গৱেষণা হ’ল মানৱ সমাজৰ অগ্ৰগতিৰ মূল চালিকা শক্তি। গৱেষণা এটা ব্যাপক আৰু জটিল ধাৰণা আৰু নতুন জ্ঞানৰ বিকাশত গৱেষণাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।
ভাৰতত কাৰিকৰী শিক্ষাই গৱেষণা আৰু বিকাশৰ পটভূমিৰ ভূমিকা লৈ আহিছে।
কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানবোৰৰ গৱেষণাৰ পৰিৱেশে চিন্তন ক্ষমতা উন্নত কৰাত সহায় কৰিছে। ই শিক্ষক সমাজক কেৱল তেওঁলোকৰ শৈক্ষিক জীৱনতে সহায় নকৰে, লগতে ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ সংশ্লিষ্ট শৈক্ষিক ক্ষেত্ৰৰ প্ৰাসংগিকতা তথা সময়োপযোগিতা বুজি পোৱাত গৱেষণাৰ ভূমিকা সম্পৰ্কতো ধাৰণা দিয়ে।
কাৰিকৰী শিক্ষাত গৱেষণাৰ এই গুৰুত্ব আৰু ইয়াৰ ভূমিকাক বুজিবৰ বাবে গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব মেনেজমেণ্ট এণ্ড টেকন’লজি (GIMT) আৰু আছাম ছায়েন্স এণ্ড টেকন’ল’জি য়ুনিভাৰ্ছিটি (ASTU)-এ যুটীয়াভাৱে দুদিনীয়া কাৰ্য্যসূচীৰে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ আলোচনা চক্ৰ ‘সামন্ত্ৰণা’ৰ আয়োজন কৰিছে। অহা ১৮ আৰু ১৯ জানুৱাৰিত গুৱাহাটীৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব মেনেজমেণ্ট এণ্ড টেকন’লজি (GIMT)ৰ চৌহদত হ’ব লগা এই আলোচনা চক্ৰৰ বিষয়বস্তু হ’ল ‘কাৰিকৰী শিক্ষাত গৱেষণাৰ ভূমিকা আৰু গুৰুত্ব’।
উল্লেখযোগ্য যে এইটো সামন্ত্ৰণাৰ (SAMANTRANA) দ্বিতীয় সংস্কৰণ। এই আলোচনা চক্ৰৰ মূল উদ্দেশ্য হ’ল কাৰিকৰী শিক্ষাত গৱেষণাৰ মূল্য সম্পৰ্কে বোধ জন্মোৱা আৰু অসম তথা উত্তৰ-পূবত উচ্চ দক্ষতাসম্পন্ন মানৱ সম্পদ বিকাশৰ বাট মোকলোৱা।
আলোচনাচক্ৰখনত গুৱাহাটীৰ আই আই টি, মিজোৰামৰ এন আই টি আৰু তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পৰা কেইবাজনো বিশিষ্ট পৰ্য্যায়ৰ শিক্ষাবিদ আৰু গৱেষকে অংশ গ্ৰহণ কৰিব।
আলোচনাচক্ৰখনত বিষয়বস্তুবোৰক একাধিক শাখাত ভাগ কৰা হৈছে, যাৰ ভিতৰত আছে : কাৰিকৰী শিক্ষাৰ সাম্প্ৰতিক ৰেহৰূপ (the current scenario of technical education), কাৰিকৰী শিক্ষাত গৱেষণা (Research in technical education), বৌদ্ধিক সম্পত্তিৰ স্বত্ব (Intellectual Property Rights), অভিযোজনা আৰু মানৱ জীৱনত ইয়াৰ প্ৰভাৱ (, Innovation and its impact in changing human lives) আৰু কাৰিকৰী বিষয়ত স্নাতকসকলৰ নিয়োগযোগ্যতা বৃদ্ধি কৰাৰ বাবে দক্ষতাৰ বিকাশ (Skill Development to enhance the employability of Engineering Graduates)।
শিক্ষক, শিক্ষাবিদ আৰু গৱেষক পণ্ডিতসকলক এই গুৰুত্বপূৰ্ণ দুদিনীয়া কাৰ্য্যসূচীটোত যোগদানৰ বাবে আয়োজকসকলে আহ্বান জনাইছে। আগ্ৰহীসকলে http://www.gimt-guwahati.ac.in/samntrana/index.html এই লিংকটো ক্লিক কৰি সবিশেষ জানিব পাৰিব বা তলত দিয়া যোগাযোগৰ ব্যৱস্থাত ইমেইল বা ফোন কৰি যোগাযোগ কৰিব পাৰিব। email : [email protected]
Contact number +91 7086567051, +91 9864504431, +91 8638048669