“ডকমকা কাণ্ডৰ পিছত ছ’চিয়েল মিডিয়াত অপপ্ৰচাৰ কৰি থকাসকলৰ বিৰুদ্ধে যি ব্যৱস্থা লোৱা হৈছিল, ঠিক সেইদৰে এন আৰ চিৰ খচৰা প্ৰকাশৰ সময়তো যদি কোনোৱে ঘৃণা বিয়পোৱা প’ষ্ট অথবা গোষ্ঠীসংঘৰ্ষ প’ষ্ট শ্বেয়াৰ কৰে তেন্তে তেওঁলোকৰ বিৰুদ্ধে অতি কঠোৰ আইনগত ব্যৱস্থা লোৱা হ’ব।”
মঙলবাৰে সংবাদ মাধ্যমৰ আগত এইদৰে কয় আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই। ছ’চিয়েল মিডিয়াত সাম্প্ৰদায়িক মন্তব্য অথবা প’ষ্ট দিয়াসকলক এইদৰে সাৱধানবাণী শুনায় আৰক্ষী সঞ্চালক প্ৰধানজনে।
তেওঁ লগতে ৰাইজৰ জ্ঞাতাৰ্থে জনায় যে কোনো লোকে হোৱাটছ এপত সৰু সৰু গ্ৰুপ খুলি যদি সমাজত অনিষ্ট কৰিব পৰা কিবা প’ষ্ট কৰে অথবা ছ’চিয়েল মিডিয়াত সামাজিক অশান্তি সৃষ্টি কৰা প’ষ্ট শ্বেয়াৰ কৰে তেন্তে তেওঁলোকক ৰেহাই দিয়া নহ’ব।
এই দিশটো চম্ভালিব পৰাকৈ বিভিন্ন জিলাত গৈ জিলা প্ৰশাসনৰ বিষয়া তথা সুৰক্ষা বাহিনীৰ বিষয়াসকলৰ সৈতে ইতিমধ্যে আলোচনা কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।
“এন আৰ চিৰ দ্বিতীয় খচৰা প্ৰকাশৰ পিছত কোনো ধৰণৰ আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি নহয়। কাৰণ ইতিমধ্যে বহুতো অৰ্ধ সামৰিক বাহিনী নিয়োগ কৰা হৈছে। প্ৰয়োজন সাপেক্ষে জিলা প্ৰশাসনৰ বিষয়াই আমাক জনালে অতিৰিক্ত সামৰিক বাহিনীৰো ব্যৱস্থা কৰিম।” কুলধৰ শইকীয়াই কয়।
ইতিমধ্যে বিভিন্ন জনগোষ্ঠীৰ মাজত যাতে সদভাব আৰু ঐক্য অটুট থাকে তাৰ বাবে জিলা প্ৰশাসনৰ লোকসকল ঠায়ে ঠায়ে গৈ ৰাইজৰ লগত আলোচনা কৰিছে আৰু আইন যাতে কোনেও হাতত নলয়, সেই সম্পৰ্কে কোৱা হৈছে বুলি সংবাদ মাধ্যমক কুলধৰ শইকীয়াই জানিবলৈ দিয়ে
“কোনবোৰ এন আৰ চিৰ সেৱাকেন্দ্ৰ স্পৰ্শকাতৰ হ’ব বা নহ’ব সেইটো চিনাক্ত সময়ৰ লগত তালমিল ৰাখি কৰা হৈছে। গতিকে যিবোৰ অঞ্চল বেছি স্পৰ্শকাতৰ, সেইবোৰ অঞ্চলত অৰ্ধসামৰিক বাহিনীৰ সংখ্যা বঢ়াই দিয়া হ’ব আৰু যিবোৰ মধ্যমীয়া পৰ্য্যায়ৰ স্পৰ্শকাতৰ অঞ্চল সেইবোৰত কম সংখ্যক বাহিনী থাকিব। এনেধৰণে কিছুমান ক্ষেত্ৰভিত্তিক আঁচনি কিছুমান প্ৰস্তুত কৰা হৈছে।” এইদৰে কয় আঞ্চলিক সঞ্চালক প্ৰধানজনে।
আনহাতে, উচ্চতম ন্যায়ালয়ে হাজেলা আৰু তেওঁৰ পৰিয়ালৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া প্ৰসংগত কয়, “উচ্চতম ন্যায়ালয়ৰ ন্যায় মানি হাজেলাৰ নিৰাপত্তাৰক্ষীৰ ক্ষেত্ৰত আৰক্ষী আয়ুক্ত আৰু অতিৰিক্ত নিৰাপত্তা সঞ্চালক প্ৰধানক পুনৰীক্ষণ কৰিবৰ বাবে কোৱা হৈছে। হাজেলাক সম্প্ৰতি পাইলট, এছকৰ্ট বা গৃহৰক্ষী দিয়া আছে, তাৰ উপৰঞ্চি যদি নিৰাপত্তাৰ প্ৰয়োজন হয়, সেইখিনি পুনৰীক্ষণ কৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব।”
উল্লেখযোগ্য যে ২ জুলাইৰ শুনানিত উচ্চতম ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে ৰাজ্যিক সমন্বয়ক হাজেলা আৰু তেওঁৰ পৰিয়ালৰ নিৰাপত্তাৰ ক্ষেত্ৰত শংকা আছে নেকি বুলি সোধাত সমন্বয়কগৰাকীয়ে শংকাৰ পৰা মুক্ত নহয় বুলি জানিবলৈ দিছিল। তাৰ পিছতে ন্যায়ালয়ে হাজেলা আৰু তেওঁৰ পৰিয়ালৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছিল।