আৰক্ষীৰ চকুত ধূলি দি দীৰ্ঘদিন ধৰি নিচাযুক্ত সামগ্ৰীৰ বেহা চলাই অহা অবৈধ ঘাটিত নগাঁও আৰক্ষীয়ে কালি নিশা অতৰ্কিত অভিযান চলাই সৰবৰাহৰ উদ্দেশ্যে মজুত কৰি ৰখা ২৮ কাৰ্টন নিচাজাতীয় ঔষধ জব্দ কৰাৰ লগতে দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে।
উল্লেখ্য যে, ড্ৰাগছৰ ঘাটিত পৰিণত হোৱা নগাঁৱৰ মাজপাথৰি অঞ্চলত আৰক্ষীৰ চকুত ধূলি দি দীৰ্ঘদিন ধৰি নিচাযুক্ত সামগ্ৰীৰ বেহা চলাই আহিছিল। গোপন সূত্ৰৰ পম খেদি নগাঁৱৰ মাজপাথৰিৰ অবৈধ ঘাটিত চলা নগাঁও আৰক্ষীৰ অতৰ্কিত অভিযানত বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ হয়।
নগাঁও আৰক্ষীয়ে মদ আৰু ড্ৰাগছৰ বিৰুদ্ধে চলোৱা এই অভিযানৰ পিচতে নিচাযুক্ত সামগ্ৰী সৰবৰাহ কৰা অবৈধ বজাৰখনৰ বহু গোপন কথা পোহৰলৈ অহাৰ সম্ভাৱনা আছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহৰ উদ্দেশ্যে মজুত কৰি ৰখা ২৮ কাৰ্টন নিচাজাতীয় ঔষধ জব্দ কৰাৰ লগতে নগাঁও আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ লগত জড়িত টিংকু আলী আৰু মোহাম্মদ কায়েম নামৰ লোক দুজনক কৰায়ত্ত কৰে।
জানিব পৰা মতে বিশেষকৈ নিশাৰ ভাগত ড্ৰাগছ সৰবৰাহকাৰীয়ে বিলাসী গাড়ীৰে সততে সাধাৰণ লোক বা আৰক্ষীয়ে সন্দেহ নকৰিবৰ বাবে ড্ৰাগছ সৰবৰাহ কৰে। আনহাতে, নগাঁও আৰক্ষীলৈ অহা গোপন খবৰ অনুসৰি জিলাখনৰ বিভিন্ন প্ৰান্তত সৰবৰাহ কৰাৰ উদ্দেশ্যে মাজপাথৰিত এখন এ এচ ০৪ ই ৬১১৭ নম্বৰৰ ইণ্ডিকা গাড়ীত ড্ৰাগছ মজুত কৰি ৰাখিছিল।
ইয়াৰ পিচতে আৰক্ষীৰ বিশেষ অভিযানকাৰী দলে অভিযান চলাই ড্ৰাগছখিনি জব্দ কৰে, লগতে ড্ৰাগছ সৰবৰাহৰ বাবে ব্যৱহাৰ কৰা এ এচ ০৪ ই ৬১১৭ নম্বৰৰ ইণ্ডিকাৰ লগতে এখন স্কুটিও জব্দ কৰে।
উল্লেখ্য যে, এটা দুষ্ট চক্ৰই জিলাখনৰ বিভিন্ন স্থানত আৰক্ষীৰ চকুত ধূলি দি দীৰ্ঘদিন ধৰি নিচাজাতীয় সামগ্ৰীৰ বেহা চলাই আহিছে। নগাঁও জিলা আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিয়ে প্ৰকাশ কৰা তথ্যনুসৰি মদ, ড্ৰাগছ আদিৰ বিৰুদ্ধে অভিযান চলাবৰ বাবে গঠন কৰা বিশেষ অভিযানকাৰী দলে জিলাখনৰ বিভিন্ন প্ৰান্তত অভিযান চলাব আৰু অতিশীঘ্ৰেই জিলাখনত থকা কেবাটাও ড্ৰাগছৰ মূল ঘাটি উৎখাত হোৱাৰ সম্ভাৱনা আছে। শেহতীয়াকৈ নগাঁও আৰক্ষীয়ে আটক কৰা দুই ড্ৰাগছ ব্যৱসায়ীৰ জেৰা অব্যাহত ৰাখিছে।