এসময়ত সৰ্বভাৰতীয় পৰ্যায়ত শিশুৰ মৃত্যুৰ হাৰ দেশৰ ভিতৰতে সৰ্বাধিক আছিল যদিও বৰ্তমান মৃত্যুৰ হাৰ হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। কেন্দ্ৰই প্ৰকাশ কৰা এক তথ্য অনুসৰি সদ্যোজাত, পাঁচ বছৰৰ তলৰ কেঁচুৱাৰ মৃত্যুৰ হাৰ, শিশুৰ মৃত্যুৰ হাৰ, জন্মৰ আগে পিছে মৃত্যু ঘটা সদ্যোজাতৰ হাৰৰ দিশেৰে অসমে যথেষ্ট উন্নতি লাভ কৰিছে। প্ৰকাশ পোৱা তথ্য অনুসৰি ২০১৬ চনত অসমৰ শিশুৰ মৃত্যু হাৰ আছিল ২৩ পইণ্ট। ইয়াৰ বিপৰীতে সৰ্বভাৰতীয় পৰ্যায়ত এই হাৰ হ’ল ২৪ পইণ্ট।
উল্লেখযোগ্য যে যোৱা তিনিবছৰৰ ভিতৰত এই হাৰ অসমত ৩ পইণ্ট হ্ৰাস পোৱাৰ বিপৰীতে সৰ্বভাৰতীয় পৰ্যায়ত ৪ পইণ্ট হ্ৰাস পাইছে। তদুপৰি পাঁচবছৰৰ তলৰ শিশুৰ মৃত্যুৰ হাৰ সৰ্বভাৰতীয় পৰ্যায়ত ১০ পইণ্টৰ বিপৰীতে অসমত ২১ পইণ্ট হ্ৰাস পাইছে। অৰ্থাৎ সৰ্বভাৰতীয় পৰ্যায়ত ৩৯ পইণ্টলৈ এই হাৰ হ্ৰাস পোৱাৰ বিপৰীতে অসমত অৱনমিত হৈছে ৫২ পইণ্টলৈ। একেদৰে কেঁচুৱাৰ মৃত্যুৰ হাৰ সৰ্বভাৰতীয় পৰ্যায়ত ৬ পইণ্টৰ বিপৰীতে অসমত ১০ পইণ্ট হ্ৰাস পাইছে। সৰ্বভাৰতীয় পৰ্যায়ত ৩৪ পইণ্টলৈ এই হাৰহ্ৰাস পোৱাৰ বিপৰীতে অসমত অৱনমিত হৈছে ৪৪ পইণ্টলৈ। আনহাতে জন্মৰ পোৱাৰ আগত বা পিছৰ সময়ছোৱাত মৃত্যু ঘটা নৱজাতকৰ সংখ্যাও অসমত ৮ পইণ্টলৈ হ্ৰাস পোৱাৰ বিপৰীতে সৰ্বভাৰতীয় পৰ্যায়ত এই হাৰ মাথোঁ তিনি পইণ্টহে হ্ৰাস পাইছে। ২০১৬ বৰ্ষত সৰ্বভাৰতীয় পৰ্যায়ত ২৩ পইণ্টলৈ এই হাৰ হ্ৰাস পোৱাৰ বিপৰীতে অসমত অৱনমিত হৈছে ২০ পইণ্টলৈ।
মনকৰিবলগীয়া যে ৰাষ্ট্ৰীয় স্তৰত অসমৰ স্বাস্থ্য খণ্ডই দেখুওৱা এনে চমকপ্ৰদ সফলতাৰ বাবে অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা স্বাভাৱিকতে উৎফুল্লিত হোৱা দেখা গৈছে। তথ্য প্ৰকাশ পোৱাৰ পিছত সংবাদিকৰ আগত শৰ্মাই কয় যে ব্যক্তিগতভাবে এই পৰিসংখ্যা দেখি তেওঁ গৰ্বিত অনুভৱ কৰিছে। অৱশ্যে এই সফলতা পৰ্যাপ্ত নহয় বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰি কয় যে স্বাস্থ্য বিভাগত এতিয়াও কৰণীয় বহু আছে। লগতে ভৱিষ্যতত এনে পৰিসংখ্যা আৰু অধিক উন্নত কৰাৰ বাবে অসম চৰকাৰ বদ্ধ পৰিকৰ বুলিও কয়।