শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণৰ ৰাষ্ট্ৰীয় সংসদৰ দ্বাৰা সম্পন্ন কৰা নেশ্যনেল এচিভমেণ্ট ছাৰ্ভে-২০১৭-১৮ চনৰ ৰাজ্যিক প্ৰতিৱেদনত প্ৰকাশিত হৈছে যে উত্তৰ-পূৰ্বাঞ্চলৰ এক চতুৰ্থাংশ শিক্ষাৰ্থীয়ে বিদ্যালয়ত পঢ়া-শুনা কৰাৰ বাবে অত্যন্ত আগ্ৰহী হোৱা স্বত্তেও বিদ্যালয়লৈ যাবলৈ অসুবিধা পায়।
এই জৰীপটোৰ মতে এই এলেকাটোৰ বিভিন্ন এলেকাৰ মাজত শোচনীয় পথ যোগাযোগেই হৈছে বিদ্যালয়লৈ যোৱা শিক্ষাৰ্থীৰ বাবে ডাঙৰ বাধা।
বহুতো বিদ্যালয়লৈ অহা-যোৱা কৰা বাট-পথসমূহৰ অৱস্থা অত্যন্ত শোচনীয় আৰু সেয়েহে ভৌগোলিকভাৱে আচুতীয়া হৈ থকা ঠাইৰ ল’ৰা-ছোৱালীয়ে বিদ্যালয় এৰাৰ কৰাৰ বাবে বাধ্য হৈ পৰে।
শেহতীয়াভাৱে প্ৰস্তুত কৰা জৰীপটোত প্ৰকাশিত হোৱা মতে অৰুণাচলৰ তৃতীয়, পঞ্চম আৰু অষ্টম শ্ৰেণীলৈকে ৩০ শতাংশ শিক্ষাৰ্থীয়ে বিদ্যালয়লৈ যাবলৈ টান পায়, যদিও তেওঁলোকৰ ৯৬ শতাংশ শিক্ষাৰ্থী অধ্যয়নৰ বাবে আগ্ৰহী।
মেঘালয়ৰ তৃতীয় মানৰ ২৬ শতাংশ পঞ্চম মানৰ ২৫ শতাংশ আৰু অষ্টম মানৰ ৩১ শতাংশ শিক্ষৰ্থীয়ে বিদ্যালয়লৈ যাবলৈ টান পায়। ৰাজ্যখনৰ ৯৭ শতংশ শিশু বিদ্যালয়লৈ যাবলৈ আগ্ৰহী।
অনকি অসমতো পৰিস্থিতি বেলেগ নহয়। বিদ্যালয়লৈ যোৱাটো অসমত এতিয়াও এটা কষ্টসাধ্য কাম।
প্ৰতিৱেদনটোত কোৱা হৈছে যে তৃতীয় মানৰ ২১ শতাংশ, পঞ্চম মানৰ ১৯ শতাংশ আৰু অষ্টম মানৰ ২৪ শতংশই বিদ্যালয়লৈ যাবলৈ টান পায়।
আনকি, দেশৰ ভিতৰতে সৰ্বাধিক স্বাক্ষৰতাৰ হাৰ থকা অন্যতম ৰাজ্য ত্ৰিপুৰাতো তৃতীয় মানৰ ২৫ শতাংশ, পঞ্চম মানৰ ২৩ শতাংশ আৰু অষ্টম মানৰ ২২ শতাংশই শোচনীয় বাট-পথ আৰু দুৰ্গম স্থানৰ বাবে বিদ্যালয়লৈ যাবলৈ টান পায়। প্ৰতিৱেদনটোৰ মতে ৯৭ শতাংশ শিশু বিদ্যালয়লৈ যাবলৈ আগ্ৰহী।
মণিপুৰত তৃতীয় মানৰ ২৩ শতাংশ, পঞ্চম মানৰ ২৬ শতাংশ আৰু অষ্টম মানৰ ৩১ শতাংশই শোচনীয় বাট-পথ আৰু দুৰ্গম স্থানৰ বাবে বিদ্যালয়লৈ যাবলৈ টান পায়। প্ৰতিৱেদনটোৰ মতে ৰাজ্যখনৰ ৯৭ শতাংশ শিশু নিয়মিতভাৱে বিদ্যালয়লৈ যাবলৈ আগ্ৰহী।
নাগালেণ্ডত তৃতীয় মানৰ ২০ শতাংশ, পঞ্চম মানৰ ২৩ শতাংশ আৰু অষ্টম মানৰ ২৫ শতাংশই শোচনীয় বাট-পথ আৰু দুৰ্গম স্থানৰ বাবে বিদ্যালয়লৈ যাবলৈ টান পায়। প্ৰতিৱেদনটোৰ মতে ৯৮শতাংশ শিশু বিদ্যালয়লৈ যাবলৈ আগ্ৰহী।
আন এখন অধিক স্বাক্ষৰতাৰ হাৰ থকা ৰাজ্য মেঘালয়ৰ ছবিখন কিছু উন্নত।
মিজোৰামত তৃতীয় মানৰ ১১ শতাংশ, পঞ্চম মানৰ ১০ শতাংশ আৰু অষ্টম মানৰ ৭ শতাংশই শোচনীয় বাট-পথ আৰু দুৰ্গম স্থানৰ বাবে বিদ্যালয়লৈ যাবলৈ টান পায়। প্ৰতিৱেদনটোৰ মতে ৯৮ শতাংশ শিশু বিদ্যালয়লৈ যাবলৈ আগ্ৰহী।