অসম আৰক্ষীত আজি ৪ আগষ্টত চৰকাৰে ব্যাপক ৰদ-বদল কৰিছে।
কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষক এ পি এচ বিষয়া লীনা দলেক মাজুলীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে, মাজুলীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক এ পি এচ বিষয়া অমৰ চৌধুৰীক বঙাইগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে।
বঙাইগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰাণজিত বৰাক গুৱাহাটীৰ যান-বাহন শাখাৰ অতিৰিক্ত উপ আৰক্ষী আয়ুক্ত ৰূপে বদলি কৰা হৈছে। গুৱাহাটীৰ যান-বাহন শাখাৰ অতিৰিক্ত উপ আৰক্ষী আয়ুক্ত ইনম শইকীয়াক কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব অৰ্পণ কৰা হৈছে।
দুলীয়াজানৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নবীন সিঙক শিৱসাগৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰূপে বদলি কৰা হৈছে।
নগাঁৱৰ বৰহমপুৰৰ নৱম অসম আৰক্ষী বেটেলিয়নৰ ২য় ভাৰপ্ৰাপ্ত বিষয়া নিৰ্মল বৈশ্য গুৱাহাটীলৈ চি আই ডিৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰূপে বদলি কৰা হৈছে।
মান্দাকাটাৰ চি ডি অ’ বেটেলিয়নৰ উপ আৰক্ষী অধীক্ষক মৃন্ময় দাসক কলিয়াবৰৰ মহকুমা আৰক্ষী বিষয়াৰূপে বদলি
বদলি কৰা হৈছে। কলিয়াবৰৰ মহকুমা আৰক্ষী বিষয়া জ্যোতিৰঞ্জন নাথক হোজাইৰ উপ আৰক্ষী অধীক্ষকৰূপে দায়িত্ব দিয়া হৈছে।
ৰঙিয়াৰ মহকুমা আৰক্ষী বিষয়া প্ৰণৱ কুমাৰ পেগুক হোজাইৰ সীমান্ত শাখাৰ উপ আৰক্ষী অধীক্ষকৰ দায়িত্ব দিয়া হৈছে।
গুৱাহাটীৰ ট্ৰেফিকৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত ৰূপজ্যোতি কলিতাক গোৱালপাৰাৰ উপ আৰক্ষী অধীক্ষকৰূপে বদলি কৰা হৈছে। গোৱালপাৰাৰ উপ আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকক মান্দাকাটাৰ চি ডি অ’ বেটেলিয়নৰ উপ আৰক্ষী অধীক্ষক ৰূপে বদলি কৰা হৈছে।
হোজাই সীমান্ত শাখাৰ উপ আৰক্ষী অধীক্ষক কাকলি বন্যা বৰুৱাক বিশেষ শাখাৰ উপ আৰক্ষী অধীক্ষকৰূপে বদলি কৰা হৈছে। হোজাইৰ উপ আৰক্ষী অধীক্ষক প্ৰফুল্ল কুমাৰ বৰাক গুৱাহাটীৰ যান-বাহন শাখালৈ বদলি কৰা হৈছে।
বাক্সাৰ ২৪ বেটেলিয়নৰ উপ আৰক্ষী অধীক্ষক ৰ’জী তালুকদাৰক যোৰহাটৰ উপ আৰক্ষী অধীক্ষকৰূপে বদলি কৰা হৈছে।
ওদালগুৰিৰ সীমান্ত শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক স্বপন কুমাৰ শীলক শোণিতপুৰৰ উপ আৰক্ষী অধীক্ষকৰ দায়িত্ব দিয়া হৈছে।