হোমিঅ’পেথিক ডাক্তৰ হৈ এলপেথিক চিকিৎসক হিচাপে শল্য চিকিৎসা কৰি থকা মাৰোৱাৰী প্ৰসূতি চিকিৎসালয়ৰ এজন চিকিৎসকক বৃ্হস্পতিবাৰে অসম আৰক্ষীৰ চোৰাংচোৱাই আটক কৰিছে।
অভিযোগ মতে লোকনাথ হেকিম নামৰ হোমিঅ’ চিকিৎসকে চিকিৎসালয়খনত যোৱা তিনি বছৰ ধৰি শল্য চিকিৎসা কৰি আহিছিল।
এই ঘটনা সন্দৰ্ভত আৰক্ষীক জনোৱা অসম যুৱ মঞ্চৰ সম্পাদক জিতুল ডেকাই আগৰে পৰা তেওঁলোকে এই কথা জনা বুলি উল্লেখ কৰি এন ই নাওক কয়, ‘আমাৰ তেওঁৰ বিৰুদ্ধে কোনো প্ৰমাণ নাছিল। তেওঁৰ জালুকবাৰীত এটা হোমিঅ’ ক্লিনিক আছে য’ত আনি খবৰ কৰি গম পালো যে তেওঁ শল্য চিকিৎসা কৰে। আমি ৰোগী হিচাপে মাৰোৱাৰী চিকিৎসালয়ত তেওঁৰ এপইণ্টমেণ্ট ল’লো। নিশিত হোৱাৰ পিছত আমি চি আই দিক এই বিষয়ে জনালো।’
ডেকাই কয়, ‘চিকিৎসালয়ৰ তথ্য অনুসৰি হেকিমে ফেব্ৰুৱাৰি মাহতে ২৩ টা চাৰ্জাৰি কৰিছে। চি আই দিয়ে চিকিৎসালয়খনত অভিযান চলাওঁতেও তেওঁ চাৰ্জাৰি কক্ষতে আছিল। চিকিৎসালয়খনৰ অধীক্ষক অনিল কলিতাই তেওঁ চাৰ্জাৰি নকৰে মাজে মাজে শল্য চিকিৎসকক সহায়হে কৰে বুলি কৈছে। আমি বিষয়টোৰ তন্ন তন্ন তদন্ত দাবী কৰিছো আৰু অধীক্ষক আনকি দৰকাৰ হ’লে চিকিৎসালয়খনকো চীল কৰিব লাগে।’
চি আই দিৰ ডি আই জি দেৱজিত হাজৰিকাই এন ই নাওক কয়, ‘তালাচীৰ সময়ত এইটো পোৱা গৈছে যে চিকিৎসালয়খনত হোমিঅ’ চিকিৎসকজনে প্ৰসূতি বিভাগৰ ডাঙৰ চাৰ্জাৰি সমূহত সহযোগী হিচাপে কাম কৰিছিল। আমি লোকনাথ হেকিম নামৰ চিকিৎসক আটক কৰিছো। CID PS C/No 10/18 ৰ এক গোচৰ ৰুজু কৰা হৈছে। এই ঘটনাত চিকিৎসালয় কৰ্তৃপক্ষৰ ভূমিকা জানিবৰ বাবে আমি ঘটনাটোক লৈ পৰ্য্যায়ক্ৰমে তদন্ত কৰিম।’