• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জাতীয় চৰাই দেওহাঁহৰ আৱাসভূমি দিহিং পাটকাই অভয়াৰণ্যত বৃদ্ধি পাইছে চোৰাং কাঠ মাফিয়াৰ দপদপনি

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
July 9, 2018 10:47 am
FB_IMG_1515404243461
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ জাতীয় চৰাই দেওহাঁহৰ আৱাসভূমি দিহিং পাটকাই অভয়াৰণ্য ধ্বংস হোৱাৰ উপক্ৰম ঘটিছে। ৰাজ্যত এফালে কোটি কোটি টকা খৰচ কৰি বন মহোৎসৱ উদযাপণ কৰি থকা হৈছে আৰু আনফালে বন ধ্বংসৰে কাঠৰ ৰমৰমীয়া বেহা চলোৱাৰ অভিযোগ পোহৰলৈ আহিছে।

উজনি অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ মাজত অৱস্থিত ডিগবৈ বনসংমণ্ডল কাৰ্য্যালয়ৰ অধীনৰ মাৰ্ঘেৰিটা বনাঞ্চালিক কাৰ্য্যালয়ৰ অধীনস্থ দিহিং পাটকাই অভয়াৰণ্যলৈ চৰম ভাবুকি কঢ়িয়াই আনিছে এচাম কাঠমাফিয়া আৰু  বন বিভাগৰ একাংশ বিষয়াৰ কমিছনৰাজৰ ফলত। চোৰাং কাঠ মাফিয়াই বন বিভাগৰ সহযোগত দিহিং পাটকাই  অভয়াৰণ্যৰ লুণ্ঠনত নামি পৰা পৰিলক্ষিত হৈছে।

Apply Now

বিশেষকৈ বনাঞ্চলৰ ভিতৰতে অবৈধভাৱে হস্তচালিত কৰতৰ কাঠ ফলা শাল পাতি কাঠ ফালি চোৰাং কাঠ ব্যৱসায়ীয়ে নিতৌ বিভিন্ন ঠাইলৈ কাঠ সৰবৰাহ কৰি আহিছে যদিও বিভাগীয় লোকৰ দৃষ্টি গোচৰ নোহোৱাটো অতিশয় পৰিতাপৰ কথা বুলি চৰ্চিত হৈছে।

ডিগবৈ বন সংমণ্ডল প্ৰাধিকাৰী বিপুল বৰা আৰু পশ্চিম মাৰ্ঘেৰিটাৰ কুখ্যাত বনাঞ্চলিক বিষয়া পিংকু সিঙৰ ছত্ৰছায়াতে এক বিশৃংখল পৰিৱেশৰ সৃষ্টিৰে ব্যাপক ভাৱে চলোৱা বন ধ্বংসৰ বিষয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে উত্তৰ-পূব ভাৰতৰ বেচৰকাৰী প্ৰকৃতিপ্ৰেমী সংগঠন নেচাৰ্চ বেকনৰ মাৰ্ঘেৰিটা মহকুমা সমিতিয়ে৷

বহু বিতৰ্কিত মাৰ্ঘেৰিটা লিখাজান বন খণ্ড কাৰ্যালয়ৰ বিষয়া অচ্যুত গগৈয়ে দীৰ্ঘদিন ধৰি ডিগবৈ বনসংমণ্ডলৰ অধীনৰ মাৰ্ঘেৰিটা-জাগুন বন আঞ্চলিক কাৰ্য্যালয়ত কৰ্মৰত হৈ থকাৰ অন্তৰালত শীৰ্ষ বনবিষয়াৰ লগত গোপন বুজাবুজি থকাতো নিশ্চিত বুলি অভিযোগ কৰিছে সচেতন প্ৰকৃতিপ্ৰেমী সকলে।

উল্লেখ্য যে বন মাফিয়াই সংৰক্ষিত বনাঞ্চলসমূহৰ মূল্যবান হোলোং, মেকাই, তিতাচপা, লালি, পাহাৰী চপা আদিকে ধৰি বহু মূল্যবান গছ-গছনি কাটি বিভিন্ন ঠাইলৈ প্ৰায়েই সৰবৰাহ হৈ থাকে যদিও কোনো দিনে কিন্তু বন বিভাগৰ বিষয়া-বনৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া অঞ্চলবাসী ক্ষুন্ন হৈ পৰা পৰিলক্ষিত হৈছে।

FB_IMG_1515209868202

উল্লেখ্য যে, চোৰাং কাঠ মাফিয়াৰে সু সম্পৰ্ক গঢ়ি কমিছনৰ অংকত ব্যস্ত থকা এই সকল বন বিষয়াই ৰাজ্য চৰকাৰৰ নিৰ্দেশকো অৱমাননা কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। অসমৰ জাতীয় চৰাই দেওহাঁহৰ আৱাসভূমি দিহিং পাটকাই অভয়াৰণ্যৰ মূল্যবান গছ সমূহ  ধ্বংসৰ ফলত অসমৰ জাতীয় চৰাই দেওহাঁ‌হৰ আৱাসভূমিৰ প্ৰতিও চৰম ভাবুকি কঢ়িয়াই অনাত গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰিছে প্ৰকৃতিপ্ৰেমীসকলে।

এইদৰে যদি প্ৰতিদিনে চোৰাং কাঠমাফিয়াই দিহিং পাটকাই অভয়াৰণ্য ধ্বংস কৰি থাকে অতি কম সময়ৰ ভিতৰতে অসমৰ জাতীয় চৰাই দেওহাঁহও নিশ্চিহ্ন হৈ যাব। কিন্তু ৰাজ্য চৰকাৰে বনজ সম্পদ ৰক্ষাৰ বাবে তিলমানো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে৷

স্মৰ্তব্য যে যোৱা দুবছৰ ধৰি তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অধীনৰ আটাইবোৰ সংৰক্ষিত বনাঞ্চল, বন্যপ্ৰাণী অভয়াৰণ্য আদিত দিনে-নিশাই বন ধ্বংস অব্যাহত আছে। এইক্ষেত্ৰত স্থানীয় জনপ্ৰতিনিধি সকলেও চকু মুদা কুলিৰ ভাও দিয়াৰ অভিযোগ উত্থাপন হৈছে। বিশেষকৈ  ডিগবৈ বনসংমণ্ডল বহু বিতৰ্কিত প্ৰাধিকাৰী বিপুল বৰা, পশ্চিম মাৰ্ঘেৰিটা কুখ্যাত বনাঞ্চলিক বিষয়া পিংকু সিং আৰু লেখাজান খণ্ড বনবিষয়া অচ্যুত গগৈক তাৎক্ষণিক ভাৱে শাস্তিমূলক বদলিৰ দাবী উত্থাপন হৈছে অন্যথা দিহিং পাটকাই অভয়াৰণ্য সম্পূৰ্ণ ধ্বংসস্তূপ পৰিণত হ’ব বুলি সংকিত হৈ পৰিছে প্ৰকৃতি প্ৰেমী সংগঠন নেৰ্চাচ বেকনৰ মাৰ্ঘেৰিটা মহকুমা সমিতি।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm
পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

June 5, 2026 6:05 pm
জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

June 5, 2026 6:02 pm
নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

June 5, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm
পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

June 5, 2026 6:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd