অসমৰ যমুনামুখৰ এজন যুৱকে বিশ্বতে কুখ্যাতি থকা সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহিদিনত যোগদান কৰিছে বুলি ওলোৱা খবৰে গোটেই ৰাজ্যতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। যুৱকজনৰ নাম কমৰউদ্দিন ওৰফে কামিৰ উজ জামান বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে।
উল্লেখযোগ্য যে ২০১৭ চনৰ পৰাই কমৰউদ্দিন নিৰুদ্দেশ হৈ আছিল। সূত্ৰসমূহে দাবী কৰামতে তেওঁ ২০১৭ চনত কাশ্মীৰত থকা সময়তে সন্ত্ৰাসবাদী সংগঠনটোত যোগদান কৰিছিল। পৰিয়ালে কাশ্মীৰলৈ গৈ কমৰউদ্দিনৰ সন্ধান উলিয়াবৰ চেষ্টা কৰিছিল যদিও সন্ধান নাপাই কাশ্মীৰ আৰক্ষীক বিষয়টো অৱগত কৰিছিল। আনহাতে যমুনামুখ আৰক্ষীকো অৱগত কৰিছিল পৰিয়ালটোৱে।
শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত কমৰউদ্দিনৰ এখন ফটো ভাইৰেল হৈছিল, যাৰ ভিত্তিত তেওঁ কুখ্যাত সন্ত্ৰাসবাদী সংগঠনটোত যোগদান কৰাৰ কথা পোহৰলৈ আহে। যোৱা ৯ মাহ ধৰি যুৱকজন পৰিয়ালটোৰ সৈতে যোগাযোগত নাছিল বুলি পৰিয়ালৰ সূত্ৰই জানিবলৈ দিছে।
পৰিয়ালৰ সূত্ৰই জানিবলৈ দিয়া মতে কমৰউদ্দিন কৰ্মসূত্ৰে প্ৰথমে বাংলাদেশলৈ গৈছিল। তাৰ পিছত আমেৰিকাতো কিছু দিনৰ বাবে আছিল কমৰউদ্দিন। তাৰ পিছত কাশ্মীৰত গৈ কাপোৰৰ ব্যৱসায় কৰিছিল।
আজি কমৰউদ্দিনৰ মাকে সংবাদমাধ্যমৰ আগত কয় যে ফটোত দেখা ল’ৰাটো তেওঁৰ পুত্ৰ হয় বুলি নিশ্চিত কৰিছে। আনহাতে বিৰল দৃষ্টান্ত দাঙি ধৰি মাকে কয়, ‘যদি সঁচাকৈ সি এইবোৰ কামত গৈছে চৰকাৰে তাক গুলীয়াই মাৰক আৰু তাৰ মৃতদেহ মোৰ বাউণ্ডেৰিৰ ভিতৰত আনিব নালাগে। মোৰ আৰু ৫টা ল’ৰা আছে।’ তাৰ পিছত আকৌ তেওঁ কয় যে কোনোবাই অপহৰণ কৰিছে যদি সেইটো তেওঁ নাজানে। ‘কিন্তু যদি এইবোৰ কামত গৈছে চৰকাৰে যি ইচ্ছা কৰিব পাৰে, মোৰ সীমাত ল’ৰাৰ মৃতদেহ নালাগে।’ এইদৰে কয় কমৰউদ্দিনৰ মাকে।