বাক্সা আৰু নলবাৰী জিলাৰ অন্তৰ্গত তামুলপুৰ-ঘগ্ৰাপাৰ গড়কাপ্তানি পথটো শোচনীয় হৈ পৰাত ছাত্ৰ সন্থাৰ পশ্চিমপুৰ তামুলপুৰ শাখাই জিলা উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰে।
উল্লেখযোগ্য যে এই তামুলপুৰ-ঘগ্ৰাপাৰৰ পৰা গোঁসাইকমল আলিলৈকে থকা জনসাধাৰণৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ প্ৰায় ৮ কিলোমিটাৰ দৈৰ্ঘৰ পথচোৱা বৰ্তমান জৰাজীৰ্ণ অৱস্থাই স্থানীয় ৰাইজক জলাকলা খুৱাইছে।
প্ৰাপ্ত তথ্য মতে পথচোৱাৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে ফলত এই পথেৰে জনসাধাৰণৰ যাতায়াত কৰাটো অসম্ভৱ হৈ পৰিছে। এই পথৰ শোচনীয় অৱস্থাৰ ফলত স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী, ৰোগীকে ধৰি স্থানীয় ৰাইজে বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব লগীয়া হৈছে।
ইফালে এই পথছোৱাৰ জৰাজীৰ্ণ অৱস্থাৰ বিষয়ে পশ্চিম তামুলপুৰ শাখা ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজে পথছোৱা মেৰামতিৰ বাবে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে যদিও বিভাগীয় কৰ্তৃপ৭ই এই ক্ষেত্ৰত বৰ্তমানলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই।
যাৰ ফলত পশ্চিম তামুলপুৰ শাখা ছাত্ৰ সন্থাৰ নেতৃত্বত যোৱা এটা সঁজাতি দলে আজি পথছোৱা মেৰামতিৰ তথা পুনৰ নিৰ্মাণৰ দাবীত বাক্সা জিলাৰ উপায়ুক্তৰ হাতত স্মাৰকপত্ৰ প্ৰদান কৰে।