• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ-পূবৰ ৰাজ্যকেইখনক চিটাগং বন্দৰ ব্যৱহাৰ কৰিবলৈ দিবলৈ বাংলাদেশক আহ্বান মানিক সৰকাৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 17, 2017 4:32 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূৰ্বাঞ্চলৰ বাবে অৰ্থনৈতিকভাৱে অতি গুৰুত্বপূৰ্ণ চিটাগং বন্দৰক ৰাজ্যকেইখনৰ বাবে মুকলি কৰি দিবলৈ বাংলাদেশ চৰকাৰক অনুৰোধ জনাইছে ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী মানিক সৰকাৰে। ‘দুয়োখন দেশৰ মাজৰ এতিয়াও সমাধানৰ পথতে থকা অন্যান্য বিষয়বোৰৰ পৰা পৃথকভাৱে লৈ বাংলাদেশ চৰকাৰে উত্তৰ-পূবৰ ৰাজ্যকেইখনক চিটাগং আন্তঃৰাষ্ট্ৰীয় নৌবন্দৰটো ব্যৱহাৰ কৰিবলৈ অনুমতি দিব লাগে। মালবস্তু, খাদ্যসামগ্ৰী, ইন্ধন আৰু অন্যান্য প্ৰয়োজনীয় দ্ৰব্য ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যকেইখন পৰা আৰু এইবোৰলৈ অনা-নিয়াৰ বাবে বন্দৰটো ব্যৱহাৰ কৰিবলৈ অনুমতি দিব লাগে।’ এইদৰে কয় মানিক সৰকাৰে। তীস্তাৰ পানী ব্যৱহাৰ সম্পৰ্কীয় অনিৰ্ণীত বিষয়টো উল্লেখ নকৰাকৈ তেওঁ বাংলাদেশ চৰকাৰক কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে দুয়োখন দেশৰ আনবোৰ বিষয় একে দৃষ্টিৰে চাব নালাগে। কালি সীমান্তৰ চোটাখোলা গাৱঁত ১৯৭১ চনত বাংলাদেশৰ স্বাধীনতা যুঁজত মৃত্যু বৰণ কৰা ভাৰতৰ সৈনিক সকলৰ স্মৃতিত নিৰ্মাণ কৰি উলিওৱা এক স্মৃতিসৌধ আৰু উদ্যান মুকলি কৰা অনুষ্ঠানত ভাগ লৈ মানিক সৰকাৰে এই কথা কয়। তেওঁ আৰু কয় যে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ উন্নয়নৰ স্বাৰ্থত ভাৰত আৰু বাংলাদেশৰ মাজত ৰেইলপথ, বায়ুপথ, জলপথ আৰু দূৰসংযোগ ব্যৱস্থা অধিক উন্নত কৰা দৰকাৰ আছে।

আনহাতে ১৯৭১ চনৰ যুদ্ধত ত্ৰিপুৰাই বাংলাদেশলৈ আগ বঢ়োৱা সহায়ৰ হাতৰ কথা সুঁৱৰি মুখ্য মন্ত্ৰীজনে কয় যে তেতিয়াৰ ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী শচীন্দ্ৰলাল সিঙৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। বাংলাদেশৰ পৰা যুদ্ধৰ বিভীষিকাত পলাই অহা লাখ লাখ লোকক ত্ৰিপুৰাত আশ্ৰয় আৰু খাদ্য দিয়া হৈছিল। তেওঁৰ লগতে ত্ৰিপুৰাৰ স্বাস্থ্য মন্ত্ৰী আৰু পি ডব্লিউ ডি মন্ত্ৰী বাদল চৌধুৰীয়ে উপস্থিতসকলক উদ্দেশ্যি ভাষণত কয় যে ভাৰতে এতিয়া আটাইতকৈ ভাল প্ৰতিৱেশী দেশখনৰ সৈতে অধিক ঘনিষ্ঠতা বিচাৰে। উল্লেখযোগ্য যে ১৯৭১ চনত ত্ৰিপুৰাত জনসংখ্যা আছিল ১৫ লাখ, কিন্তু যুদ্ধৰ সময়ছোৱাত বাংলাদেশৰ পৰা অহা প্ৰায় ১৬ লাখ লোকক ত্ৰিপুৰাই আশ্ৰয় আৰু খাদ্য দিছিল। ভৌগোলিকভাৱেও ত্ৰিপুৰাৰ অৱস্থান বাংলাদেশৰ বাবে গুৰুত্বপূৰ্ণ, কাৰণ ঢাকাৰ পৰা ত্ৰিপুৰা মাত্ৰ ১৩৫ কিলোমিটাৰ দূৰত।

Apply Now
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কোষাগাৰৰ প্ৰায় ৬০০ কোটি টকা লুণ্ঠন ‘ডাবল ইঞ্জিন’ ৰাজ্যত! পত্নী-আত্মীয়ৰ একাউণ্টলৈ টকা ট্ৰেন্সফাৰ চৰকাৰী কৰ্মচাৰীৰ

কোষাগাৰৰ প্ৰায় ৬০০ কোটি টকা লুণ্ঠন ‘ডাবল ইঞ্জিন’ ৰাজ্যত! পত্নী-আত্মীয়ৰ একাউণ্টলৈ টকা ট্ৰেন্সফাৰ চৰকাৰী কৰ্মচাৰীৰ

August 25, 2026 9:40 am
নিয়তিৰ নিষ্ঠুৰ পৰিহাস! একেটা পুখুৰীতে তিনি মাহৰ ব্যৱধানত প্ৰাণ গ’ল একেখন ঘৰৰে দুই ভাতৃৰ

নিয়তিৰ নিষ্ঠুৰ পৰিহাস! একেটা পুখুৰীতে তিনি মাহৰ ব্যৱধানত প্ৰাণ গ’ল একেখন ঘৰৰে দুই ভাতৃৰ

August 25, 2026 8:27 am
অপাৰেচন সিন্দুৰৰ পিছত বন্ধ সীমান্ত! ভিছাৰ বাধা অতিক্ৰমি ভাৰতত উপস্থিত ১৫০ গৰাকী পাকিস্তানী কইনা

অপাৰেচন সিন্দুৰৰ পিছত বন্ধ সীমান্ত! ভিছাৰ বাধা অতিক্ৰমি ভাৰতত উপস্থিত ১৫০ গৰাকী পাকিস্তানী কইনা

August 25, 2026 7:55 am
প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

August 25, 2026 7:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোষাগাৰৰ প্ৰায় ৬০০ কোটি টকা লুণ্ঠন ‘ডাবল ইঞ্জিন’ ৰাজ্যত! পত্নী-আত্মীয়ৰ একাউণ্টলৈ টকা ট্ৰেন্সফাৰ চৰকাৰী কৰ্মচাৰীৰ

কোষাগাৰৰ প্ৰায় ৬০০ কোটি টকা লুণ্ঠন ‘ডাবল ইঞ্জিন’ ৰাজ্যত! পত্নী-আত্মীয়ৰ একাউণ্টলৈ টকা ট্ৰেন্সফাৰ চৰকাৰী কৰ্মচাৰীৰ

August 25, 2026 9:40 am
নিয়তিৰ নিষ্ঠুৰ পৰিহাস! একেটা পুখুৰীতে তিনি মাহৰ ব্যৱধানত প্ৰাণ গ’ল একেখন ঘৰৰে দুই ভাতৃৰ

নিয়তিৰ নিষ্ঠুৰ পৰিহাস! একেটা পুখুৰীতে তিনি মাহৰ ব্যৱধানত প্ৰাণ গ’ল একেখন ঘৰৰে দুই ভাতৃৰ

August 25, 2026 8:27 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd