দৰং জিলাৰ দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ৫ নং বৰুৱাঝাৰ গাৱঁত আজি দলগাঁও আৰক্ষীয়ে বৃহৎ পৰিমাণৰ চুৰি চুলিত ঘঁহা তেলৰ কাৰ্টন উদ্ধাৰ কৰে।
দলগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জগদীশ শৰ্মাই জনোৱা মতে গোপন সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত এক অভিযান চলাই তেওঁলোকে বৰুৱাঝাৰ গাঁৱৰ মটলিব আলী নামৰ এজন লোকৰ ঘৰৰ বাৰীৰ পৰা ৬৭৪টা বাজাজ আল্মণ্ড ড্ৰপছ তেলৰ কাৰ্টন জব্দ কৰে।
অৱশ্যে অভিযুক্ত মটলিব ৰহমান পলাই হাৰিবলৈ সক্ষম হয়।
প্ৰাপ্ত থত্য মতে কিছুদিন পূৰ্বে কামৰূপ গ্ৰাম্য জিলাৰ গৌৰীপুৰত থকা বাজাজ আল্মণ্ড ড্ৰপছৰ ফেক্টৰীৰ পৰা বোজাই কৰা ৯৬০টা কাৰ্টন ভৰ্তি এ এছ ১১ এ চি ৩৭২৫ নম্বৰৰ গাড়ীখন গুৱাহাটীত থকা ইয়াৰ গুডামলৈ নি থকাৰ পথত গাড়ীখনৰ চালকৰ সৈতে সন্ধানহীন হৈ পৰে।
এই সম্পৰ্কত জালুকবাৰী আৰক্ষীয়ে ২৪৬/১৮ নম্বৰৰ এক গোচৰ ৰুজু কৰি ডইপাম, বেছিমাৰি, বৰুৱাঝাৰ আদি অঞ্চলত অভিযান চলাই ২জন লোকক আটক কৰিছিল যদিও মাত্ৰ ৭টা কাৰ্টনহে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।
অৱশ্যে পিছত দলগাঁও আৰক্ষীয়ে বিষয়টোক গুৰুত্ব সহকাৰে লৈ নিজাববীয়াকৈ অভিযান চলাই চুৰি হোৱা সামগ্ৰীখিনিৰ ৭০ শতাংশতকৈ অধিক অংশ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অৱশ্যে মূল অভিযুক্তকেইজনক আৰক্ষীয়ে এতিয়াও আটক কৰিবলৈ সক্ষম হোৱা নাই।