প্ৰায় দুদিন পূৰ্বে গুৱাহাটীৰ পৰা পলাই যোৱা বুলি সন্দেহ কৰা এগৰাকী যুৱতী মুম্বাইৰ কাৰ্লা ৰেলৱে ষ্টেশ্যনত উদ্ধাৰ হোৱা ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
উল্লেখযোগ্য যে গুৱাহাটী নিৱাসী যুৱতী গৰাকীক যোৱা ২৯ মাৰ্চত মুম্বাইৰ কাৰ্লা ৰেলৱে ষ্টেশ্যনত প্ৰত্যক্ষ কৰে মহাৰাষ্ট্ৰ ছিকিউৰিটী ফ’ৰ্চৰ চমুকা এমএচএফৰ নিৰাপত্তাৰক্ষী অনিতা পাটিলে।
ভয়ত বিচলিত হৈ থকা যুৱতীগৰাকীক প্ৰাথমিকভাৱে লক্ষ্য কৰি পাটিলে ঘৰৰ ঠিকনা সোধে যদিও তেওঁ কোনো প্ৰত্যয়জনক উত্তৰ দিয়াত ব্যৰ্থ হয়। সেয়েহে পাটিলে যুৱতীগৰাকীক আৰপিএফক গতাই দিয়ে।
অৱশ্যে পাছলৈ যুৱতীগৰাকীয়ে নিজৰ ঘৰ গুৱাহাটীত বুলি স্বীকাৰোক্তি দিয়াত পৰিয়ালৰ সৈতে যোগাযোগ কৰে আৰপিএফে।
ইণ্ডিয়া টুডেৰ উদ্ধৃতিৰে সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰা বাতৰি অনুসৰি সম্প্ৰতি যুৱতী গৰাকীক জিআৰপিৰ আশ্ৰয়ত ৰখা হৈছে।
আনহাতে জিআৰপিৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি পৰিয়ালৰ লোক উপস্থিত হ’লে যুৱতী গৰাকীক গতাই দিয়া হ’ব। অৱশ্যে কি কাৰণত যুৱতী গৰাকীয়ে ঘৰৰ পৰা পলাই গৈ সুদূৰ মুম্বাই পালে সেই সন্দৰ্ভত বৰ্তমানলৈ কোনো তথ্য লাভ কৰিব পৰা হোৱা নাই।