• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব ত্ৰিপুৰা

ত্ৰিপুৰা বিজেপিয়ে আয়োজন কৰা বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ

পান্না ঘোষ by পান্না ঘোষ
February 4, 2018 8:45 pm
Union Minister Smriti Iranai
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আসন্ন ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী স্মৃতি ইৰাণীয়ে আজি ত্ৰিপুৰাৰ উনাকুটিত এখন বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে।

কইলাচহৰ ইণ্ডিৰা গান্ধী বিমানবন্দৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উপস্থিত হোৱাৰ লগে লগে সমৰ্থক সকলে উষ্ম আদৰণি জনায় আৰু ইয়াৰ পিছতে পোনে পোনে ৰাংৰুং চাহবাগিচাত আয়োজিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ ৰাওনা হয়।

Apply Now

জনসভাখন সম্বোধন কৰি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী স্মৃতি ইৰাণীয়ে ৰাজ্যখনত চি পি এম শাসিত দলৰ চৰকাৰখনক তীব্ৰ সমালোচনা কৰে। মানিক সৰকাৰ নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যখনৰ আইন-শৃংখলা সম্পূৰ্ণৰূপে বিধস্ত কৰি পেলোৱা বুলিও তাৎপৰ্যমূলক মন্তব্য কৰে স্মৃতি ইৰাণীয়ে।

ইয়াৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অভিযোগ উত্থাপন কৰি কয় যে ৰাজ্যখনত বৰ্ধিত হত্যাকাণ্ডসমূহ ৰোধ কৰাৰ ক্ষেত্ৰত মানিক সৰকাৰে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই। তেওঁ কেবল ৰাজ্যৰ বাহিৰত বঁটা গ্ৰহণ কৰাতহে ব্যস্ত থাকে।

সকলো ৰাইজ একগোট হৈ চিপিআই(এম)ৰ বিফলতাৰ বিৰুদ্ধে থিয় হ’ব লাগে আৰু ‘চলো পলটাই’ শ্লোগানেৰে ৰাজ্যখনত বিজেপি চৰকাৰ আনিব লাগে বুলি স্মৃতি ইৰাণীয়ে মন্তব্য কৰে।

স্মৃতি ইৰাণীয়ে সম্বোধন কৰা বিশাল নিৰ্বাচনী সভাত ত্ৰিপুৰাৰ ৰাজ্যিক পৰ্যবেক্ষক সুনীল দেওধৰো উপস্থিত থাকে। অসংখ্য বিজেপি সমৰ্থকে অংশগ্ৰহণ কৰা জনসভাখনত আগন্তুক নিৰ্বাচনত ৰাজ্যখনৰ পৰা চিপিআই(এম)ক শাসনৰ গাদীৰ পৰা আতৰাই পেলোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে সমৰ্থকসকলে।

উল্লেখযোগ্য যে বিগত দুটা দশকৰো অধিক সময় শাসন কৰা চিপিআই(এম)ক ত্ৰিপুৰা ৰাজ্যৰ পৰা ওফৰায় পেলোৱাৰ বাবে যোৱা তিনিবছৰৰ পৰা বিজেপিয়ে ৰাজ্যখনত খোপনি পোতা পৰিলক্ষিত হৈছে।

এইখিনিতে মনকৰিবলগীয়া কথা যে যোৱা শণিবাৰে দেশৰ গৃহ মন্ত্ৰী ৰাজনাথ সিঙেও নিৰ্বাচনী প্ৰচাৰৰ বাবে ত্ৰিপুৰালৈ আহিছিল। গৃহ মন্ত্ৰীজনে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এটা ৰোড শ্ব’ত অংশ লৈছিল।

 

পান্না ঘোষ

পান্না ঘোষ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd