হাতত হেণ্ডকাফ থকা অৱস্থাতেই দৰং আৰক্ষীৰ জিম্মাৰ পৰা পলাই যাবলৈ সক্ষম হৈছে এজন চোৰাং চিকাৰী।
গোপন সূত্ৰৰ পম খেদি ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ওচৰৰ দলগাওঁ আৰক্ষী চকীৰ অন্তৰ্গত শিলবাৰী গাওঁত বাহৰ পাতি থকা সন্দেহজনক চোৰাং চিকাৰীৰ সম্ভেদ লাভ কৰিছিল দৰং আৰক্ষীয়ে। দৰং আৰক্ষীয়ে চোৰাং চিকাৰীক হাতে-লোটে ধৰাৰ বাবে ক্ৰেতাৰ ৰূপত কেইজন আৰক্ষীৰ লোকক অসামৰিক পোচাকত সেই গাওঁখনলৈ প্ৰেৰণ কৰে। সেই সময়তে অসামৰিক সাজত থকা অৰক্ষীৰ দলটোৰ ওপৰত সন্দেহজনক চোৰাং চিকাৰীৰ দল এটাই আক্ৰমণ সংঘটিত কৰে। এই আক্ৰমণত মতলেব আলী, হেমন্ত কলিতা আৰু আইনুল হক নামৰ আৰক্ষীৰ লোককেইজন আহত হয়।
দৰঙৰ উপ আৰক্ষী অধীক্ষক মোহন মীনা (প্ৰবেশ্যনত থকা) আৰু অমিত হোজাইৰ (উপ অধীক্ষক) নেতৃত্বত এটা অতিৰিক্ত আৰক্ষীৰ দলে তৎক্ষণাত উপস্থিত হৈ সন্দেহজনক চোৰাং চিকাৰী হাতিম আলীক আটক কৰে।
ৰাতি প্ৰায় ১২ বজাত আহত আৰক্ষীৰ লোককেইজন আৰু সন্দেহজনক চোৰাং চিকাৰীজনক খাৰুপেটীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ অনা হয়।
আঘাত প্ৰাপ্ত হাতিম আলীক হেণ্ডকাফসহ বিচনাত বান্ধি কঠোৰ নিৰাপত্তা বেষ্টনিৰ মাজত পুৰুষৰ শৈল্য চিকিৎসা বিভাগৰ আভ্যন্তৰিণ ৱাৰ্ডৰ ২২ নং বিচনাত ৰখা হয়।
টেলিফোনযোগে নৰ্থ-ইষ্ট নাওক দৰঙৰ আৰক্ষী অধীক্ষকে জনোৱা মতে অতি সোনকালে তেওঁলোকে পলাতক অপৰাধীজনক আটক কৰিবলৈ সক্ষম হ’ব।
তেওঁ কয় কয় যে আৰক্ষীৰ নিৰাপত্তাৰ সুৰঙাৰ সুযোগ লৈয়েই সন্দেহজনক অপৰাধীজন পলাই যাবলৈ সক্ষম হৈছে। আৰক্ষীৰ লোকক আক্ৰমণ কৰা সকলক চিনাক্ত কৰাত তেওঁলোক সফল হৈছে বুলি প্ৰকৈআশ কৰি তেওঁ কয় যে অতি সোনকালে তেওঁলোকে দোষীক কৰায়ত্ত কৰিবলৈ সক্ষম হ’ব।