কেইবা দশকো পুৰণি আলফা সমস্যাটোৰ শান্তিপূর্ণ সমাধানৰ বাবে সম্পূর্ণৰূপে সাজু আলফা (স্বা)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা ৷ ভাৰত চৰকাৰৰ লগত আলোচনাৰ মাধ্যমেৰে বিষয়টোৰ স্থায়ী নিষ্পত্তি বিচাৰিছে পৰেশ বৰুৱাই।
কিন্তু আলফা (স্বাধীন)ৰ আদর্শৰ ভিতৰত মুখ্য সেনাধ্যক্ষজনৰ আলোচনাৰ প্রতি সম্পূর্ণ সদিচছা থকাৰ পাছতো আৰু আলোচনাৰ প্রক্রিয়াটো বহু দূৰ আগবাঢ়ি যোৱাৰ পাছতো ৰাজ্যৰ একাংশ আৰক্ষী বিষয়া, একাংশ আলোচনীপন্থী নেতা আৰু চোৰাংচোৱাৰ বিধি-পথালিৰ বাবেই আজিও ফলপ্রসু হৈ উঠা নাই বিষয়টো।
কিয়নো উপৰিউক্ত মহলে আলফা (স্বা) আৰু ভাৰত চৰকাৰ আলোচনা নিবিচাৰে। এওঁলোকে মাত্র বিচাৰে সমস্যাটো দীর্ঘকালৰ বাবে জীয়াই থকাটো৷ যি সময়ত আলফা (স্বা) আৰু ভাৰত চৰকাৰৰ মাজত প্রস্তাৱিত আলোচনাৰ বাবেই পিচিজিৰ সদস্য তথা পৰেশ বৰুৱাৰ ঘনিষ্ঠ বন্ধু ৰেৱতী ফুকন সন্ধানহীন হৈছে বুলি ব্যাপক চৰ্চা চলিছে আৰু সমগ্র বিষয়টোৱে ৰাজ্যৰ ৰাজনীতিও উত্তাল কৰি তুলিছে, সেই সময়তে এই বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে খোদ পৰেশ বৰুৱাই৷
‘একাংশ আৰক্ষী বিষয়া আৰু চোৰাংচোৱাই আলফা সমস্যাটোৰ সমাধান এই কাৰণেই নিবিচাৰে যে ইহঁতে উগ্রপন্থী সমস্যা সমাধানৰ নামত বছৰি বছৰি কোটি কোটি টকা লুটি থকাৰ বাট বন্ধ হৈ পৰিব৷ বিগত চল্লিশ বছৰে উগ্রপন্থী সমস্যাৰ নামত হাজাৰ হাজাৰ কোটি টকাৰ লুণ্ঠন চলিছে, যি ধন একাউণ্টেব’ল নহয়৷’
এইদৰেই দীর্ঘদিনীয়া নীৰৱতা ভংগ কৰি নিজৰ উষ্মা প্রকাশ কৰাৰ লগতে আলোচনাৰ প্রক্রিয়াৰ প্রতি থকা তেওঁৰ সদিচছা ব্যক্ত কৰে মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই৷ বৃহস্পতিবাৰে ৰাজ্যখনৰ এখন প্ৰতিষ্ঠিত তথা আগশাৰীৰ বাতৰি কাকত ‘দৈনিক জনমভূমি’ৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপযোগে আন বহুকেইটা বিষয়ত নিজৰ মত প্রকাশ কৰি একাধিক বিস্ফোৰক মন্তব্য কৰে আলফাৰ মুখ্য সেনাধ্যক্ষজনে৷
উল্লেখযোগ্য যে বর্তমানেও নিখোজ হৈ থকা ৰেৱতী ফুকনে পৰেশ বৰুৱাক আলোচনাৰ টেবুলত বহুৱাই আলফা সমস্যাৰ এক স্থায়ী, ফলপ্রসু আৰু শান্তিপূর্ণ সমাধানৰ বাবে এক অভিনৱ সমাধান সূত্র প্রস্তুত কৰি উলিয়াইছিল আৰু কেন্দ্রীয় চৰকাৰৰ গুৰুত্বত এই প্রক্রিয়া বহু পৰিমাণে আগবাঢ়িছিল৷
জানিব পৰা মতে, ফুকনে ইতিমধ্যেই কেন্দ্রীয় চৰকাৰৰ গুৰুত্বপূর্ণ বিষয়া আৰ এন ৰবিৰ লগত কেইবালানিও আলোচনা সম্পূর্ণ কৰিছিল৷
এনে সময়তে ৰেৱতী ফুকনৰ অপহৰণ ৰহস্যপূৰ্ণ হিচাপে বিবেচিত হৈছে৷ এই অপহৰণ কাণ্ড সন্দৰ্ভত মন্তব্য কৰি পৰেশ বৰুৱাই কয়— ‘ৰেৱতী ফুকনৰ অপহৰণত আৰক্ষীৰ একাংশ শীর্ষ বিষয়া, কেন্দ্রীয় চৰকাৰৰ চোৰাংচোৱা সংস্থা আৰু একাংশ আলোচনাপন্থী আলফা জড়িত হৈ আছে৷ কাৰণ আলফা-চৰকাৰৰ আলোচনা নহ’লে এওঁলোকৰে লাভ আটাইতকৈ বেছি হ’ব৷’