কলিয়াবৰৰ কুঠৰীৰ ন-জান-ন বস্তিত এগৰাকী বৃদ্ধই ৮ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন চলোৱা বৃদ্ধক জখলাবন্ধা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত এই লম্পট বৃদ্ধক ৰফিক বেপাৰী(৬৫) বুলি চিনাক্ত কৰা হৈছে।
উল্লেখযোগ্য যে চাৰিদিন পূৰ্বেই ৰফিকে ঘৰৰ সমীপৰ কণমানি কিশোৰী গৰাকীক যৌন নিৰ্যাতন চলাইছিল। ফলত ৰফিকৰ কু-কৰ্মৰ বিষয়ে কিশোৰী গৰাকীয়ে ৰফিকৰ পত্নীক জনাইছিল যদিও ৰফিক আৰু ৰফিকৰ পত্নীয়ে এই ঘটনা গাপ দিবৰ বাবে কিশোৰী গৰাকীৰ আগত হেঁচা প্ৰদান কৰে।
ফলত কিশোৰী গৰাকীয়ে পৰিয়ালৰ লোকৰ আগত দেওবাৰে ৰফিকৰ কু-কৰ্মৰ বিষয়ে অৱগত কৰে। আৰু লগে লগে কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে বাগৰি আৰক্ষী চকীত এজাহাৰ দাখিল কৰে।
আনহাতে এই ঘটনাটো গাপ দিবলৈ কিশোৰীৰ পৰিয়ালক বাৰম্বাৰ ভাবুকী দিয়ে লম্পট বৃদ্ধ ৰফিক বেপাৰীৰ জোঁৱায়েক মজিবুৰ ৰহমানে।
কিন্তু এসময়ত কাজিৰঙাৰ গঁড় হত্যাত জড়িত তথা বৰ্তমান অবৈধ শিল ব্যৱসায়ী মজিবুৰ ৰহমানে দিয়া ভাবুকিক আওকান কৰি দাখিল কৰা এজাহাৰৰ ভিত্তিত বাগৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বনমাফিয়া মজিবুৰ ৰহমানৰ শহুৰ ৰফিক বেপাৰী নামৰ লম্পটটোক।
ইফালে বাগৰী আৰক্ষীয়ে ধৃত লম্পট ৰফিক বেপাৰীক পৰৱৰ্তী সময়ত জখলাবন্ধা আৰক্ষী থানালৈ প্ৰেৰণ কৰে। ইতিমধ্যে তদন্ত আৰাম্ভ কৰা জখলাবন্ধা আৰক্ষীয়ে ভুক্তভোগী কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰিছে।