• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ত্ৰিপুৰাৰ নিৰ্বাচনী কৌশলৰ আৰ্হিৰে অসমতো পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱাৰ পৰিকল্পনা ৰাজ্যিক বিজেপিৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 21, 2018 6:03 pm
4accaaba-161e-4f3b-bbda-18065074e319
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’ অহা  ২৪ মাৰ্চৰ দিনটো বিজেপি দলৰ বাবে উল্লেখযোগ্য দিন হ’ব। সেইদিনটোতে ৩ লাখ ৩৩হাজাৰ নিষ্ঠাবান বুথ কাৰ্য কৰ্তা বা পৃষ্ঠা প্ৰমুখক আমি প্ৰত্যেকগৰাকী পৃষ্ঠা প্ৰমুখকে ৬০গৰাকী ভোটাৰৰ বিপৰীতে অহা ২৪ মাৰ্চত দায়িত্ব অৰ্পণ কৰিম। এই প্ৰক্ৰিয়াৰ শুভ উদ্বোধনী কৰিব ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে,‘’-এই মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়াই।

লক্ষ্যণীয় যে ত্ৰিপুৰাৰ নিৰ্বাচনী বিজয়ৰ আঁৰতো বিজেপি দলৰ পৃষ্ঠা প্ৰমুখসকলৰ প্ৰচেষ্টাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

Apply Now

সেই একেই পদ্ধতি অৱলম্বন কৰি অসম ৰাজ্যিক বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱাৰ পৰিকল্পনা প্ৰস্তুত কৰিছে। অহা ২৪ মাৰ্চ তাৰিখে ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে এই পৰিকল্পনা মুকলি কৰাৰ লগতে বুথ কমিটিবলাকক উদ্দেশ্যি খানাপাৰাস্থিত খেলপথাৰত ভাষণ প্ৰদান কৰিব।

নিৰ্বাচনৰ পূৰ্বে প্ৰচাৰত অধিক গুৰুত্ব প্ৰদান কৰা বিজেপি দলে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবেও প্ৰস্তুতি চলাই আছে। ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত পৃষ্ঠা প্ৰমুখসকলে ভোটাৰ তালিকাৰ প্ৰতিটো পৃষ্ঠাৰ দায়িত্ব সুকলমে পালন কৰি ভোটাৰসকলক ব্যক্তিগতভাৱে আকৰ্ষিত কৰাৰ যি কৌশল হাতত লৈছিল তাত সম্পূৰ্ণ সফলতা লাভ কৰাৰ পিছত অসমতো সেই একেই আৰ্হি তথা কৌশলেৰে পঞ্চায়ত নিৰ্বাচনত বিজয়ী হোৱাৰ পৰিকল্পনা কৰিছে বিজেপিয়ে।

আজি মহানগৰীৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপি কাৰ্যালয়ত ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা, সাধাৰণ সম্পাদক ক্ৰমে দিলীপ শইকীয়া, মৃগাংক বৰ্মন আৰু পুলক গোহাঁয়ে একেলগে এখন সংবাদ মেল সম্বোধন কৰি অহা ২৪ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া বুথ সভাপতি সন্মিলনৰ কথা ঘোষণা কৰে।

এই সন্দৰ্ভত সাধাৰণ সম্পাদক দিলীপ শইকীয়াই কয়, ‘আজি আমি আনন্দৰে ঘোষণা কৰিব বিচাৰিছো যে অসমত ২৫,৮৪৯ টা বুথ আছে। লগতে এই বুথ সমূহৰ সকলো বুথ কমিটিত আমাৰ সংগঠনে বিস্তাৰ লাভ কৰিছে। তদুপৰি আজিৰ দিনটোত ভাৰতৰ সাংগঠনিকভাবে শক্তিশালী ৰাজ্যৰ ভিতৰত অসমৰ নামো সন্নিৱিষ্ট হৈছে। ইতিমধ্যে এই বুথ সমূহত যোৱা ৬-৭ মাহ ধৰি আমি নিয়মীয়াভাবে কাৰ্য্যসূচী আয়োজন কৰি আহিছিলো। বুথসমূহত জিকিব পাৰিলে আমি আগন্তুক পঞ্চায়ত নিৰ্বাচন জয়ী হ’ব পাৰিম। সেয়েহে আটাইসমূহ বুথত আমি বিৰোধী দলসমূহক পৰাভূত কৰিবলৈ চেষ্টা চলাই আছো।‘

তদুপৰি তেওঁ মত প্ৰকাশ কৰে যে যোৱা ২৪ ডিচেম্বৰত শক্তিকেন্দ্ৰ আহ্বায়ক সকলৰ সৈতে এখন ৰাজ্যিক সন্মিলনৰ আয়োজন কৰিছিল। মুঠ ৬ হাজাৰ শক্তিকেন্দ্ৰ আহ্বায়কৰ মাজত প্ৰত্যেকগৰাকীকে ৪-৫ টাকৈ বুথৰ দ্বায়িত্ব অৰ্পণ কৰিছিল।

তেওঁ প্ৰত্যেকগৰাকী শক্তিকেন্দ্ৰ আহ্বায়কে ৪-৫ টাকৈ বুথত ভ্ৰমণ কৰি ২৮,৮৪৯ টা বুথতে বিজেপিক শক্তিশালী ৰূপত প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য প্ৰকাশ কৰে।

