• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম প্ৰশাসনিক মহাবিদ্যালয়ত ‘বিশ্ব আৰ্দ্ৰভূমি দিৱস’ উপলক্ষে বন বিভাগৰ উদ্যোগত অনুষ্ঠিত হ’ল কৰ্মশালা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 2, 2018 9:43 pm
forest minister

বিশ্ব আৰ্দ্ৰভূমি দিৱসৰ কৰ্মশালাত বন মন্ত্ৰী

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৰ্দ্ৰভূমিসমূহ সংৰক্ষণ কৰি ৰাখিবৰ বাবে অসম চৰকাৰৰ বন বিভাগৰ উদ্যোগত আজি খানাপাৰাস্থিত অসম প্ৰশাসনিক মহাবিদ্যালয়ত বিশ্ব আৰ্দ্ৰভূমি দিৱস উপলক্ষে এখনি কৰ্মশালাৰ আয়োজন কৰা হয়। বিশ্ব আৰ্দ্ৰভূমি দিৱস উপলক্ষেআয়োজিত এই কৰ্মশালাৰ বিষয় হৈছে ’অবিৰত নগৰীয়া ভৱিষ্যতৰ বাবে আৰ্দ্ৰভূমি’।

দুটা পৰ্য্যায়ত অনুষ্ঠিত হোৱা এই কৰ্মশালাত প্ৰথম পৰ্য্যায়ত বন মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ম মুখ্য অতিথি হিচাপে উপস্থিত থাকে। লক্ষণীয় যে মেঘালয়ৰ মুখ্য মন্ত্ৰী মুকুল চাংমাই দ্বীপৰ বিলৰ ওপৰত এখন আঁচনি গ্ৰহণ কৰাৰ প্ৰসংগত বন মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে এনেদৰে, ‘মুকুল  চাংমাই অসমৰ জলাশয়ৰ ওপৰত এনে ধৰণৰ সিদ্ধান্ত লোৱাটো ডাঙৰ কথা। আমাৰ চৰকাৰ থাকিও আমি দ্বীপৰ বিলৰ ওপৰত গুৰুত্ব দিয়া নাই নেকি যে চুবুৰীয়া ৰাজ্যৰ মুখ্য মন্ত্ৰীয়ে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে ওলাইছে?’

Apply Now

এই সন্দৰ্ভত তেওঁ সমূহ অসমবাসীক আৰ্দ্ৰভূমি সমূহ সংৰক্ষণ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ সৈতে সহায়-সহযোগিতা আগবঢ়াবৰ বাবে আহ্বান জনায়।

সেই অনুষ্ঠানতে পূৰ্ণিমা দেৱী বৰ্মনে গুৱাহাটীৰ জলাহভূমি সমূহৰ ওপৰত কিছু তথ্য যুগুত কৰি প্ৰদৰ্শন কৰাৰ প্ৰসংগত বন মন্ত্ৰী গৰাকীয়ে কয় ‘এই দৃশ্য সমূহ দেখি মই লজ্জিত আৰু ১৯৯১ চনৰে পৰাই বিধায়ক হৈ এই মহানগৰীতে বসবাস কৰি আহিছিলো যদিও এনেকুৱা ধৰণৰ প্ৰতিচ্ছবি কেতিয়াও দেখা পোৱা নাছিলো।’

আনহাতে মহানগৰীৰ কৃত্ৰিম বানপানীৰ সমস্যাটো মহানগৰীৰ কাষতে থকা জলাশয় সমূহক বিপদৰ মাজলৈ ঠেলি দিয়াৰ বাবে এনেকুৱা ধৰণৰ কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱা বুলি বন মন্ত্ৰী গৰাকীয়ে সদৰী কৰে।

উল্লেখযোগ্য যে অন্যান্য উন্নত ৰাজ্য সমূহৰ মহানগৰ সমূহৰ দৰে গুৱাহাটীকো স্মাৰ্ট চিটী বনোৱাৰ বাবে বিদেশৰ পৰা গৱেষকসকলক আমন্ত্ৰণ কৰি অনা হৈছে বুলি তেওঁ উল্লেখ কৰে। সেই গৱেষক সকলে পৰীক্ষা নিৰীক্ষা কৰি জলাশয় সমূহ ৰক্ষণাবেক্ষণ কৰাৰ লগতে মহানগৰীক এখন স্মাৰ্ট চিটী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি তেওঁ সদৰী কৰে।

ব্ৰহ্মপুত্ৰ উত্তৰ পাৰত স্থাপন হ’বলগীয়া এইমছক লৈও বনমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰি কয় যে এইখন স্থাপন হোৱাৰ পিছত গুৱাহাটীৰ অৱস্থা কি হ’ব পাৰে এইটো আমি এতিয়াই অনুমান কৰিব পাৰো। গতিকে এইখন স্থাপন হ’লেও যাতে গুৱাহাটী মহানগৰ কোনো সমস্যাৰ সন্মুখীন নহয় তাৰ ওপৰত আমি দৃষ্টি ৰাখিব লাগিব। আমাক উন্নয়ন লাগে কিন্তু আমি যাতে জলাশয়সমূহ বিপদাপন্ন নহয় তাৰ প্ৰতিও লক্ষ্য কৰিব লাগিব।

ৰাষ্ট্ৰীয় আৰ্দ্ৰভূমি মানচিত্ৰত প্ৰকাশ পোৱা তথ্য অনুসৰি অসমত মুঠ ১১,১৭৮ টা আৰ্দ্ৰভূমি আছে আৰু এই সমূহে মুঠ ৭,৬৬,৩৭২ হেক্টৰ ভূমি আগুৰি আছিল। ইয়াৰে ৮৪ শতাংশ নদী, জান-জুৰিয়ে আৱৰি আছে। অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদে প্ৰকাশ কৰা তথ্য অনুসৰি জলাশয়সমূহ বনাঞ্চলৰ অন্যতম উৎস আৰু ইয়াত ৭,০৩০ টা জলাশয় আছে যিবিলাকে ২,৪৩,৭৯১ হেক্টৰ বনাঞ্চলৰ ভূমি আগুৰি আছে।

আনহাতে সৰ্বানন্দ সোণোৱাল চৰকাৰে গ্ৰহণ কৰা ব্ৰহ্মপুত্ৰ খনন কাৰ্য্যৰ কথা উল্লেখ কৰি তেওঁ কয় যে এই চেষ্টা সফল হ’লে অসম বাসীয়ে সুফল পাব।

তদুপৰি গোৱালপাৰাত থকা জলাশয় সমূহত শীতকালি মেঘালয়ৰ পৰা বনৰীয়া হাতী সমূহ আহি আশ্ৰয় লোৱাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ এই বিষয়ত অধিক মনোনিৱেশ কৰিবৰ  বাবে সভাত উপস্থিত থকা প্ৰধান মুখ্য বন সংৰক্ষক বিষয়া (আৰ্দ্ৰভূমি) ড০ ৰঞ্জনা গুপ্তাক আহ্বান জনায়।

এই অনুষ্ঠানতে উপস্থিত থকা ভাৰত চৰকাৰৰ বন বিভাগৰ সম্পাদক, আই এ এছ বিষয়া চি কে মিশ্ৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তৃতা প্ৰদান কৰে। বক্তৃতা প্ৰসংগত আই এ এছ বিষয়াজনে কাইলৈ মহানগৰীত হ’বলগীয়া এডভান্টেজ আসামৰ এটা শিতানত পৰিৱেশ তথা বন সংৰক্ষণ বিষয়ৰ এটা শিতান ৰাখিবৰ বাবে অসম চৰকাৰক আহ্বান জনায়।

এই কৰ্মশালাৰ প্ৰথম পৰ্য্যায়ৰ অনুষ্ঠানত কিছুদিন পূৰ্বে মহানগৰীৰ বিদ্যালয় সমূহৰ ভিত্তিত আয়োজিত চিত্ৰাংকন প্ৰতিযোগিতাত স্থান লাভ কৰা সকলকো বঁটা প্ৰদান কৰা হয়।

কৰ্মশালাৰ প্ৰথম পৰ্য্যায়ৰ এই অনুষ্ঠানত আগতে আৰ্দ্ৰভূমিৰ ওপৰত অনুষ্ঠিত হোৱা শ্ল’গান লিখা প্ৰতিযোগিতাত বিজয়ীসকলকো বঁটা প্ৰদান কৰে।

এই অনুষ্ঠানত বন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ সৈতে বহুকেইজন বন বিষয়াও উপস্থিত থাকে।

এই অনুষ্ঠানতে পূৰ্ণিমা দেবী বৰ্মনৰ ‘মই হাড়গিলা’ শীৰ্ষক শিশু উপযোগী গ্ৰন্থখন উন্মোচন কৰা হয়।

এই অনুষ্ঠানৰ পিছতে অনুষ্ঠিত হোৱা কৰ্মশালাত লুই ভেক্কেৰকে প্ৰমুখ্য কৰি বিদেশৰ পৰা অহা পৰ্যটক সকলে কৰ্মশালাত অংশগ্ৰহণকাৰীসকলক প্ৰশিক্ষণ দিয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

June 29, 2026 9:31 pm
‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

June 29, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd