নতুন বিত্তীয় বৰ্ষৰ বাবে বাজেট দাখিলৰ আগে আগে পূৰ্বৰ বাজেটৰ সৰহভাগ কাম আৰম্ভই কৰিব নোৱাৰিলে বুলি বিভিন্ন পক্ষৰ পৰা সমালোচনাৰ সন্মুখীন হোৱা বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি এখন সংবাদমেল সম্বোধন কৰে। বিধানসভাৰ মজিয়াত কাইলৈ বাজেট দাখিলৰ পূৰ্বে বিত্ত মন্ত্ৰীজনে আজি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ বিগত বাজেটৰ কাম নাই হোৱা বুলি কোৱাটোৰ আঁৰত ৰাইজক বিপথে পৰিচালিত কৰাৰ উদ্দেশ্য থকা বুলি কয়।
‘’২০১৭-১৮ বৰ্ষৰ বাজেটৰ সৈতে আমি এটা কথা ঘোষণা কৰিছিলো যে এই বৰ্ষৰ বাজেটৰ লগত পূৰ্বৰ বাজেটৰ কিমান শতাংশ কাম ৰূপায়ণ হ’ল আৰু কিমান নহ’ল সেই বিষয়ে এখন খাতিয়ান দাঙি ধৰিম। লগতে ২০১৬-১৭ বাজেটত আমি কিমান সফল তথা বিফল তাৰো এক খাতিয়ান ৰখাৰ ব্যৱস্থা কৰিছো।‘’
বিত্তমন্ত্ৰীগৰাকীয়ে কয়, ‘’প্ৰথম বাৰৰ বাবে শিশুৰ বাবে বিশেষ আঁচনি বাজেটত উত্থাপন কৰা হ’ব। পূৰ্বৰ দৰেই জেণ্ডাৰ বাজেট, ফলশ্ৰুতি বাজেট (আউটকাম বাজেট)ৰ লগতে বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত কিমানখিনি আমি ৰূপায়ণ কৰিব পাৰিছোঁ তাৰ এখন পুস্তিকা বেলেগকৈ সংলগ্ন হৈ থাকিব।‘’
তদুপৰি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে, ‘’বাজেট প্ৰস্তুতকৰণৰ পূৰ্বে ১৭খন জিলাৰ ৪০খন শিক্ষানুষ্ঠানত আমি নিজে গৈ শিক্ষক-ছাত্ৰ ছাত্ৰীসকলৰ সৈতে আলোচনাত মিলিত হৈছিলো। ইয়াৰ পিছতে আমালৈ ১০০০ গৰাকী নাগৰিকৰ পৰা পৰামৰ্শ আহিছিল। সেই সমূহৰ ভিতৰত প্ৰধানকৈ গ্ৰাম্য উন্নয়ন, কৃত্ৰিম বানপানী, শিক্ষা ক্ষেত্ৰৰ সমস্যা, জি এছ টি, বিদ্যুতৰ সমস্যা ইত্যাদি বিষয়ৰ পৰামৰ্শ আমাৰ হাতত আহি পৰিছে। এই পৰামৰ্শসমূহৰো বাজেটত যথাযোগ্য স্থান দিয়া হৈছে।‘’
এই ক্ষেত্ৰত বাজেটখন প্ৰস্তুত কৰাৰ ক্ষেত্ৰত মুখ্য মন্ত্ৰীৰ লগতে নাগৰিকসকলৰো সিংহভাগ অৰিহণা থাকিব বুলি তেওঁ তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে।
লক্ষণীয় যে মন্ত্ৰীগৰাকীয়ে ই-বাজেট উত্থাপন কৰা হ’ব বুলি মন্তব্য কৰি কয়, ‘’আমি সকলো বিধায়ককে এটা এটা ম’বাইল টেবলেট দিম আৰু সেই টেবলেটতে সমগ্ৰ বাজেটখন অন্তৰ্ভুক্ত হৈ থাকিব। বাজেটত সোমাই থকা কথাবোৰ বিধায়কসকলে সুন্দৰভাৱে অধ্যয়ন কৰিবৰ বাবে এই ব্যৱস্থা আমি হাতত লৈছো। তেতিয়া বিধায়কসকলেও প্ৰশ্ন উত্থাপন কৰাৰ ক্ষেত্ৰত সুবিধা হ’ব।‘’
তদুপৰি ই-বাজেট প্ৰস্তুত কৰাৰ ক্ষেত্ৰত অসম দ্বিতীয় স্থানত বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। এই ক্ষেত্ৰত অন্ধ্ৰপ্ৰদেশ ভাৰতৰ ভিতৰতে প্ৰথমখন ৰাজ্য বুলি তেওঁ সদৰী কৰে।
লক্ষণীয় যে এইবাৰৰ বাজেটখন জনসাধাৰণে মোবাইলৰ গ’গল এপত পাব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
এই সন্দৰ্ভত তেওঁ কয়, ‘’অন্ধ্ৰপ্ৰদেশ প্ৰথম ৰাজ্য যদিও তাত কেৱল বিধায়কসকলেহে এই বাজেট লাভ কৰিছিল। কিন্তু অসমত প্ৰথমবাৰৰ বাবে এই সুবিধা প্ৰদান কৰা হৈছে যে তাৎক্ষণিকভাৱে বাজেটখন জনসাধাৰণে সহজতে মোবাইল এপৰ জৰিয়তে লাভ কৰিব পাৰিব।‘’
ইয়াৰোপৰি বাজেট ভাষণ চলি থকা সময়ত ফেচবুক আৰু টুইটাৰতো এই বাজেটখনৰ পোনপটীয়া সম্প্ৰচাৰ চলি থাকিব বুলি মন্ত্ৰীজনে ঘোষণা কৰে। অসমৰ বাহিৰত থকাসকলৰ বাবে এই পদক্ষেপ হাতত লোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। লগতে এয়া বিধানসভাৰ প্ৰথম প্ৰচেষ্টা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
আনহাতে অসমৰ আগশাৰীৰ পেপাৰসমূহৰ মাজতো বাজেটৰ কপিসমূহ ভৰাই দিয়া হ’ব যাতে গাঁৱে-ভূঞে পেপাৰ লোৱা মানুহসকলে বাজেটখন লাভ কৰিব পাৰে বুলি বিত্ত মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। সংবাদ মাধ্যমৰ সৈতে জড়িত সকলোকে এটা পেনড্ৰাইভৰ জৰিয়তে বাজেটখন দিয়াৰ কথা মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। লগতে ছপা আকাৰতো এই বাজেটখন থাকিব বুলি তেওঁ জানিবলৈ দিয়ে।
আনহাতে মন্ত্ৰীগৰাকীয়ে বিভিন্ন পক্ষই পূৰ্বৰ বাজেটখনক সমালোচনা কৰা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কয়, ‘’তেওঁলোকে অসমৰ জনসাধাৰণক বিপথে পৰিচালনা কৰাৰ প্ৰচেষ্টা কৰিছে। ৪৪ শতাংশ খৰচ হোৱাটো ২০১৮ চনৰ জানুৱাৰী মাহলৈকেহে সত্য আছিল। মাৰ্চ মাহতে আমাৰ ৭০০০ কোটি টকা খৰচ হৈছে। মই জনসাধাৰণক আশ্বাস দিছো যে বিগত বৰ্ষৰ দৰে ৬৫ শতাংশতকৈও অধিক টকা বিভিন্ন আঁচনিৰ নামত খৰচ কৰা হৈছে। কংগ্ৰেছ চৰকাৰৰ দহবছৰত খৰচ হোৱাৰ তুলনাত আমি ৫ বছৰতে তাতকৈ অধিক খৰচ কৰিম।‘’
তদুপৰি তেওঁ ২০১৭-১৮ বৰ্ষৰ বাজেটত সপ্তম দৰমহা আয়োগৰ অধীনত বকেয়া ধন মুকলি কৰাৰ ক্ষেত্ৰত বেছিকৈ ধন আবণ্টন কৰা হ’ল বুলি মন্তব্য কৰে।
তেওঁ কয়, ‘’চৰকাৰী কৰ্মচাৰীসকলক বকেয়া ধন দিয়াটো আমাৰ দ্বায়িত্ব আৰু কৰ্তব্য। আমি এবছৰতে এই আঁচনিৰ সফল ৰূপায়ণ কৰিছো।‘’
তদুপৰি সমালোচনা কৰাসকলে মন্ত্ৰীজনৰ নিজৰ বিভাগ স্বাস্থ্য আৰু শিক্ষা বিভাগত বেছিকৈ ধন আবণ্টন কৰা হয় বুলি কৰা মন্তব্য সন্দৰ্ভত তেওঁ কয় ‘’স্বাস্থ্য-শিক্ষা আৰু গৃহ এই তিনিটাই এখন চৰকাৰৰ প্ৰধান বিভাগ। শিক্ষাখণ্ডৰ সৈতে ৰাজ্যৰ ৫০ শতাংশ কৰ্মচাৰী, স্বাস্থ্যখণ্ডৰ সৈতে ২০ শতাংশ আৰু গৃহ বিভাগত ২০ শতাংশ কৰ্মচাৰী আছে। তাৰ পিছতহে পৰিবহণ, গড়কাপ্তানি বিভাগসমূহ আহি পৰে। গতিকে এই বিভাগসমূহত বেছিকৈ ধন আবণ্টন কৰাটো স্বাভাৱিক কথা।‘’
তদুপৰি মন্ত্ৰীজনে দাম্ভিকতাৰে কয়, ‘‘বিত্ত বিভাগৰ দ্বায়িত্বত মই আছো, প্ৰশ্ন কৰা বিধায়কজন নাই’’। লগতে তেওঁ এই তিনিটা বিভাগত ধন বেছিকৈ কিয় আবণ্টিত হয় বুলি প্ৰশ্ন কৰাসকল বিকৃত মানসিকতাৰ ব্যক্তি বুলি তুলুঙা মন্তব্য কৰে।
লক্ষণীয় যে মন্ত্ৰীগৰাকীয়ে এইবাৰৰ বাজেটখনৰ বিষয়বস্তু একত্ৰীকৰণ, সম্প্ৰসাৰণ আৰু উত্তৰণ বুলি মন্তব্য কৰে। লগতে অসমৰ ঘৰুৱা উৎপাদন ১৫ শতাংশলৈ বৃদ্ধি পাইছে সেই কথা কাইলৈৰ বাজেটত সকলোৱে গম পাব বুলি তেওঁ মন্তব্য কৰে।
আনহাতে উচ্চতৰ মাধ্যমিকৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাতৰি সন্দৰ্ভত তেওঁ কয়, ‘মই দয়ানন্দ বুঢ়াগোহাঁইৰ সৈতে ফোনযোগে আজি ৰাতিপুৱা কথা পাতিছিলোঁ। তেতিয়া তেওঁ ক’লে যে ৫০ শতাংশ প্ৰশ্ন আমি পাঠ্যপুথিৰ তলত থকা আৰ্হি প্ৰশ্নকাকতৰ পৰা প্ৰস্তুত কৰিছিলো। তেতিয়া মই অৱসৰপ্ৰাপ্ত ন্যায়াধীশ এগৰাকীৰ সৈতে বিষয়টো আলোচনা কৰি ৭ দিনৰ ভিতৰত এক তদন্ত কৰিবৰ বাবে তেখেতক আহ্বান জনাইছো।’