কাৰ্বি আংলঙৰ ৰাজপথত সংঘটিত এটা কৰুণ পথ দুৰ্ঘটনাত চাৰিজন লোকে মৃত্যুক আকোৱালি ল’বলগীয়া হয়। স্বাভাৱিকতে এই দুৰ্ঘটনাৰ ফলত কাৰ্বি আংলং অঞ্চলত শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে।
কাৰ্বি আংলং জিলাৰ খটখটী আৰক্ষী থানাৰ অন্তৰ্গত খটখটীত বৃহস্পতিবাৰে আবেলি প্ৰায় ৪ মান বজাত এই কৰুণ দুৰ্ঘটনাটো সংঘটিত হয়। এখন তীব্ৰ বেগী টেংকাৰে অট’ ৰিক্সা এখনক খুন্দিওৱাৰ ফলত চাৰিজন লোকে থিতাতে প্ৰাণ হেৰুৱাবলগীয়া হয়।
জানিব পৰা মতে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে তীব্ৰ বেগেৰে অহা NL 01 A 1636 নম্বৰৰ টেংকাৰ গাড়ীখনৰ বিপৰীত দিশৰ পৰা আহি থকা AS 09 AC 0832 নম্বৰৰ অট’ ৰিক্সাখনৰ লগত সংঘৰ্ষ হোৱাত উক্ত কৰুণ দুৰ্ঘটনাতো সংঘটিত হ’বলৈ পায়।
দুৰ্ঘটনাটোত অট’ ৰিক্সাখনৰ তিনিগৰাকী যাত্ৰীৰ লগতে চালকজন মৃত্যুমুখত পৰে।
দুৰ্ঘটনাটোত নিহত হোৱা লোককেইজন ক্ৰমে বীৰেন সিং ইংতি(২৫), প্ৰদীপ চাংমা(৪৭), মেমছা দেৱী আৰু মাক্ৰী হেনছপী(৪৫) বুলি চিনাক্ত কৰা হৈছে।
উল্লেখ্য যে বৰ্তমান ৰাজ্যৰ ঘাইপথসমূহত কোনো আইন নমনাকে তথা তীব্ৰবেগেৰে বাহন চলোৱাৰ ফলত দুৰ্ঘটনাজনিত সমস্যা দুগুণে বৃদ্ধি পোৱাৰ লগতে ঘাইপথ সমূহ মৃত্যুৰ পথলৈ পৰিগণিত হোৱা পৰিলক্ষিত হৈছে।