দেওবাৰে কাজিৰঙাৰ আগৰতলিত বন্যপ্ৰাণীৰ অকৰ্মণ্যতা তথা অসাৱধনাতৰ ফলত দুটা গঁড়ে কাজৰিঙালৈ অহা একাংশ পৰ্যটকক আক্ৰমণ কৰে।
প্ৰাপ্ত তথ্য মতে পৰ্যটকৰ গ্ৰুপটোক গঁড় দুটাই আকস্মিকভাৱে আক্ৰমণ কৰাত পৰ্যটকৰ দলটো আতংকিত হৈ পৰে। আনহাতে কাজিৰঙাৰ বন বিভাগৰ সৰুক্ষা কৰ্মীয়ে পৰ্যটকৰ দলটোক গঁড়ৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে .৩০৩ ৰাইফলেৰে শূন্যলৈ গুলী চালনা কৰে।
আনহাতে বন কৰ্মীয়ে চলোৱা গুলীৰ শব্দ শুনি উক্ত গঁড়কেইটাই আক্ৰমাণাত্মক ৰূপ ধাৰণ কৰি পৰ্যটকৰ ফালে আক্ৰমণৰ বাবে চোঁচা লয়। অৱশ্যে ঘটনাটোত কোনো গুৰুতৰপূৰ্ণভাৱে আঘাতপ্ৰাপ্ত হোৱা নাই বুলি জানিব পৰা গৈছে।
স্থানীয় একাংশ লোকে উল্লেখ কৰা মতে ৰাষ্ট্ৰীয় উদ্যানখনত পৰ্যটকৰ সুৰক্ষাৰ বাবে উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। স্থানীয় লোকৰ মতে বন্যপ্ৰাণীৰ আক্ৰমণৰ পৰা পৰ্যটকক সুৰক্ষা দিবৰ বাবে পুৰণিকলীয়া .৩০৩ ৰাইফলেই পৰ্যাপ্ত নহয়।