অসমৰ খিলঞ্জীয়া জনগনৰ একমাত্ৰ ৰক্ষাকৱচ হিচাপে বিবেচিত এনআৰচি সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰা আৰএছএছৰ নেতা শংকৰ দাসৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীক সৰ্বানন্দ সোণোৱালক ব্যৱস্থা গহণৰ দাবী জনাইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে।
আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে প্ৰদেশ কংগ্ৰেছে কয়— ‘১ এপ্ৰিলৰ দিনা আৰএছএছৰ নেতা শংকৰ দাসে এনআৰচি প্ৰক্ৰিয়া সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যৰ তীব্ৰ বিৰোধীতা কৰিছে কংগ্ৰেছে। এই বক্তব্যৰ আঁৰত চৰকাৰী পক্ষৰ গভীৰ ষড়যন্ত্ৰ থকাৰ সন্দেহ আছে’।
আনহাতে আৰএছএছ নেতাজনে বিতৰ্কিত মন্তব্য কৰি উচ্চতম ন্যায়ালয়কো অৱমাননা কৰা বুলি ক্ষোভ প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছে।
সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিজ্ঞপ্তিটোৰ জৰিয়তে কংগ্ৰেছে কয়— ‘কংগ্ৰেছৰ দিনতে আৰম্ভ হোৱা আৰু বৰ্তমানো দেশৰ উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্বাৱধানত সুচাৰু ৰূপে এনআৰচি উন্নীতকৰণৰ কাম আগবাঢ়িছে। তদুপৰি এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ নেতৃত্বত সমগ্ৰ ৰাজ্যতে এনআৰচিৰ লগত জড়িত বিষয়া-কৰ্মচাৰীসকলে অতি নিষ্ঠাৰে উন্নীতকৰণৰ কামত নিয়োজিত হৈ আছে। তেনে সময়তে শংকৰ দাসৰ মন্তব্য সন্দেহৰ ঊৰ্ধ্বত নহয়’।
তাৎপৰ্য্যপূৰ্ণভাবে বিজেপি আৰু আৰএছএছে এনআৰচি সঠিকভাৱে বিদেশীমুক্ত উন্নীতকৰণ হোৱাটো নিবিচাৰে বুলিও প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছে। বিজেপি আৰু আৰএছএছে ৰাজনৈতিক অভিষ্ট সাধনৰ বাবে অবৈধ বাংলাদেশীৰ ইচ্ছ্যুটো বাহাল ৰাখিব বিচাৰে বুলি অভিযোগ কৰে কংগ্ৰেছে।
তদুপৰি বিৰোধী দলটোৱে এনআৰচি উন্নীতকৰণত যদি কোনো বিদেশীৰ নাম অন্তৰ্ভুক্ত হৈছে তথা নথি-পত্ৰৰ জালিয়াতিৰে নাম অন্তৰ্ভুক্ত কৰাসকলক শীঘ্ৰে গ্ৰেপ্তাৰৰ বাবেও চৰকাৰ-প্ৰশাসনক দাবী জনায়।
আনহাতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি ৰোধ কৰাৰ বাবেও কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায়।
লক্ষণীয় যে যোৱা ১ এপ্ৰিলৰ দিনা প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৭৫.৮০ টকা আৰু ডিজেলৰ মূল্য ৬৭.৪০ টকা হয়।
জনসাধাৰণক আকাশলংঘী মূল্যবৃদ্ধি জাপি দিয়াটোৱে বিজেপি চৰকাৰৰ ‘অচ্ছে দিন’ৰ নমুনা নেকি বুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে প্ৰশ্ন কৰাৰ লগতে পেট্ৰ’ল ডিজেলৰ ওপৰত আৰোপিত আবকাৰী শুল্ক আৰু অন্যান্য কৰ হ্ৰাস কৰি মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবী জনায়।