বৃহস্পতিবাৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত নাৰী দিৱস উদযাপন কৰাৰ সময়তে হোজাইৰ এগৰাকী মহিলাক মুম্বাইত নিজ স্বামীয়ে বিক্ৰী কৰিবলৈ লোৱা ঘটনা পোহৰলৈ আহিছে।
প্ৰাপ্ত তথ্য মতে হোজাইৰ খাইৰুল ইছলাম নামৰ ব্যক্তিজনে নিজ পত্নীক মুম্বাইত ফুৰোৱা চলেৰে নি এটা মানৱ সৰবৰাহকাৰী চক্ৰৰ হাতত বিক্ৰী কৰে।
আনহাতে ইছলামৰ পত্নীক মানৱ সৰবৰাহকাৰী চক্ৰটোৱে নিশা বলপূৰ্বকভাৱে নিবলৈ অহাতহে মহিলা গৰাকীয়ে সমগ্ৰ ঘটনা সম্পৰ্কত অৱগত হয়। ফলত মহিলাগৰাকীয়ে নিজৰ প্ৰাণ ৰক্ষা কৰাৰ বাবে চিঞৰ-বাখৰ কৰিবলৈ ধৰে।
ইফালে মহিলা গৰাকীৰ চিঞৰ-বাখৰ শুনি স্থানীয় ৰাইজ আহি মহিলাগৰাকীক মানৱ সৰবৰাহকাৰী চক্ৰটোৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও অভিযুক্ত ইছলাম পলায় সাৰিবলৈ সক্ষম হয়।
স্থানীয় ৰাইজে ভুক্তভোগী মহিলাগৰাকীক আৰ্থিক সাহায্যৰ লগতে আৰু অন্যান্য যাৱতীয় বয়বস্তু দি হোজাইৰ নিজ গৃহলৈ ঘূৰি অহাত সহায় কৰে।
ইফালে নিজ গৃহত উপস্থিত হোৱাৰ পিছতে বৃহস্পতিবাৰে ভুক্তভোগী মহিলাগৰাকীয়ে স্বামী খাইৰুল ইছলামৰ বিৰুদ্ধে স্থানীয় অৰক্ষী চকীত এজাহাৰ দাখিল কৰে। ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে।