• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘জনজাতিসকল অসমৰ মূলসুঁতিৰ অংশ নহয়- উচ্চতম ন্যায়ালয়ত বিবৃতি অসম চৰকাৰৰ’ : বিজেপি চৰকাৰক সমালোচনা চি পি আই (এম) নেতাৰ

মহেশ ডেকা by মহেশ ডেকা
February 5, 2018 9:20 pm
04-02-18-Guwahati-CPI-M-22nd-Assam-State-Sanmilan

চি পি আই (এম)ৰ ২২ সংখ্যক ৰাজ্যিক সন্মিলন

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চি পি আই (এম)ৰ পলিটব্যুৰ’ সদস্য এচ ৰামচন্দ্ৰনে খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে কাম কৰি যোৱাৰ অংগীকাৰ কৰা অসমৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে জনজাতি বিৰোধিতাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

গুৱাহাটীৰ সোণাৰাম বিদ্যালয়ৰ খেলপথাৰত দেওবাৰে আয়োজিত চি পি আই (এম)ৰ ২২ সংখ্যক ৰাজ্যিক সন্মিলনত এক বৃ্হৎ সমাৱেশক সম্বোধন কৰি নেতাজনে কয়, ‘জনজাতিসকল অসমৰ মূলসুঁতিৰ অংশ নহয় বুলি বিজেপি নেতৃত্বাধীন অসম চৰকাৰে উচ্চতম ন্যায়ালয়ত বিবৃতি দিছে।’

Apply Now

অসমৰ বিজেপি চৰকাৰখনে জাতি, মাটি, ভেটি ৰক্ষাৰ বাবে কাম কৰি যোৱাৰ দাবী কৰি অহাৰ বিপৰীতে চৰকাৰখনৰ বিৰুদ্ধে সমাৱেশত এই বিস্ফোৰক তথ্য উল্লেখ কৰে নেতাজনে।

চি পি আই (এম) নেতাজনে কয়, ‘এনে বিপজ্জনক বিবৃতিৰ বাবে উচ্চতম ন্যায়ালয়ে অসম চৰকাৰক ভৰ্ৎসনা কৰিছে।’

ন্যায়াধীশ ৰঞ্জন গগৈ আৰু আৰ এফ নৰিমনৰ বিচাৰপীঠে যোৱা বছৰ নৱেম্বৰত ‘১৫ শতাংশ লোক জনজাতীয় আৰু তেওঁলোক মূলসুঁতিৰ অংশ নহয় বুলি আপোনালোকে বিপজ্জনক বিবৃতি দিছে’ বুলি অসম চৰকাৰক ভৰ্ৎসনা কৰিছিল।

ভাষণত নেতাজনে কেন্দ্ৰ আৰু অসমৰ দুয়োখন বিজেপি চৰকাৰ ভাৰতৰ স্বাধীনোত্তৰ যুগৰ আটাইতকৈ নিকৃষ্ট চৰকাৰৰূপে অভিহিত কৰে।

04-02-18-Guwahati-CPI-M-22nd-Assam-State-Sanmilan
সমাৱেশত চি পি আই (এম) নেতা পিল্লাই

‘ৰাজ্য আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰে দেশৰ জনগণৰ আৰু দেশৰ জীৱনৰ বাবে প্ৰলয়ংকাৰী কিছুমান নীতি অনুসৰণ কৰিছে’ বুলিও পিল্লায়ে দাবী কৰে।

তেওঁ অভিযোগ কৰে যে বিজেপি চৰকাৰে গ্ৰহণ কৰা নব্য উদাৰ আৰ্থিক নীতিসমূহে দেশৰ কৃষি আৰু ঔদ্যোগিক বিকাশ হ্ৰাস কৰিছে।

জ্যেষ্ঠ চি পি আই (এম) নেতাজনে কয়, ‘কৃষি আৰু ঔদ্যোগিক খণ্ডৰ মন্থৰ বিকাশৰ বাবেই নিবনুৱা সমস্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। প্ৰতিমাহে দেশত প্ৰায় ১০ লাখ লোকে কৰ্মসংস্থান বিচাৰে কিন্তু তেওঁলোকে নিয়োগ পোৱা নাই। ফলত গাওঁ, চহৰ দুয়োঠাইতে নিবনুৱা সমস্যা বাঢ়িছে।’

তেওঁ লগতে কয় যে চৰকাৰৰ প্ৰশাসনিক আৰু ৰাজনৈতিক নীতিসমূহে সংখ্যালঘূ বিশেষকৈ দেশৰ মুচলমানসকলৰ মাজত ভয় আৰু নিৰাপত্তাহীনতাৰ সৃষ্টি কৰিছে।

পিল্লায়ে আঙুলিয়াই, ‘গো ৰক্ষাৰ নামত, লাভ জিহাদৰ নামত, সন্ত্ৰাসবাদৰ নামত আৰু ৰাষ্ট্ৰীয়তাৰ নামত বহু ঠাইত সংখ্যালঘূসকলক আক্ৰমণ কৰা হৈছে। সংখ্যালঘূসকলক সন্ত্ৰাসবাদীৰূপে, দেশদ্ৰোহীৰূপে আখ্যায়িত কৰা হৈছে।’

চৰকাৰে বেআইনী কাৰ্য্যকলাপ প্ৰতিৰোধ আইন, ৰাষ্ট্ৰীয় নিৰাপত্তা আইন আদিৰ অপপ্ৰয়োগ কৰা বুলি অভিযোগ কৰি কয় যে চৰকাৰে ইবোৰৰ নামত শ শ নিৰ্দোষ লোকক হাৰাশাস্তি কৰিছে।

পিল্লায়ে লগতে কয় যে চৰকাৰে চৰকাৰীভাৱে অবৈজ্ঞানিক চিন্তাক উৎসাহ যোগাইছে আৰু বিশ্ববিদ্যালয়সমূহৰ লগতে এন চি ই আৰ টি, য়ু জি চি, আই চি এইচ্চ আৰ আৰু আই চি এচ এচ আৰ আদি বিভিন্ন অনুষ্ঠানত আৰ এচ এচৰ লগত জড়িত লোকসকলক সংস্থাপিত কৰিছে।

প্ৰাক্তন সাংসদ উদ্ধৱ বৰ্মনে সভাপতিত্ব কৰা সমাৱেশখনক প্ৰবীন বাওঁপন্থী নেতা বিমান বসু, হেমেন দাস আৰু দেৱেন ভট্টাচাৰ্য্যয়ো সম্বোধন কৰে।

মহেশ ডেকা

মহেশ ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd