কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম উপস্বাস্থ্য কেন্দ্ৰৰ আৱাস গৃহত দীৰ্ঘদিনৰ পৰা নাৰীদেহৰ ব্যৱসায় চলি অহা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি আহিছিল। অৱশেষত বৃহস্পতিবাৰে আৰক্ষীয়ে উপ-স্বাস্থ্য কেন্দ্ৰটোৰ আৱাস গৃহত অভিযান চলাই আৱাস গৃহটো ছীল কৰে।
উল্লেখযোগ্য যে ফকিৰাগ্ৰাম উপস্বাস্থ্য কেন্দ্ৰৰ পৰিচালনা সমিতিৰ সহযোগত আৰক্ষীয়ে ফকিৰাগ্ৰাম উপ-স্বাস্থ্য কেন্দ্ৰৰ ২২ নং আৱাসগৃহত চলি থকা অবৈধ নাৰী দেহৰ ব্যৱসায় উৎখাত কৰে।
প্ৰাপ্ত তথ্য মতে মনোৱাৰ ৰহমান নামৰ এজন এম্বুলেন্স চালকে উপস্বাস্থ্য কেন্দ্ৰটোৰ ২২নং আৱাসগৃহটো দীৰ্ঘদিন ধৰি অবৈধভাৱে দখল কৰি মদ, জুৱা আৰু নাৰী দেহৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল।
আনহাতে মনোৱাৰ ৰহমানৰ এই দুষ্কাৰ্যৰ বিষয়ে উপস্বাস্থ্য কেন্দ্ৰটোৰ পৰিচালনা সমিতি আৰু আৰক্ষীয়ে অৱগত হোৱাৰ পিছতো এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল। অৱশেষত এই বিষয়ে একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাছতেই আৰক্ষীয়ে উপ-স্বাস্থ্য কেন্দ্ৰটোৰ আৱাস গৃহত অভিযান চলাই নাৰী দেহ ব্যৱসায় উৎখাত কৰাৰ লগতে আৱাস গৃহটো তলা লগাই দিয়ে। অৱশ্যে আৰক্ষীৰ আগতীয়া উমান পাই মনোৱাৰ ৰহমান উক্ত স্থানৰ পৰা পলাই সাৰিবলৈ সক্ষম হয়।