উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ আৰু ডিমা হাচাও জিলা প্ৰশাসনে জিলাখনৰ হাফলঙৰ সমীপৱৰ্তী গুনজাঙ চাহবাগিছাৰ ৬০জন চাহ মজদুৰক চাহবাগান ধন পুৰস্কাৰ মেলাৰ অধীনত ২৫০০টকাৰ এক আৰ্থিক সাহাৰ্য প্ৰদান কৰে।
যোৱা শীতকালিন বাজেট অধিৱেশনতে অসম চৰকাৰে অসমৰ সকলো চাহবাগিছাৰ কৰ্মচাৰীকে ৫০০০ হাজাৰ টকাকৈ দিয়াৰ এক আচঁনি পাছ কৰিছিল। প্ৰথম পৰ্যায়ত যিসকল চাহ মজদুৰে বেংকত নিজৰ একাউণ্ট খুলিছিল সেইসকলক ২৫০০টকাকৈ অনুদান দি থকা হৈছে।
যদিহে এই সকল লোকে ছয়মাহলৈ নিজৰ একাউণ্টবোৰ সঠিক ৰূপে পৰিচালনা কৰি থাকে তেন্তে ছমাহ পিছত পুনৰ সেই মজদুৰ সকলক বাকী থকা ২৫০০টকা প্ৰদান কৰিব। যিসকল মজদুৰে এতিয়াও বেংক একাউণ্ট খোলা নাই সেইসকলও ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ সকলো ধৰণৰ সা সুবিধা তথা আচঁনি সমূহৰ লাভা লাভ পাবলৈ সক্ষম হ’ব।
লক্ষণীয় যে আজি অনুষ্ঠিত কৰা চাহ বাগান ধন পুৰস্কাৰ মেলা কাৰ্যসূচীখন আয়োজন কৰে ডিমা হাচাও জিলা প্ৰশাসনৰ সহযোগত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ আৰু গুনজাঙ চাহবাগিছাৰ মালিক পক্ষই।
অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰে লোৱা এই অৰ্থনৈতিক আচঁনি সমূহৰ বাবে দুখীয়া শ্ৰমিকসকল যথেষ্ট উপকৃত হোৱা বুলি অনুষ্ঠানত উপষ্ঠিত থকা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ চি ই এম দেবোলাল গৰলোচাই। তেওঁ লগতে কেন্দ্ৰীয় চৰকাৰৰ ‘সবকা সাথ সবকা বিকাশ’ শ্লোগানৰো ভূয়সী প্ৰশংসা কৰে।
তদুপৰি সকলো গাওঁবাসী তথা চাহ শ্ৰমিকসকলক বেংক একাউণ্ট খুলি চৰকাৰী সুবিধা সমূহ গ্ৰহণ কৰিবলৈ উদগণি জনায় দেবোলাল গৰলোচাই।
অনুষ্ঠানত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ ৰানু লাংঠাছা, ডিমা হাচাওৰ উপায়ুক্ত দেৱজ্যোতি হাজৰিকাৰ লগতে অন্যান্য চৰকাৰী বিষয়া উপস্থিত আছিল।