কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক ড০ জি ভি ছেৱা প্ৰসাদে জিলাখনৰ আৰক্ষী, বন বিভাগ আৰু গড়কপ্তানি বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে নাগালেণ্ড সীমান্তৰ কাৰ্বি আংলঙৰ পশ্চিম বন সংমণ্ডলৰ অধীনৰ দলদলি সংৰক্ষিত বনাঞ্চলৰ ভিতৰত থকা দুটা স্থান পৰিদৰ্শন কৰে। ইয়াতেই বনবিভাগৰ দুটা নতুন বীট অ’ফিচ স্থাপন কৰা হ’ব।
দলদলি সংৰক্ষিত বনাঞ্চলৰ অধীনত নতুনকৈ স্থাপন হ’বলগীয়া বীট অ’ফিচ দুটাৰ এটা স্থাপন কৰা হ’ব টেংনাংলাংছু ১৬ খুটিত আৰু আনটো হ’ব তৰাই বাৰী খাচীৰামত।
এই নতুন বীট অ’ফিচ দুটা স্থাপন কৰিব ৰাজ্যৰ বন বিভাগে। নাগালেণ্ডৰ সীমান্ত অঞ্চলত থকা বনাঞ্চলৰ সুৰক্ষা শক্তিশালী কৰাৰ লক্ষ্যৰে বীট অ’ফিচ দুটা স্থাপনৰ সিদ্ধান্ত লোৱা হৈছে।
উক্ত সীমান্ত অঞ্চলেৰে নাগালেণ্ডৰ স্থানীয় লোকসকলে নিৰ্বিঘ্নে প্ৰৱেশ কৰি বনাঞ্চলৰ ক্ষতিসাধন কৰাৰ প্ৰতি দৃষ্টি ৰাখি এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
অসমত বনাঞ্চলসমূহ সংৰক্ষণৰ দিশত বনমন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই বিশেষ ব্যৱস্থা গ্ৰহণৰ কথা অলপতে প্ৰকাশ কৰিছিল। বিশেষকৈ সৰু সৰু বনাঞ্চলসমূহৰ সংৰক্ষণৰ জৰিয়তে পৰিৱেশ ৰক্ষাৰ লগতে বন্যপ্ৰাণীসমূহৰ সুৰক্ষা নিশ্চিত কৰাৰ বিষয়েও তেওঁ গুৰুত্ব আৰোপ কৰিছিল।