“২০১৭-১৮ বিত্তীয় বৰ্ষত বাজেটৰ নামত আবণ্টিত মুঠ ৯৯,৪৫৩ কোটি টকাৰ ৭০,১০৫ কোটি টকা খৰচ হৈছে। শতাংশ হিচাপত ৭০.৪৯ শতাংশ।” বিধানসভাৰ বিজেপিৰ বিধায়িনী কক্ষত বৃহস্পতিবাৰে এক সংবাদ মেল যোগে এই তথ্য প্ৰকাশ কৰে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
তেওঁৰ মতে “এইটো অসমৰ বাবে এটা ইতিহাস। পূৰ্বৰ এটাও বিত্তীয় বৰ্ষত ইমান ধন কেতিয়াও খৰচ হোৱা নাছিল। যোবাবছৰ খৰচৰ হাৰ আছিল ৬৯.১৫ শতাংশ। লগতে ৭০ হাজাৰ কোটি টকাও প্ৰথমবাৰৰ বাবে খৰচ কৰা হৈছে।”
কিছুমান বিভাগত ধন ১০০ শতাংশ খৰচ কৰা হৈছিল, অন্য কিছুমান বিভাগত ৯০ আৰু ৮০ শতাংশও কৰা হৈছিল।” মন্ত্ৰী শৰ্মাই কয়।
বিত্তমন্ত্ৰীগৰাকীয়ে কৰা দাবী অনুসৰি ২০১৫-১৬ বিত্তীয় বৰ্ষত ৫৫.৯৮ শতাংশ পুজি ব্যয় হোৱাৰ বিপৰীতে বিজেপি চৰকাৰৰ আমোলত ২০১৬-১৭ ত এই খৰচৰ শতাংশ যথেষ্ট বৃদ্ধি পাইছে।
তাৎপৰ্যপূৰ্ণ ভাৱে চলিত বাজেট বৰ্ষত আঁচনিৰ বাবদ আবণ্টিত ৮০ শতাংশ ধন খৰচ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অৱশ্যে ৮০ শতাংশতকৈ বেছি ধন খৰচ কৰাটো সম্ভৱপৰ নহয় বুলি শৰ্মাই সদৰী কৰে।
বিত্তমন্ত্ৰীগৰাকীৰ মতে “অসমে ভোগ কৰি আছে বিশেষ ৰাজ্যৰ মৰ্য্যদা। অসম চৰকাৰৰ নিজা ৰাজহ হৈছে ২০ হাজাৰ কোটি টকা। বাকী ৫০ হাজাৰ কোটি টকা আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰিছো। এনে পৰিপ্ৰেক্ষিতত আমি বিশেষ ৰাজ্যৰ মৰ্যাদা উপভোগ কৰা নাই বুলি কেনেকৈ ক’ম।‘’
আনহাতে চিলিং প্ৰস্তাৱ সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে কয় যে ১৩,১৬১ টা চিলিং প্ৰস্তাৱৰ ৩৮১ টা বাদ দি বাকী সকলোবোৰ মুকলি কৰি দিয়া হৈছে। প্ৰশাসনীয় বিভাগৰ বিলম্বৰ বাবে এই ৩৮১ টা চিলিং প্ৰস্তাৱ ৰৈ গ’ল যদিও চলিত বিত্তীয় বৰ্ষত ইয়াক মুকলি কৰি দিয়া হ’ব।
তদুপৰি মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ১১ হাজাৰ কোটি টকা বিগত বৰ্ষত কেন্দ্ৰীয় চৰকাৰৰ পৰা পোৱা নাই বুলি কৰা অভিযোগ নস্যাৎ কৰি হিমন্তই কয় যে কোনে কি কৈছে তেওঁ নাজানে। মই বিত্ত মন্ত্ৰী হিচাপে সঠিক সময়ত সঠিকভাৱে কেন্দ্ৰৰ পৰা ধন লাভ কৰি আছো।
তেওঁৰ মতে ৰাজ্যৰ ঘৰুৱা ৰাজহ ৩ শতাংশৰ পৰা ১৫ শতাংশলৈ বৃদ্ধি পাইছে। লগতে অষ্টাদশ মুকুতাৰ নামাকৰণ কৰা ১৮ খন আঁচনিসহ মুঠ ২২ খন আঁচনি ৰূপায়ন কৰা হৈছে বুলি তেওঁ দাবী কৰে।
উক্ত সংবাদমেলত বিৰোধীক কটাক্ষ কৰি তেওঁ কয়, “মই বিধান সভাত নথকাৰ সময়ত বিৰোধী বিধায়কসকলে পুজি মুকলি কৰাক লৈ বিভিন্ন অভিযোগ আনিছিল। কিন্তু মোৰ সন্মুখত সকলো নিমাত। বিত্তীয় বৰ্ষৰ শেষৰ ফালে মই সকলো তথ্য ৰাজহুৱা কৰাৰ কথা দিছিলো আৰু সেয়েহে এই সংবাদমেলৰ জৰিয়তে তথ্যসমূহ দাঙি ধৰিলো।”