অসম সাহিত্য সভা তথা নলবাৰী জিলা সাহিত্য সভাৰ অন্তৰ্গত চামতা আঞ্চলিক সাহিত্য সভাই পহিলা ব’হাগৰ দিনা বৰ্ণাঢ্য কাৰ্যসূচীৰে “নিজৰ দিন” উদযাপন কৰে । সেই উপলক্ষে সিদিনা ৰাতিপুৱা চামতা আঞ্চলিক সাহিত্য সভাৰ সভাপতি হিৰণ্য বৰ্মণ আৰু সম্পাদক প্ৰদীপ কুমাৰ বৰ্মণৰ নেতৃত্বত এটা প্ৰতিনিধি দলে ৰাতিপুৱাৰ পৰা আবেলিলৈ জ্যেষ্ঠ নাগৰিক তথা বিশিষ্ট নাগৰিক সকলৰ ঘৰে ঘৰে গৈ সেৱা সম্বৰ্ধনা জ্ঞাপন কৰে ।
আঞ্চলিক সমিতিৰ অন্তৰ্গত চামতা ৰূপীয়াবাঠানৰ বিশিষ্ট সমাজকৰ্মী সুৰেণ তালুকদাৰ, আদৰ্শ কৃষক ধীৰেশ্বৰ বৰ্মণ, কৃতি খেলুৱৈ ধীৰেণ তালুকদাৰ আৰু বিশিষ্ট চিত্ৰশিল্পী খগেন শৰ্মাক তেওঁলোকৰ ঘৰলৈ গৈ সেৱা সম্বৰ্ধনা জনায় ।
আনহাতে ৰাজহুৱাভাবে আয়োজন কৰা এক অনুষ্ঠানত সম্বৰ্ধিত ব্যক্তি সকলক ফুলাম গামোচা, গ্ৰন্থৰ টোপোলা, মানপত্ৰ আৰু গোলাপ ফুলৰ থোপাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। চামতা আঞ্চলিক সাহিত্য সভাৰ এই কাৰ্যসূচীত বিজেপিৰ ধৰ্মপুৰ আৰু নলবাৰী জিলা সমিতি, চামতা বেজৰবাৰী আশ্ৰম দুৰ্গাপুজা সমিতি, শিল্পী সমাজ, কৃষক সমাজ, বিশিষ্ট শিল্পী, লিখক-সাহিত্যিক, শিক্ষক, মহিলা সমিতি আদিযে ও ভাগ লৈ অনুষ্ঠান আকৰ্ষণীয় কৰি তোলে।
অঞ্চলটোৰ ৰাইজে সাহিত্য সভাৰ এই কাৰ্যসূচীৰ শলাগ লোৱাৰ উপৰি সম্বৰ্ধিত ব্যক্তি সকলে মনৰ ভাব প্ৰকাশ কৰি কয- “এই অনুষ্ঠান তথা সম্বৰ্ধনাই আমাৰ কৰ্ম আৰু ত্যাগক স্বীকৃতি প্ৰদান কৰাৰ লগতে আমাক প্ৰেৰণা যোগালে আৰু আমাৰ আয়ুস বৃদ্ধি কৰিলে”।
অনুষ্ঠানত চামতা আঞ্চলিক সাহিত্য সভাৰ সভাপতি হিৰণ্য বৰ্মণ,সম্পাদক প্ৰদীপ কুমাৰ বৰ্মণ,বিজেপিৰ নলবাৰী জিলা সমিতিৰ সম্পাদক পুলক কুমাৰ শৰ্মা, শোলমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ৰমেশ বৰ্মন, শিক্ষক-অভিনেতা গজেন তালুকদাৰ, অভিনেতা গৌতম বৰ্মণ, শিল্পী বিনয় শৰ্মা, কৃতি খেলুৱৈ উমেশ বৰ্মণ তথা বিশিষ্ট ব্যক্তি আৰু সম্বৰ্ধিত ব্যক্তি সুৰেণ তালুকদাৰ, ধীৰেশ্বৰ বৰ্মণ, ধীৰেণ তালুকদাৰ আৰু খগেন শৰ্মাই মনৰ কথা ব্যক্ত কৰে।