আনহাতে, উক্ত সংবাদমেলত উপস্থিত থকা সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মাই চাহ বাগিছাসমূহত বিজেপিৰ অগ্ৰগতি সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কয়, ‘’সংখ্যালঘু লোকসকল বিজেপি দলৰ পৰা পিছ হুহুকি থকা বুলি যি প্ৰচাৰ চলিছে সেয়া সম্পূৰ্ণ মিছা। ভাৰতৰ বিভিন্ন ভাষিক তথা ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে বিজেপি দলৰ প্ৰতি আকৃষ্ট হৈ দলে-বলে যোগদানৰ বাবে আগুৱাই আহিছে। এই ক্ষেত্ৰত চাহ জনজাতিসকলো পিছ পৰি থকা নাই। যোৱা লোকসভা নিৰ্বাচনৰ পৰা আৰম্ভ কৰি পূৰ্বতে কংগ্ৰেছৰ দখলত থকা ৰাজ্যৰ চাহ বাগিছাসমূহতো বৰ্তমান বিজেপিৰ সাংগঠনিক ভেটি শক্তিশালী হৈছে। চাহ জনজাতিৰ পৰা ২ গৰাকী সাংসদকে ধৰি কেইবাগৰাকী বিধায়ক নিৰ্বাচিত হৈছে। তেওঁলোকৰ প্ৰচেষ্টাত চাহ জনজাতীয় লোকসকলো বিজেপিৰ প্ৰতি আকৃষ্ট হৈছে।‘’

উক্ত সংবাদ মেলত উপস্থিত থকা সাধাৰণ সম্পাদক পুলক গোহাঁয়ে কয়, ‘’ৰাজ্যৰ প্ৰত্যেকখন চাহ বাগিছাত আমি ৫-৬ টাকৈ লাইন কমিটি গঠন কৰিছো। চাহ বাগিছাসমূহৰ যুৱকসকলক আমি বিজেপি দলত যোগদান কৰাৰ বাবে আকৰ্ষিত কৰিছো। তদুপৰি, চাহ বাগিছাৰ অঞ্চলসমূহৰ প্ৰতি চৰকাৰে বিশেষ আঁচনিৰ ব্যৱস্থা কৰিছে। চাহ অধ্যুষিত অঞ্চলৰ যুৱক-যুৱতীসকলক ক্ৰীড়া ক্ষেত্ৰত আগুৱাই নিবৰ বাবে চৰকাৰে প্ৰচেষ্টা হাতত লৈছে।‘’

উক্ত দিনটোত পুৱা ১০ বজাৰ পৰা আৱেলি ২ বজালৈ বুথ সন্মিলনী সভা অনুষ্ঠিত হ’ব। এই সভাৰ পিছতে বিয়লি ৩ বজাৰ পৰা ৫ বজালৈ সাংসদ, বিধায়কসকলৰ সৈতে ৰাষ্ট্ৰীয় সভাপতিৰ এখন বিশেষ বৈঠক অনুষ্ঠিত হ’ব। সন্ধিয়া ৫:৩০ বজাৰ পৰা ৰাজ্যিক বিজেপিৰ কাৰ্যকৰ্তাসকলৰ মাজত এখন আলোচনা চক্ৰ অনুষ্ঠিত হ’ব। পিছদিনা ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে কামাখ্যা দৰ্শন কৰিব বুলি উক্ত সংবাদমেলত বিজেপিৰ বিষয়ববীয়াসকলে জানিবলৈ দিয়ে।

তাৎপৰ্যপূৰ্ণভাৱে আজিৰ সংবাদ মেলত চাহ জনজাতিৰ লোকসকলক অধিক গুৰুত্ব প্ৰদান কৰাৰ বিপৰীতে অন্য জনগোষ্ঠীসমূহৰ উন্নয়নৰ কথা কোনো এগৰাকী সাধাৰণ সম্পাদকে উল্লেখ কৰা দেখা নগ’ল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আকৌ পাঠ্যপুথি বিতৰ্ক : এনচিইআৰটিৰ নৱম শ্ৰেণীৰ কিতাপত সলনি কৰা হ’ল ‘ডান্সিং গাৰ্ল’ৰ ছবি

আকৌ পাঠ্যপুথি বিতৰ্ক : এনচিইআৰটিৰ নৱম শ্ৰেণীৰ কিতাপত সলনি কৰা হ’ল ‘ডান্সিং গাৰ্ল’ৰ ছবি

June 15, 2026 7:40 pm
জুই লগাৰ ভুৱা আতংকই কাঢ়িলে প্ৰাণ! মৰেনাত চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে চাৰিগৰাকী যাত্ৰীয়ে

জুই লগাৰ ভুৱা আতংকই কাঢ়িলে প্ৰাণ! মৰেনাত চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে চাৰিগৰাকী যাত্ৰীয়ে

June 15, 2026 6:49 pm
যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

June 15, 2026 6:24 pm
বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

June 15, 2026 5:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আকৌ পাঠ্যপুথি বিতৰ্ক : এনচিইআৰটিৰ নৱম শ্ৰেণীৰ কিতাপত সলনি কৰা হ’ল ‘ডান্সিং গাৰ্ল’ৰ ছবি

আকৌ পাঠ্যপুথি বিতৰ্ক : এনচিইআৰটিৰ নৱম শ্ৰেণীৰ কিতাপত সলনি কৰা হ’ল ‘ডান্সিং গাৰ্ল’ৰ ছবি

June 15, 2026 7:40 pm
জুই লগাৰ ভুৱা আতংকই কাঢ়িলে প্ৰাণ! মৰেনাত চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে চাৰিগৰাকী যাত্ৰীয়ে

জুই লগাৰ ভুৱা আতংকই কাঢ়িলে প্ৰাণ! মৰেনাত চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে চাৰিগৰাকী যাত্ৰীয়ে

June 15, 2026 6:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd