NORTHEAST NOW (Assamese)

নাগৰিকত্বৰ বিধেয়ক : মুখ্য মন্ত্ৰী সোণোৱালক পোনপটীয়া আক্ৰমণ প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈৰ

April 19, 2018 5:28 pm · কল্পজ্যোতি শইকীয়া
Updated: April 19, 2018 6:30 pm

ধৰ্মৰ ভিত্তিত বিদেশীক ভাৰতৰ নাগৰিকত্ব প্ৰদানৰ বাবে কেন্দ্ৰৰ বিজেপি চৰকাৰে অনা নাগৰিকত্ব সংশোধন বিধেয়ক ( Citizenship Amendment Bill )ক লৈ আজি ১৯ এপ্ৰিলত মুখ খুলিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা কৰি প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে কয় যে ‘ধৰ্মৰ ভিত্তিত’ নহয় অসম চুক্তিৰ ভিত্তিত হ’ব লাগিব ‘বিদেশী চিনাক্তকৰণ’। ‘অসম চুক্তি থকাৰ পিছতো বিদেশী চিনাক্তকৰণ প্ৰক্ৰিয়াটো কেনেকৈ বেলেগ হ’ব পাৰে?’ বুলি চৰকাৰক প্ৰশ্ন কৰি গগৈয়ে কয় যে ‘এই ক্ষেত্ৰত সোণোৱাল চৰকাৰ’ ‘নিমাত হৈ থকা’টো আশ্চৰ্য্যজনক।

মুখ্য মন্ত্ৰী ‘সোণোৱাল আছুত থাকোতে অসম চুক্তিৰ সমৰ্থনত আছিল’ বুলি মন্তব্য কৰি গগৈয়ে কয় যে ‘তেওঁ এতিয়া নিমাত হৈ থকাটো অসমৰ স্বাৰ্থৰ বিৰুদ্ধে গৈছে’। ‘আছুৰ সময়ৰ তেখেতৰ স্থিতি আৰু এতিয়াৰ স্থিতিৰ মাজত আমি কিয় ইমান পাৰ্থক্য দেখা পাইছো?’ বুলি মুখ্য মন্ত্ৰী সোণোৱালক প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে পোনপটীয়াকৈ সংবাদমেলখনত প্ৰশ্ন কৰিছে।

বিধেয়কখন আহি যুটীয়া সংসদীয় সমিতিত পোৱাৰ পিছত ‘এতিয়া এইক্ষেত্ৰত অসম চৰকাৰৰ স্থিতি কি আমাক সেইটো লাগে’ বুলি গগৈয়ে মন্তব্য কৰে।

উল্লেখযোগ্য যে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদানৰ বাবে কেন্দ্ৰৰ বিজেপি চৰকাৰে উত্থাপন কৰা এই বিধেয়কখন অসমৰ প্ৰায় সকলো দল-সংগঠনে সৰ্বাত্মক বিৰোধিতা কৰিছে। বিজেপি দলে আগৰে পৰা ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদানৰ পোষকতা কৰি আহিছে, কিন্তু অসমৰ মিত্ৰজোঁট চৰকাৰখনৰ প্ৰধান অংশীদাৰী দল অসম গণ পৰিষদে বিধেয়কখন কোনোপধ্যে মানি নলয় বুলি বাৰে বাৰে ঘোষণা কৰি আহিছে

এনে পৰিপ্ৰেক্ষিতত বিধেয়কখন সন্দৰ্ভত অসম চৰকাৰৰ স্থিতি ৰাজহুৱা কৰাৰ বাবে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীৰ দাবী তাৎপৰ্য্যপূৰ্ণ বুলি বিবেচিত হৈছে।

বিধেয়কখন সন্দৰ্ভত ‘অসমৰ মানুহক কিয় তেওঁলোকে অন্ধকাৰত ৰাখিছে?’ বুলিও গগৈয়ে অসম চৰকাৰক প্ৰশ্ন কৰে।

Related News