• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগা আৰু অসমীয়াৰ সম্পৰ্কক বিষয়বস্তু হিচাপে লৈ দুখন গ্ৰন্থ প্ৰকাশ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 22, 2017 7:05 pm
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগা আৰু অসমীয়াৰ মাজত থকা মধুৰ সম্পৰ্কৰ দিশটো দাঙি ধৰাৰ মানসেৰে আজি গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচিত হ’ল ৰাধিকা বল্লভ গোস্বামীৰ দুখনকৈ গ্ৰন্থ। প্ৰাক্তন প্ৰশাসনিক বিষয়া তথা লেখক লক্ষ্মীনাথ তামুলীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই গ্ৰন্থ উন্মোচনী সভাত গ্ৰন্থ উন্মোচক হিচাপে উপস্থিত থাকে দৈনিক জনমভুমি কাকতৰ সম্পাদক উৎপল বৰুৱা, বিশিষ্ট কবি সমীৰ তাঁতী আৰু ডিমাপুৰৰ এ জে ৰেংমা উপস্থিত থাকে। ৰাধিকা বল্লভ গোস্বামীৰ দুখনকৈ গ্ৰন্থ ক্ৰমে ‘নগা, অসমীয়াৰ সম্পৰ্ক : সংঘাত নে সম্প্ৰীতি’ আৰু ‘নগা সীমান্তৰ পৰা কৈছো আৰু এখন কবিতা পুথি ‘চেৰাশালিৰ পদ্য’ আজিৰ এই গ্ন্থ উন্মোচনী সভাত উন্মোচিত হয়।

উক্ত গ্ৰন্থ উন্মোচনী সভাত উন্মোচক হিচাপে বক্তব্য প্ৰদান কৰি বিশিষ্ট সাংবাদিক উৎপল বৰুৱাই কয় ‘বৰ্তমান সময়ত অসমৰ জলন্ত সমস্যাসমূহক কেন্দ্ৰ কৰি গ্ৰন্থ উপন্যাস প্ৰকাশ কৰা সাহিত্যিকৰ সংখ্যা তেনেই নগন্য। এই পৰিপ্ৰেক্ষিতত ৰাধিকা বল্লভ গোস্বামীৰ এনে প্ৰচেষ্টা শলাগ ল’বলগীয়া’। ইয়াৰ উপৰি তেওঁ কয় যে নগা অসমীয়াৰ সম্পৰ্কক লৈ প্ৰকাশ কৰা এই গ্ৰন্থ দুখনে নগা অসমীয়াৰ সম্পৰ্ক আৰু অধিক কটকটীয়া কৰি তুলিব। কথা প্ৰসংগত সাংবাদিক গৰাকীয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে নাগালেণ্ডৰ সীমান্তবৰ্তী ৰাইজে চৰকাৰৰ ফালৰ পৰা যিখিনি সুবিধা পাইছে তাৰ তুলনাত অসমৰ সীমান্তৱৰ্তী এলেকাৰৰ লোক সকলে কোনোধৰণৰ চৰকাৰী সুবিধা লাভ নকৰাৰ লগতে তেওঁলোকৰ সমস্যা সমূহ সমস্যা হৈয়েই আছে।

Apply Now
এ জে ৰেংমা

সেই সভাতে সভাপতি লক্ষ্মীনাথ তামুলীয়ে সভাপতিৰ অভিভাষন আগবঢ়ায়। ভাষণৰ মাজতে সঘনাই বেজীৰ আগটোৰ সমানো মাটি নাগালেণ্ডক দিয়া নহয় বুলি চৰকাৰৰ মুৰব্বী সকলে কৰা মন্তব্যৰ সমালোচনা কৰি কয় যে ১৯৬৩ চনত নাগালেণ্ডৰ মাটিকালি প্ৰায় ১৬,৫৭৯ বৰ্গ কিল’মিটাৰ। এই সন্দৰ্ভত তেওঁ বৰ্তমান সময়ত কি পৰিস্তিতিত নাগালেণ্ডৰ পৰিসীমা ১,২০,০০০ বৰ্গ কিল’মিটাৰলৈ বৃদ্ধি পালে বুলি চৰকাৰৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰে। যদি কেন্দ্ৰীয় চৰকাৰে নাগালিমৰ প্ৰস্তাব গ্ৰহণ কৰে তেন্তে এই কাৰ্য্যই সমগ্ৰ ৰাজ্যকে খণ্ডিত কৰিব বুলি তেওঁ আশাংকা কৰে। ইয়াৰ উপৰি নাগালিম প্ৰস্তাব গৃহীত হ’লে ভাৰতৰ অন্তৰ্গত সকলো ৰাজ্যই স্বাধীনতা বিচৰা আৰম্ভ কৰিব আৰু তেনে পৰকিপ্ৰেক্ষিতত অখণ্ডতাপূৰ্ণ ভাৰত খণ্ডিত হৈ পৰিব বুলি তেওঁ মন্তব্য প্ৰকাশ কৰে।

গ্ৰন্থ উন্মোচনী সভাৰ শেষত গ্ৰন্থ দুখনৰ লেখক ৰাধিকা বল্লভ গোস্বামীয়ে প্ৰকাশিত গ্ৰন্থ দুখনৰ সন্দৰ্ভত বক্তৃতা প্ৰদান কৰে। কথছা প্ৰসংগত লেখকজনে কয় যে অতি প্ৰাচীন কালৰে পৰা অসমীয়া আৰু নগা সকলৰ মাজত এক মধুৰ সম্পৰ্ক আছে। কছাৰী আৰু আহোম ৰাজত্বৰ কালত আহ-যাহ, থকা-খোৱা, বৈবাহিক সম্বন্ধ আদিৰ মাজেৰে এই সম্পৰ্ক অধিক দৃঢ় হৈছিল। আনহাতে ব্ৰিটিছসকলৰ ৰাজত্বৰ সময়ছোৱাত তেওঁলোকে কৌশলগতভাবে অসমীয়া আৰু নগাৰ মাজত বিভেদৰ বীজ ৰোপন কৰিছিল বুলি তেওঁ মন্তব্য কৰে। তদুপৰি তেওঁ জানিবলৈ দিয়া অনুসৰি বিগত ৩৭ বছৰ কাল তেওঁ নাগালেণ্ড সীমান্তত আছিল আৰু সীমান্ত অঞ্চলৰ প্ৰায় প্ৰতি ইঞ্চি মাটিৰ লগত পৰিচিত। উল্লেখযোগ্য যে তেওঁ কৰ্মজীৱনত অসম-নাগালেণ্ড সীমান্তৰ সবিশেষ লিখনি দৈনিক জনমভূমিৰ লগতে আন বহুকেইখন বাতৰি কাকতত প্ৰকাশ কৰিছিল।

লক্ষ্যণীয় যে একেধাৰে সাংবাদিক, সাহিত্যিক ৰাধিকা বল্লভ গোস্বামীয়ে ৭০ দশকৰে পৰা কাব্যিক চৰ্চা আৰম্ভ কৰিছিল যদিও আজি উন্মোচিত ‘চেৰাশালিৰ পদ্য’ তেওঁৰ প্ৰথম কবিতা পুথি। আনহাতে তেওঁৰ প্ৰকাশভঙ্গীৰ সৰলতা, তীৰ্যক ব্যঞ্জনা বুলি সভাত উন্মোচক হিচাপে উপস্থিত থকা বিশিষ্ট কবি সমীৰ তাঁতীয়ে উল্লেখ কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd