পবিতৰা আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সুকলমে গঁড় গণনা সম্পন্ন হোৱাৰ পাছত আজি দিনযোৰা কাৰ্যসূচীৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড় গণনা কৰিছে বন বিভাগে।
ইপিনে, ওৰাং ৰাষ্ট্ৰীয় উদ্যানত এশৰো অধিক গঁড় থকা বুলি দাবী কৰিছে দৰং জিলাৰ বন প্ৰাধিকাৰী বিষয়া ৰমেশ কুমাৰ গগৈয়ে। লগতে তেওঁ ৰাষ্ট্ৰীয় উদ্যানখনৰ ১৬টা ব্লকত গঁড় গণনা কাৰ্যসূচী চলিব বুলি জানিবলৈ দিয়ে।
ইয়াৰ উপৰি তেওঁ সংবাদ মাধ্যমক জানিবলৈ দি কয় যে ৰাতিপুৱা পাঁচ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই গঁড় গণনা এদিনতে সম্পূৰ্ণ হ’ব। ৰাষ্ট্ৰীয় উদ্যানখনৰ গঁড় গণনা কাৰ্যসূচীত ৩০জন লোকে অংশগ্ৰহণ কৰিব বুলিও সদৰী কৰে বন প্ৰাধিকাৰী বিষয়াজনে।
উল্লেখযোগ্য যে উদ্যানখনত ইয়াৰ পূৰ্বে ২০১২ চনত হোৱা গণনা প্ৰক্ৰিয়াত মুঠ এশ গঁড় পোৱা বুলি উল্লেখ কৰে বিষয়াজনে। কিন্তু যোৱা পাঁচ বছৰত ইয়াৰে ২৬টা গঁড়ৰ মৃত্যু হৈছে। ইয়াৰে ১০টা গঁড় চোৰাংচিকাৰীৰ হাতত নিধন হোৱাৰ লগতে আন ১৬টা গঁড়ৰ স্বাভাৱিক মৃত্যু হোৱা বুলি সদৰী কৰে বন বিষয়া গগৈয়ে।
আনহাতে শেহতীয়াকৈ উদ্যানখনত গঁড়ৰ সংখ্যা পুনৰ বৃদ্ধি পোৱা বুলিও বিষয়াজনে সদৰী কৰে।