• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এ পি এছ চিৰ ‘ধনৰ বিনিময়ত চাকৰি’ৰ পুনৰাবৃত্তি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰীক্ষাত

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 30, 2018 11:18 pm
PRD
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুৰ্নীতিমুক্ত প্রশাসন চলোৱা বুলি অসম চৰকাৰে কৰি অহা বৰ বৰ দাবী গোকাট মিছা। অসমত এতিয়াও চলি আছে ‘ধনৰ বিনিময়ত চাকৰিৰ’ বেহা।

আগৰ চৰকাৰখনৰ দিনত সংঘটিত অসম লোকসেৱা আয়োগৰ ‘ধনৰ বিনিময়ত চাকৰি’ৰ কুখ্যাত কেলেংকাৰি ফাদিল হোৱাৰ পিছত, এইখন চৰকাৰৰ দিনতো পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ একাংশ বিষয়া একে ধৰণৰ এটা বৃহৎ কেলেংকাৰিত জড়িত হৈ থকা বুলি গম পোৱা গৈছে।

Apply Now

নৰ্থ-ইষ্ট নাও-ৰ এক বিশদ তদন্তই পোহৰলৈ আনিছে এই বিষয়াৰ চক্ৰটো, যি নিজৰ পদবীৰ ব্যৱহাৰ কৰি প্ৰভাৱশালী লোকৰ ঘনিষ্ঠ বা চাকৰিৰ বাবে ধন দিয়া বৃ্হৎ সংখ্যক প্ৰাৰ্থীৰ নিযুক্তি নিশ্চিত কৰিছে বিভাগটোত।

উল্লেখযোগ্য যে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ৯৪৫টা পদৰ বাবে ৰাজ্যজুৰি যোৱা ২০ মে’ত সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল। প্ৰায় ১.৮ লাখ প্ৰাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

অসম চৰকাৰে পৰীক্ষা পৰিচালনাৰ দায়িত্ব দিছিল ব্লুম ইলেক্ট্ৰনিকছ (Bloom Electronics) নামৰ দক্ষিণ ভাৰতৰ এটা কোম্পানিক। পৰৱৰ্তী সময়ত ব্লুমে গুৱাহাটীৰ এটা কোম্পানিক ৰাজ্যজুৰি এই পৰীক্ষা পৰিচালনাৰ দায়িত্ব দিয়ে।

কিন্তু পৰীক্ষাটো অনুষ্ঠিত কৰাত ব্যাপক খেলিমেলি হোৱা বুলি হৈ চৈ লাগিছিল। কোনোটো পৰীক্ষা কেন্দ্ৰত যদি পৰীক্ষাৰ প্ৰশ্নকাকতৰ নাটনি হৈছিল, কোনোটোত আকৌ প্ৰশ্নকাকত পলমকৈ পাইছিল। আন কিছুমান ঠাইত প্ৰশ্নকাকতৰ প্ৰশ্নবোৰ আগতেই ছ’চিয়েল মিডিয়া, বিশেষকৈ হোৱাটছএপৰ গ্ৰুপত আগতেই ফাদিল হৈ গৈছিল। আনকি বিতৰণৰ আগতে প্ৰশ্নকাকতৰ টোপোলাত ছীল মৰা হোৱা নাছিল।

তাৰ পিছতে ক্ষুভিত প্ৰাৰ্থীসকলে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰিছিল। যদিও বিভাগীয় মন্ত্ৰী নৱ দলেই পৰীক্ষা সুকলমে হোৱা বুলি দাবী কৰিছিল, পিছত চৰকাৰৰ নিৰ্দেশত ৰাজ্যৰ চোৰাংচোৱা বিভাগে ইয়াৰ এটা তদন্ত চলায়। আনহাতে বিষয়টো ন্যায়ালয় পোৱাত পৰীক্ষাটোৰ ফলাফল ঘোষণা নকৰিবলৈ নিৰ্দেশ দিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে।

কিন্তু নৰ্থ-ইষ্ট নাও-ৰ তদন্তত ফাদিল হৈছে যে গুৰুত্বপূৰ্ণ পৰীক্ষাটোৰ প্ৰশ্নকাকত প্ৰস্তুতিৰ পৰ্য্যায়তে সমগ্ৰ দুৰ্নীতিৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল। মন কৰিব লগীয়া যে অসম চৰকাৰে বিভাগটোৰ দায়িত্বৰ পৰা অতিৰিক্ত মুখ্য সচিব এম জি ভি কে ভানুক আঁতৰাই ঘটনাটো গাপ দিয়াৰ বাবে চেষ্টা কৰে।

কিন্তু ভানুৰ অপসাৰণেই বিষয়টোৰ সমাধান নে? বিষয়টোৱে পৰীক্ষা ব্যৱস্থাটোৰ নিখুঁততাৰ ওপৰতে এলানি প্ৰশ্নৰ অৱতাৰণা কৰিছে। প্ৰথমতে, প্ৰশ্নকাকত কটা লোকসকলক কিহৰ ভিত্তিত বাছনি কৰা হৈছিল? দ্বিতীয়তে, এই প্ৰশ্নকাকত যুগুতোৱা লোকসকল যে আন এটা ‘ধনৰ বিনিময়ত চাকৰি’ কেলেংকাৰিত জড়িত নহ’ব সেইটো কিদৰে নিশ্চিত কৰিছিল?

