এ পি এছ চিৰ পৰীক্ষাত নিজৰ গিৰীয়েক কৌশিক কলিতাৰ উত্তৰবহী লিখি দি চাকৰি লাভ কৰোৱা ৰূপামণি কলিতাক তদন্তকাৰী আৰক্ষীয়ে জেৰাৰ বাবে তলব কৰিছে যদিও বিভিন্ন অজুহাতত তেওঁ এই পৰ্য্যন্ত আঁতৰি আছে।
মন কৰিব লগীয়া যে এ পি এছ চিৰ পৰীক্ষাত উত্তীৰ্ণ হৈ ২৬নং ভাৰতীয় সংৰক্ষতি বেটেলিয়নৰ ডি এছ পি হিচাপে নিযুক্তি লাভ কৰা কৌশিক কলিতা এ পি এছ চিৰ কেলেংকাৰিত অভিযুক্ত হৈ বৰ্তমান আৰক্ষীৰ জিম্মাত আছে। এই কেইদিনৰ জেৰাত কৌশিক কলিতাই বহু বিস্ফোৰক তথ্য প্ৰকাশ কৰা বুলি আৰক্ষীৰ সূত্ৰটোৱে প্ৰকাশ কৰিছে।
আনহাতে ৩১ মাৰ্চত কলিতাৰ হাতীগাৱঁৰ লখিমী নগৰস্থিত বাসগৃহত তালাচী চলাই তদন্তকাৰী আৰক্ষীয়ে বহু আপত্তিজনক নথি-পত্ৰ লাভ কৰা বুলি কয়, যিবোৰৰ ভিতৰত এ পি এছ চি পৰীক্ষাৰ প্ৰশ্নকাকতো আছে।
উল্লেখযোগ্য যে কলিতাই ২০১৩ চনৰ বেটছৰ পৰা ৰাজপত্ৰিত বিষয়া হিচাপে চাকৰি লাভ কৰিছিল। বৰ্তমান এই কুখ্যাত কেলেংকাৰিটোৰ মূল নায়ক হিচাপে কাৰাগাৰৰ ভাত খাই থকা অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশপালৰ সৌজন্যত কৌশিক কলিতাৰ হৈ উত্তৰবহী লিখিছিল তেওঁৰ পত্নী ৰূপামণি কলিতাই। এই কথা তদন্তত ইতিমধ্যে ফাদিল হৈছে। এই সন্দৰ্ভত ৰূপামণি কলিতাক জেৰা কৰিবলৈ বিচাৰি তদন্তকাৰী আৰক্ষীয়ে ৩১ মাৰ্চত তেওঁক কিহিলিপাৰাস্থিত বিশেষ শাখাত উপস্থিত হোৱাৰ নিৰ্দেশ দিছিল। কিন্তু ৰূপামণি কলিতাই বঙাইগাৱঁৰ পৰা আহি থাকোতে ৰাস্তাতে গাড়ী বেয়া হোৱা বুলি খবৰ দি উক্ত তাৰিখত উপস্থিত থকাৰ পৰা বিৰত থাকে।
আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে শেহতীয়াকৈ গ্ৰেপ্তাৰ কৰা ৬ ৰাজপত্ৰিত বিষয়াৰ জেৰাৰ পৰা বহু গুৰুত্বপূৰ্ণ তথ্য পোৱা গৈছে, যিবোৰে কেলেংকাৰিটোৰ আন বহুতো নতুন দিশৰ উন্মোচন ঘটাব পাৰে।