ধবুৰী জিলাৰ গৌৰীপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ভোগদাহাৰ গাওঁ পঞ্চায়তত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োদন নিশ্চিতি আইনৰ অধীনত চলি থকা পথ নিৰ্মাণৰ কামত যথেষ্ট অনিয়ম হোৱাৰ অভিযোগ তুলিছে স্থানীয় বাসিন্দাই।
স্থানীয় বাসিন্দাসকলে অভিযোগ উত্থাপিত কৰা মতে ভোগদাহাৰ এলেকাৰ জনসাধাৰণৰ সুচল যাতায়াতৰ বাবে ২০১৭-১৮ চনৰ বিত্তীয় বৰ্ষত ভোগদাহাৰ দলঙৰ পৰা ছাহিদুলৰ ঘৰলৈ (৭০৫.০০ মিটাৰ দৈৰ্ঘৰ) পথচোৱা শিল আৰু বালিৰে নিৰ্মাণ কৰাৰ বাবে ৯,৫০,৯৭৭.০০ টকা মোকোলাই দিয়া হৈছিল। কিন্তু চৰকাৰে নিৰ্ধাৰণ কৰা মতে পথচোৱাৰ নিৰ্মাণ আগবঢ়া নাই বুলি স্থানীয়বাসিন্দাই অভিযোগ কৰিছে।
পথ নিৰ্মাণৰ বিষয়ত নিজৰ অসন্তুষ্টি প্ৰকাশ কৰি ভোগদাহাৰৰ স্থানীয় বাসিন্দা আব্দুল ৰহমানে কৈছে যে নিৰ্মাণৰ সকলো কাম-কাজ গাওঁ পঞ্চায়তে কৰিছে আৰু সদস্যসকলে যথোচিত নিৰ্দেশাৱলী অবিহনেই কাম কৰিছে।
ৰহমানে কোৱা মতে পথটোৰ নিৰ্মাণৰ প্ৰাককলনত স্পষ্টকৈ লিখা আছে যে পথটো শিল আৰু বালিৰে নিৰ্মাণ হ’ব লাগিব। কিন্তু সমগ্ৰ পথটোতে এটাও শিল বালি বিচাৰি পাবলৈকে নাই।
আৰ আনছাৰী নামৰ আন এজন গাওঁবাসীয়ে কৈছে যে গাওঁ পঞ্চায়তৰ সকলো সদস্যই কেবল নিজৰ স্বাৰ্থ পুৰোৱাতহে আগ্ৰহী, বিকাশৰ বি,য়ত চিন্তা কৰিবলৈ তেওঁলোকৰ আহৰি নাই।
ভোগদাহাৰ গাৱঁৰ বাসিন্দাসকলে গাওঁ পঞ্চায়তৰ সদস্যসকল আৰু জিলা পৰ্যায়ৰ বিষয়াসকলৰ মাজত এটা বুজা-পৰা থকা বুলি অভিযোগ তুলি কৈছে যে ‘এই বুজা-পৰা থকা বাবে গাওঁ পঞ্চায়তৰ সদস্যসকলে নিৰ্ভয়ে এনেধৰণৰ কাম কৰিবলৈ সাহস পাইছে’ ।
অন্যন্য গাওঁবাসীয়েও কৈছে যে বিষয়টো গৌৰীপুৰৰ খণ্ড উন্নয়ন বিষয়া আৰু ধুবুৰীৰ জিলা গ্ৰাম্য বিকাশ অভিকৰণৰ ওচৰলৈ লৈ যোৱা হৈছিল যদিও এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। গাওঁবাসীসকলে এই ঘটনাৰ এটা উচ্চ পৰ্যায়ৰ তদন্ত আৰু দোষীৰ উপযুক্ত শাস্তিৰ দাবী কৰিছে।