তৃতীয়তে, কিয় প্ৰশ্নসমূহ নিৰ্দিষ্ট তিনিটা ৱে’বছাইটৰ পৰা লোৱা হৈছিল? নৰ্থ-ইষ্ট নাও-ৰ তদন্তত পোৱা গৈছে যে প্ৰশ্নসমূহ www.onlinetyari.com, www.competoid.com আৰু www.brainly.in নামৰ ৱে’বছাইটকেইটাৰ পৰা কপি কৰা হৈছিল।

এইটো দেখাতেই প্ৰমাণ হয় যে ঘাইকৈ একাংশ প্ৰাৰ্থীৰ বাবে সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাটো সহজ কৰি তুলিবৰ বাবেই এই ৱে’বছাইট তিনিটাৰ পৰা প্ৰশ্নসমূহ কটা হৈছিল। কিন্তু বিষয়টো সন্দৰ্ভত মুখ খুলিব নোখোজে বিভাগটোৰ বিষয়াসকলে। যুটীয়া সঞ্চালক তথা পৰীক্ষাটোৰ নিয়ন্ত্ৰক এছ এ’ লস্কৰৰ সৈতে নৰ্থ-ইষ্ট নাও-এ যোগাযোগ কৰাত তেওঁ ব্লুম ইলেক্ট্ৰনিকছৰ স্থানীয় সহযোগীৰ নাম জনাবলৈ অস্বীকাৰ কৰে।

“বিষয়টোক লৈ মই একো ক’ব নোৱাৰো। আমাক নক’বলৈ কোৱা হৈছে,” বুলি মন্তব্য কৰি লস্কৰে আৰু কয়, “যদি আয়ুক্তই অনুমতি দিয়ে, তেন্তে এই বিষয়ত মই আপোনাক তথ্য দিব পাৰিম। আমি ব্লুম ইলেক্ট্ৰনিকছৰ কোনো কৰ্মচাৰীক চিনি নাপাওঁ। আমি তেওঁলোকৰ তামিলনাডুৰ কাৰ্য্যালয়ৰ লগত পোনপটীয়াকৈ যোগাযোগ কৰিছিলো।”

লস্কৰে কোম্পানিটোৰ কাকো চিনি নাপাওঁ বুলি কোৱাটো আশ্চৰ্য্যজনক।

কেইটামান নিৰ্দিষ্ট ৱে’বছাইটৰ পৰাহে কিয় এনেহেন গুৰুত্বপূৰ্ণ পৰীক্ষাটোৰ বাবে প্ৰশ্ন কটা হৈছিল জানিবলৈ বিচৰাত লস্কৰে এই সন্দৰ্ভত নিজৰ অজ্ঞতা প্ৰকাশ কৰে। যেতিয়া এই ৱে’বছাইটসমূহৰ পৰা লোৱা প্ৰশ্নসমূহৰ বিশদ তথ্য নৰ্থ-ইষ্ট নাও-ৰ হাতত আছে বুলি কোৱা হ’ল, তেতিয়া তেওঁৰ পৰা উত্তৰ পাবলৈ হ’লে আৰ টি আইৰ অধীনত আৱেদন কৰিবলৈ কয় যুটীয়া সঞ্চালকজনে।

“আমাৰ তদন্ত চলি আছে। আপুনি যদি কিবা জানিব খুজিছে, আৰ টি আই কৰক,” এয়ে আছিল তেওঁৰ উত্তৰ।

উল্লেখযোগ্য যে পৰীক্ষাটোৰ প্ৰশ্নকাকত ফাদিল কৰাৰ অভিযোগত ধুবুৰী আৰক্ষীয়ে যোৱা ২১ জুনত ২গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছিল।

এই অভিযুক্ত দুজন আছিল ক্ৰমে ৰূপালী সাহা আৰু চাবিৰা খাটুন আৰু এওঁলোকক এটা পৰীক্ষা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়াৰ অভিযোগ পাই গ্ৰেপ্তাৰ কৰা হৈছিল। চাবিৰা ধুবুৰী চহৰৰ বাসিন্দা হোৱাৰ বিপৰীতে ৰূপালী গোলকগঞ্জ চহৰৰ বাসিন্দা।

ধুবুৰী চহৰৰ বিদ্যাপাৰা ল’ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়াই আৰক্ষীক এই দুগৰাকী প্ৰাৰ্থীৰ সন্দেহজনক কাৰ্য্যকলাপ সম্বন্ধে জনাইছিল। অভিযোগ অনুসৰি এই দুগৰাকী প্ৰাৰ্থীয়ে পৰীক্ষা কেন্দ্ৰত ম’বাইল ফ’ন ব্যৱহাৰ কৰিছিল আৰু প্ৰশ্ন কাকতৰ ফট’ মাৰি পৰীক্ষা চলি থকা অৱস্থাতে হোৱাটছএপত বিয়পাই দিছিল।

এই সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ সংশ্লিষ্ট ধাৰাৰ অধীনত ধুবুৰী আৰক্ষী থানাত এটা গোচৰ (৬৪৬/ ২০১৮) ৰুজু কৰা হৈছিল।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

August 31, 2026 7:33 pm
উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

August 31, 2026 6:41 pm
‘তেওঁলোক সন্ন্যাসী নহয়, ৰাজনৈতিক উচ্চাকাংক্ষা থকাটো স্বাভাৱিক’: চিজেপিৰ নেতাসকলক লৈ সোনম ৱাংচুকৰ ডাঙৰ মন্তব্য

‘তেওঁলোক সন্ন্যাসী নহয়, ৰাজনৈতিক উচ্চাকাংক্ষা থকাটো স্বাভাৱিক’: চিজেপিৰ নেতাসকলক লৈ সোনম ৱাংচুকৰ ডাঙৰ মন্তব্য

August 31, 2026 5:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

August 31, 2026 7:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd