• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ-পূব ঔদ্যোগিক উন্নয়ন আঁচনিখন প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসমবাসীৰ বাবে ৰঙালী বিহুৰ আগতীয়া উপহাৰ : পাটোৱাৰী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 22, 2018 7:57 pm
22-03-18 Guwahati- Chandra Mohan Patowary PMT (5)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’ অসমে পুনৰ ভাৰত আৰু আছিয়ান দেশৰ সহযোগিতাৰ কেন্দ্ৰ হিচাপে নিজৰ স্থান লাভ কৰিছে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক্ট ইষ্ট নীতিক নতুন ৰূপ প্ৰদান কৰি আছিয়ান দেশসমূহৰ ক্ষেত্ৰত ইয়াৰ সফলতাক বাস্তৱ ৰূপ দিছে।’ আজি দিচপুৰ জনতা ভৱনত এখন সংবাদ মেলত এই মন্তব্য কৰে ৰাজ্য চৰকাৰৰ উদ্যোগ তথা পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে।

এই সন্দৰ্ভত তেওঁ এডভান্টেজ অসমৰ প্ৰসংগ দাঙি ধৰি কয়, ‘’অসম চৰকাৰে যোৱা ৩ আৰু ৪ ফেব্ৰুৱাৰিত ‘এডভান্টেজ আসাম’ শীৰ্ষক বিশ্ব বিনিয়োগ সন্মিলনৰ আয়োজন কৰি বৃহৎ সফলতা লাভ কৰিছে। এই সন্মিলনে বিশেষকৈ আছিয়ান আৰু বি বি এন দেশসমূহৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন বৃহৎ বাণিজ্যিক প্ৰতিষ্ঠান আৰু ৰাজনৈতিক নেতৃবৰ্গক আকৰ্ষণ কৰিছিল। আমি প্ৰায় ১ লাখ কোটি টকাৰ বিনিয়োগ প্ৰস্তাৱ লাভ কৰিছো।‘’

Apply Now

এক্ট ইষ্ট নীতিৰ মুল বিষয়বস্তু সন্দৰ্ভত পাটোৱাৰীয়ে কয়, ‘প্ৰতিটো উদ্যোগে এই নীতি তথা আঁচনিৰ অধীনত সৰ্বোচ্চ ২০০ কোটি টকা ৰাজসাহায্য লাভ কৰাৰ লগতে ৰেহাইয়ো লাভ কৰিব। লগতে ১ এপ্ৰিল ২০১৭ ৰ পৰা ৩১ মাৰ্চ ২০২০ চনৰ ভিতৰত পঞ্জীভুক্ত উদ্যোগ গোটে এই আঁচনিৰ সুফল লাভ কৰিব। এই সময়সীমাৰ ভিতৰত পঞ্জীকৃত উদ্যোগসমূহে ৫ বছৰৰ বাবে এই আঁচনিৰ অধীনত সাহায্য লাভ কৰিব।‘

আনহাতে, বিত্তীয় তথা পৰিবহন ক্ষেত্ৰৰ উদগণিৰ ক্ষেত্ৰত এই আঁচনিখনৰ ভূমিকা সন্দৰ্ভত তেওঁ মন্তৱ্য প্ৰকাশ কৰি কয়, ‘’বিত্তীয় উদগণি হিচাপে উদ্যোগসমূহে উৎপাদন আৰম্ভ হোৱা বৰ্ষৰ পৰা ৫৮ শতাংশ আয়কৰ ঘূৰাই পোৱাৰ উপৰিও ৫৮ শতাংশ চি জি এছ টি আৰু আই জি এছ টি ঘূৰাই পাব। লগতে পৰিবহনৰ ক্ষেত্ৰত পূৰ্বতে থকা স্থল পৰিবহনৰ বিপৰীতে ৰে’ল, জল পৰিবহন আৰু বিমান পৰিবহনৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হৈছে। ৰে’লৰ যোগেদি সামগ্ৰী পৰিবহনৰ বাবদ মুঠ ব্যয়ৰ ২০ শতাংশ সাহায্য, জল পৰিবহনৰ বাবদ ব্যয়ৰ ২০ শতাংশ সাহায্য আৰু এটা বিমান বন্দৰৰ পৰা আকাশমাৰ্গেৰে অন্য বিমান বন্দৰলৈ পৰিবহন ব্যয়ৰ বাবদ ৩৩ শতাংশ সাহায্য ধাৰ্য কৰা হৈছে।‘’

তদুপৰি, কাৰখানা গৃহ আৰু যন্ত্ৰপাতিত বিনিয়োগৰ ক্ষেত্ৰত প্ৰতি উদ্যোগ গোটক ৩০ শতাংশ ৰাজসাহায্যত সৰ্বোচ্চ ৫ কোটি টকা প্ৰদান কৰাৰ লগতে উৎপাদন আৰম্ভ হোৱা বৰ্ষৰ পৰা ৩ শতাংশ  হাৰত ৫ বছৰলৈ সুদৰ সাহায্য লাভ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উক্ত সংবাদ মেলত জানিবলৈ দিয়ে।

আনহাতে, তেওঁ কেন্দ্ৰীয় বীমা উদগণিমূলক সাহায্যৰ সন্দৰ্ভত কয়, ‘’উৎপাদন আৰম্ভ কৰা দিনৰে পৰা ৫ বছৰলৈ কাৰখানা গৃহ আৰু যন্ত্ৰপাতিৰ বাবদ জমা দিয়া ১০০ শতাংশ বীমা ঘুৰাই দিয়া হ’ব। তদুপৰি প্ৰধানমন্ত্ৰীৰ প্ৰোৎসাহন যোজনাৰ অধীনত ইপিএছত নিয়োগকৰ্তাক ৮.৩৩ শতাংশ অনুদান দিয়াৰ উপৰিও ৩.৬৭ শতাংশ ধন আগবঢ়োৱা হ’ব।‘’

তেওঁ লগতে কয়, ‘‘MSME উদ্যোগসমূহৰ বাবে কৰ্পাছ ফাণ্ড ৰখা হৈছে। লগতে বৃহৎ উদ্যোগৰ বাবে ১৫০ শতাংশ ৰাজসাহায্য ধাৰ্য কৰা হৈছে।‘’

তাৎপৰ্য্যপূৰ্ণভাৱে এই উন্নয়নমুখী আঁচনি নিবনুৱা যুবক-যুবতীসকলৰ নিয়োগৰ সুবিধা সৃষ্টি কৰাৰ বাবে সহায়ক হ’ব বুলি উদ্যোগ মন্ত্ৰী গৰাকীয়ে মন্তৱ্য কৰে। লগতে এই আঁচনিখন প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসমবাসীৰ বাবে বিহুৰ উপহাৰ বুলিও তেওঁ উল্লেখ কৰে।

আনহাতে, পাটোৱাৰীয়ে ধেমেলীয়াভাৱে  বিনিয়োগকাৰীসকলক মেকুৰীৰ সৈতে তুলনা কৰি কয়, ‘মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এডভান্টজ আসাম অনুষ্ঠিত কৰি মেকুৰীৰ ডিঙিত টিলিঙাটো ওলমাই দিলে। এতিয়া আমি গম পাম যে মেকুৰীটো কোনফালে গৈ আছে। হয়তো বিনিয়োগকাৰীসকলে ১ লাখ কোটি টকাৰ বিপৰীতে ২ লাখ কোটি টকাও ভবিষ্যতে বিনিয়োগ কৰিব পাৰে। সেয়া সময়ত গম পোৱা যাব।‘

উত্তৰ-পূবৰ সমূহ ৰাজ্যকে প্ৰধান মন্ত্ৰীৰ এই আঁচনিৰ সুযোগ গ্ৰহণ কৰাৰ বাবে তেওঁ আহ্বান জনায়।

তেওঁ লগতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৭-৮ মাহৰো অধিক সময় অবিৰত প্ৰচেষ্টাৰ ফলত এই আঁচনিখন ঘোষিত হ’ল আৰু ৫ খন শ্ৰেষ্ঠ উন্নত ৰাজ্যৰ ভিতৰত অসমক প্ৰতিষ্ঠিত কৰাৰ বাবে  মুখ্য মন্ত্ৰীয়ে প্ৰচেষ্টা অব্যাহত ৰখা বুলিও মন্তব্য কৰে।

এই নীতি গ্ৰহণ কৰাৰ আঁৰত থকা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী, মুখ্য মন্ত্ৰীকে কেন্দ্ৰ কৰি কেন্দ্ৰীয় মন্ত্ৰীসকল, ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকল, সাংসদ-বিধায়ক আৰু সংবাদ মাধ্যমক তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰে।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd