উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰক এক আবেদন যোগে অসমৰ ২৬ টা জনগোষ্ঠীয় সংগঠনে সাংবিধানিক বিচাৰপীঠে ভিত্তি বৰ্ষ চূড়ান্ত নকৰালৈকে নাগৰিক পঞ্জীৰ খচৰা প্ৰকাশ কৰাৰ নিৰ্দেশ পুনৰ বিবেচনা কৰিবলৈ অনুৰোধ জনাইছে।
২০১৪ চনৰ ১৭ ডিচেম্বৰত ৰঞ্জন গগৈ আৰু ৰোহিনটন নৰিমনৰ খণ্ড আদালতে অসম সন্মিলিত মহাসংঘ আৰু সদৌ অসম আহোম সভাৰ এটা ৰাজহুৱা স্বাৰ্থজড়িত গোচৰত ৰাষ্ট্ৰীয় অসমত নাগৰিক পঞ্জীৰ ভিত্তি বৰ্ষ উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া বিচাৰপীঠেহে চূড়ান্ত কৰিব বুলি ৰায় দিছিল।
সেয়েহে ভিত্তি বৰ্ষ চূড়ান্ত নোহোৱাকৈ ১৯৭১ চনৰ ভোটাৰ তালিকাৰ ভিত্তিত নাগৰিক পঞ্জীৰ খচৰা প্ৰকাশ কৰিবলৈ দিয়া নিৰ্দেশটো পুনৰ বিবেচনা কৰিবলৈ বৃহস্পতিবাৰে এক পত্ৰযোগে ২৬ টা জনগোষ্ঠীয় সংগঠনে আবেদন জনাইছে।
উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰলৈ প্ৰেৰণ কৰা এই পত্ৰখনক ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ হিচাপে বিবেচনা কৰি কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈকো সংগঠনকেইটাই আবেদন জনাইছে।
অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে প্ৰকাশ কৰা এক বিবৃতিত এই কথা কোৱা হৈছে।
উল্লেখযোগ্য যে অসম সন্মিলিত মহাসংঘই অসমত বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৭১ ৰ পৰিৱৰ্তে ১৯৫১ চন হ’ব লাগে বুলি উচ্চতম ন্যায়ালয়ত এক গোচৰ তৰিছিল আৰু তাৰ চূড়ান্ত ৰায় এতিয়াও হোৱা নাই।
মহাসংঘৰ মতে দেশৰ বাকী অংশত বিদেশী চিনাক্তকৰণৰ তথা ভাৰতীয় নাগৰিকত্বৰ বাবে ভিত্তিবৰ্ষ যদি ১৯৫১ চন হয় তেতিয়াহ’লে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে ভিত্তিবৰ্ষ কেনেকৈ বেলেগ হ’ব পাৰে।