নিৰ্বাচনী বিপৰ্য্যয় চলি থকাৰ মাজতে কংগ্ৰেছ দলটোক দলত চলি থকা অভ্যন্তৰীণ বিবাদেও ভিতৰি জুৰুলা কৰিছে। অলপতে পাৰ হৈ যোৱা অনিল ৰাজাৰ ধুমুহাৰ পিছত দলটোৰ দুই নেতা ৰকিবুল হুচেইন আৰু দুলু আহমেদৰ মাজৰ আন এক বাকযুদ্ধই এই কথা অধিক উদঙাই দিলে।
জানিব পৰা মতে অনিল ৰাজাৰ সমৰ্থক কিছুমান কংগ্ৰেছ কৰ্মীয়ে ৰকিবুল হুচেইনৰ বিৰুদ্ধে প্ৰতিবাদ জনাবলৈ মুণ্ডন কৰিছিল।
হাজোত হোৱা এই মুণ্ডন কাৰ্য্যৰ প্ৰতিক্ৰিয়া স্বৰূপে ৰকিবুল হুচেইনে মন্তব্য কৰিছিল এইদৰে, ‘এই কাৰ্য্য যিসকলে কৰিছে, তেওঁলোক প্ৰকৃত কংগ্ৰেছকৰ্মী হ’ব নোৱাৰে। এইটো কংগ্ৰেছৰ সংস্কৃতি নহয়। লগতে হাজো হ’ল চহকী পৰম্পৰাৰ ঠাই। সেই ঠাইৰ মানুহে এনেকুৱা কাম কৰিছে বুলি মই বিশ্বাস নকৰো।’
ৰকিবুলৰ এই মন্তব্যৰ সমালোচনা কৰি দলটোৰ আন এজন উল্লেখযোগ্য নেতা হাজোৰ দুলু আহমেদে কয়, ‘এইটো লাজৰ কথা যে ৰকিবুলে তেওঁৰ নিজৰ দলৰ মানুহক অৱজ্ঞা কৰিছে। তেওঁ কেৱল চামগুৰিতহে কংগ্ৰেছৰ মানুহ আছে বুলি ভাবে। তেওঁ আমাক হাজোৰ সংস্কৃতি আৰু পৰম্পৰাৰ বিষয়ে সোঁৱৰাই দিব নালাগে। তেওঁ কেতিয়াও হাজোত হোৱা কোনো দলীয় সভাতে উপস্থিত নাছিল। তেওঁ কেনেকৈ জানিব কোন দলৰ আৰু কোন দলৰ নহয়? কালি যিসকলে মুণ্ডন কৰিছিল তেওঁলোক কংগ্ৰেছৰ সক্ৰিয় সদস্য আৰু তেওঁৰ যদি কিবা সন্দেহ আছে মোৰ পৰা প্ৰমাণ বিচাৰক।’
তাৎপৰ্য্যপূৰ্ণভাৱে কালি প্ৰতিবাদ স্বৰূপে মুণ্ডন কৰাসকলৰ পৰিচয় সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছৰ কোনো সঠিক তথ্য নাই। অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য্যই কয়, ‘তেওঁলোক দলৰ প্ৰকৃত কৰ্মী নে কংগ্ৰেছৰ অভ্যন্তৰীণ শৃংখলাত আউল লগাবলৈ চেষ্টা কৰা কোনোবা উদণ্ড সেইটো আমি জানিবলৈ এতিয়াও বাকী আছে। দলটোৱে এই সন্দৰ্ভত এটা তদন্ত কৰিব।’
উল্লেখযোগ্য যে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুচেইনৰ বিৰুদ্ধে মন্ত্ৰিত্বৰ কালত দুৰ্নীতিৰে ধন আহৰণৰ তথ্য ৰাজহুৱা কৰি অনিল ৰাজা নামৰ কংগ্ৰেছ নেতাজনে চাঞ্চল্যৰ সৃষ্টি কৰিছিল দুদিনমানৰ পূৰ্বে। পিছত দলীয় ভাবমূৰ্তি বিনষ্ট কৰাৰ অভিযোগত তেওঁক অসম প্ৰদেশ কংগ্ৰেছে নিলম্বন কৰিছিল।