শুকুৰবাৰে নলবাৰী জিলাৰ দিপ্তা সুৰাদিত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা৷ জানিব পৰা মতে আজি দুপৰীয়া ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সুৰাদিত বিদ্যালয়ৰ পৰা আহি থকা এখন স্কুল বাছ আৰু ট্ৰাকৰ মাজত সংঘৰ্ষ হয়।
এ,এচ ১৪ চি ৪৯২৭ নম্বৰৰ নলবাৰী চহৰৰ গ্লোবেল একাডেমিৰ স্কুল বাছখনে বৰমা অভিমুখে আহি থকা অৱস্থাত পিচ ফালৰ পৰা অহা এইচ আৰ ৩৮ ভি ৭১০১ নম্বৰৰ ট্ৰাক খনে খুন্দা মাৰে ৷ফলত বাছখনত থকা এঘাৰ জন ছাত্ৰ-ছাত্ৰী আহত হয়।
দুৰ্ঘটনাটোত স্কুল বাছখনৰ চালক নিৰেন বৈশ্য, ছাত্ৰ অংকিতা বৈশ্য, আৰু ঋষিৰাজ ভাগৱতী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাত তিনিওজনকে উন্নত চিকিৎসাৰ বাবে নলবাৰীলৈ প্ৰেৰন কৰা হয়৷
বাকী আহত ছাত্ৰ-ছাত্ৰী সকলক বৰমা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি অভিভাবকে নিজ নিজ ঘৰলৈ লৈ যায়৷
ইফালে নলবাৰীত চিকিৎসাধীন হৈ থকা শিক্ষাৰ্থী দুজন আৰু বাছ চালকজন সংকটমুক্ত বুলি চিকিৎসকে জানিবলৈ দিয়ে ৷
আনহাতে দুৰ্ঘটনা সংঘটিত হোৱা অঞ্চলৰ স্থানীয় লোকে স্কুল বাছখনৰ ভুলৰ বাবে এই ভয়ংকৰ দুৰ্ঘটনাটো হোৱা বুলি জনায়।