কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাঙে আজি জিলাখনৰ বৰজান আৰু বোকাজানত কেইবাটাও উন্নয়নমূলক আঁচনি আনুষ্ঠানিকভাৱে মুকলি কৰে। মুখ্য কাৰ্য্যবাহীজনে বোকাজানত অসম-নাগালেণ্ড সীমান্তৰ হিদিপি বজাৰ-লাহৰীজান সংযোগী এটা ১১ কিলোমিটাৰ দৈৰ্ঘ্যৰ গড়কাপ্তানী পথৰ আধাৰশিলা স্থাপন কৰে। পথটো প্ৰায় ৫ কোটি টকাৰে নিৰ্মাণ কৰা হ’ব বুলি জানিব পৰা গৈছে। বোকাজানৰে আন তিনি ঠাইত তিনিটা গড়কাপ্তানী পথৰ আধাৰশিলাও স্থাপন কৰা হয়। উক্ত পথকেইটা হৈছে বোকাজান চহৰক ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সংযোগ কৰা ২.১ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা পথ, ডেৰ কিলোমিটাৰ দৈৰ্ঘৰ তিংলিজানক ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সংযোগ কৰা পথ আৰু লাহৰীজান দেওবৰীয়া বজাৰক ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সংযোগ কৰা ২ কিলোমিটাৰৰ পথ। এইকেইটা পথৰ আনুমানিক নিৰ্মাণ ব্যয় ৪.৫ কোটি টকা হ’ব বুলি সূত্ৰটোৱে কয়।
আজিৰ কাৰ্য্যসূচীবোৰত মুখ্য কাৰ্যবাহীজনৰ সৈতে কাৰ্বি আংলং স্বায়ত্তপৰিষদৰ অধ্যক্ষ হৰেনচিং বেই, বিধায়ক ড০ নোমল মমিন, কাৰ্যবাহী সদস্য মাধুৰ্য্য ঢেকিয়াল ফুকন, কাৰ্যবাহী সদস্য জগতচিং ইংতিৰ লগতে কেইবাজনো সদস্য-প্ৰতিনিধি আছিল।
অনুষ্ঠানত অংশ গ্ৰহণ কৰাৰ সময়ত সংবাদ মাধ্যমৰ লোকৰ সৈতে মত বিনিময় কৰি মুখ্য কাৰ্য্যবাহীজনে আঁচনিকেইখনৰ বাবে উদ্যোগ লোৱা বাবে কাৰ্যবাহী সদস্য মাধুৰ্য্য ঢেকিয়াল ফুকনৰ শলাগ লয়। তেওঁ লগতে কয় যে এই আঁচনিবোৰে বোকাজান অঞ্চলটোৰ লোকসকলৰ কল্যাণ সাধিব। তেওঁ পাহাৰীয়া জিলাখনৰ সকলো জনগোষ্ঠীৰে উন্নয়নৰ বাবে কাম কৰাৰ সংকল্প প্ৰকাশ কৰে।
মুখ্য কাৰ্য্যবাহীজনে স্বায়ত্ত শাসিত ৰাজ্য সন্দৰ্ভত কয় যে সুকীয়া ৰাজ্যৰ দাবী জিলাখনৰ জনগোষ্ঠীয় লোকসকলৰ এটা ন্যায্য দাবী। তেওঁ লগতে এই সন্দৰ্ভত বিজেপিৰ চৰকাৰখনৰ ওপৰত আস্থা প্ৰকাশ কৰি চৰকাৰখনে এটা ইতিবাচক ৰাজনৈতিক সমাধান আগ বঢ়াব বুলি মত প্ৰকাশ কৰে।