।

নগাঁও জিলা সাহিত্য সভাৰ  উপসভাপতি নিত্যানন্দ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত আৰম্ভণিতে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই অসম সাহিত্যসভাই আৰম্ভ কৰা ৰাইজমেলৰ লক্ষ্য-উদ্দেশ্যৰ কথা প্ৰকাশ কৰি অসমীয়া জাতীয় জীৱন কিদৰে গভীৰ সংকটত পৰিছে সেই কথা বিশ্লেষণ কৰে আৰু বৰ্তমানৰ সংকট কালত অসমৰ প্ৰতিগৰাকী জাতীয় চেতনাসম্পন্ন ব্যক্তিকে মাতৃভূমি আৰু মাতৃভাষাৰ হকে ওলাই আহিবলৈ আহ্বান জনায়।

Apply Now

অসমীয়া জাতীয় জীৱন আৰু খিলঞ্জীয়া মাতৃভাষাৰ বিৰুদ্ধে  গভীৰ ষড়যন্ত্ৰ আৰম্ভ হৈছে বুলি প্ৰকাশ কৰি প্ৰধান সম্পাদকজনে  বিচ্ছিন্নতাবাদীসকলৰ সকলো অপচেষ্টা ব্যৰ্থ কৰি জাতিটোক ৰক্ষা কৰিবলৈ অসম হিতৈষী প্ৰতিজন নাগৰিক আৰু জাতীয় তথা জনগোষ্ঠীয় সংগঠনসমূহক ঐক্যবদ্ধভাৱে সংগ্ৰাম কৰিবলৈ আহ্বান জনায়। অসমৰ চাহ জনগোষ্ঠী আৰু চৰ অঞ্চলৰ মুছলমানসকলৰ অৱদানৰ কথাও তেওঁ উল্লেখ কৰে।

নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক মৃণাল হাজৰিকাই আঁত ধৰা সভাত বিশিষ্ট লেখক সমালোচক ড° জ্যোতিৰ্ময় জানাই বৰ্তমান অসমৰ জ্বলন্ত সমস্যাবোৰৰ  বিৰুদ্ধে সবল জনমত গঠন কৰিব লাগিব বুলি মত প্ৰকাশ কৰে। বঙালী ভাষাৰ একাংশ লোকেও অসমীয়া ভাষা-সাহিত্যৰ বাবে কাম কৰি গৈছে, সেই কথাও মনত ৰাখিব লাগিব বুলি ব্যক্ত কৰি লেখকগৰাকীয়ে অসমীয়া ভাষা আৰু জাতীয়তাৰ কাৰণে সকলোৱে ঐক্যবদ্ধ হৈ কাম কৰিব লাগিব বুলি মত প্ৰকাশ কৰে।

নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি উপেন্দ্ৰ বৰকটকীয়ে বক্তৃতা দাঙি ধৰি কয় যে- নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলকৰণ প্ৰসংগত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দৃঢ় হ’ব লাগিব। কাৰণ, তেওঁক জাতীয় নায়কৰ  সন্মান দিয়া হৈছে। আন ৰাজ্যৰ পৰা অহাসকলে কৰ্মভূমিক জন্মভূমি হিচাপে গ্ৰহণ কৰিব লাগিব বুলিও সাহিত্যিকগৰাকীয়ে মন্তব্য দিয়ে।

বিদ্যালয়সমূহৰ অৱসৰপ্ৰাপ্ত পৰিদৰ্শক প্ৰেমেশ্বৰ দাস, প্ৰাক্তন অধ্যক্ষ হিতেশ্বৰ লস্কৰ, অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক কাৰ্যালয়ৰ আঞ্চলিক সম্পাদক যতীন্দ্ৰনাথ সূত, জিলাৰ প্ৰাক্তন উপ-সভাপতি ভৱেশ মেধী, ৰজত বৰা, শিল্পী জগন্নাথ মহন্ত, লেখক বিনু লস্কৰ ঠাকুৰীয়া,  জিলা আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া আদি উপস্থিত থকা সভাত সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি মণিমাধৱ মহন্তই নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলকৰণ প্ৰসঙ্গত সৰ্বভাৰতীয় স্তৰত এটা জনমত সৃষ্টি কৰিব লাগিব বুলি মত প্ৰকাশ কৰে।

তেওঁ লগতে কয়, এই যুঁজ বঙালী লোক বা বঙালী ভাষাৰ বিৰুদ্ধে নহয়, এই যুঁজ মুছলমানসকলৰ বিৰুদ্ধে নহয়। এই যুঁজ কেৱল অসমীয়া ভাষাৰ হকে, অসমীয়া জাতিৰ হ’কে। সভাত মোহিনী মোহন ডেকাই বৰ্তমান সময়ত অসম সাহিত্য সভাই অধিক সক্ৰিয়ভাৱে জাতীয় জীৱনৰ হ’কে কাম কৰাৰ বাবে প্ৰশংসা কৰি অসমৰ সাংসদসকলে ৰাজ্যখনৰ জ্বলন্ত  সমস্যাৰাজি, অসমীয়া জাতীয় জীৱন আৰু খিলঞ্জীয়া মাতৃভাষাৰ দুৰ্দশাৰ ছবিখন দিল্লীত দাঙি ধৰাত ব্যৰ্থ হৈছে বুলি ক্ষোভ প্ৰকাশ কৰে।

সভাত শংকৰী সংস্কৃতিৰ বিশিষ্ট পণ্ডিত তিলকচন্দ্ৰ মজুমদাৰে অসমীয়া ভাষাৰ সম্ভ্ৰান্ত ইতিহাসৰ ওপৰত আলোকপাত কৰি অসমীয়া জাতীয় জীৱন আৰু অসমীয়া ভাষাৰ সংকট কালত সকলোকে সচেতন ভূমিকা ল’বলৈ আহ্বান কৰে। সভাত শিশু সাহিত্যিক কাৰুণ্য ভট্টাচাৰ্য, সমাজকৰ্মী হোমেশ্বৰ দেৱশৰ্মা, প্ৰীতিমোহন শৰ্মা আদিয়েও ভাষণ দি চৰকাৰক নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিবলৈ আৰু অন্ধবিশ্বাস-কুসংস্কাৰৰ পৰা মুক্ত হৈ বিজ্ঞানসন্মত মনৰ অধিকাৰী হ’বলৈ সকলোকে সজাগ হ’বলৈ আহ্বান জনায়।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm
প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd