এ পি এছ চি কেলেংকাৰী গোচৰৰ মূল অভিযুক্ত আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালে তেওঁৰ বিৰুদ্ধে ভঙাগড় থানাত ৰুজু হৈ থকা গোচৰত জামিন বিচাৰি জনোৱা আবেদন বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে নামঞ্জুৰ কৰে।
কৃষি উন্নয়ন বিষয়াৰ বাছনিত সংঘটিত কৰা অনিয়ম সন্দৰ্ভত এগৰাকী প্ৰাৰ্থীয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত ভঙাগড় থানাত গোচৰটো ৰুজু কৰা হৈছিল।
এ পি এছ চি কেলেংকাৰী গোচৰৰ তদন্ত অব্যাহত থকা আৰু অভিযুক্ত পালক জিম্মাত ৰাখি অধিক জেৰা কৰাৰ প্ৰয়োজনীয়তাৰ যুক্তি প্ৰদৰ্শন কৰি এ পি এছ চি কেলেংকাৰী গোচৰৰ বিশেষ লোক অধিবক্তা বিজন মহাজনে ৰাকেশ পালৰ জামিনৰ বিৰোধিতা কৰিছিল।
অসম লোকসেৱা আয়োগৰ উৎকোচৰ বিনিময়ত চাকৰি লোৱা কেলেংকাৰীত কাৰাৰুদ্ধ হৈ থকা কেলেংকাৰীটোৰ মূল অভিযুক্ত ৰাকেশ পালে গ্ৰেপ্তাৰ হোৱাৰ পিছৰে পৰা কেইবাবাৰো জামিনৰ বাবে আবেদন কৰি আদালতত মুখ থেকেচা খাবলগীয়া হৈছে।
পালে আনকি উচ্চতম ন্যায়ালয়তো জামিনৰ বাবে আবেদন জনাইছিল যদিও তাতো তেওঁ ব্যৰ্থ হয়।
পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত ৰাজ্যখনত সংঘটিত হোৱা কেলেংকাৰীটোৰ ডিব্ৰুগড় আৰক্ষীয়ে তদন্ত চলাই আছে। ডিব্ৰুগড় আৰক্ষীয়ে এতিয়ালৈকে অসম লোকসেৱা আয়োগৰ পূৰ্বৰ অধ্যক্ষ ৰাকেশ কুমাৰ পালকে ধৰি এই গোচৰৰ সংক্ৰান্তত চল্লিশ জনতকৈয়ো অধিক অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।
উল্লেখযোগ্য যে যোৱা বছৰৰ ৪ নৱেম্বৰত পালক গ্ৰেপ্তাৰ কৰা হৈছিল। তাৰ পিছতে আয়োগৰ আন দুগৰাকী সদস্য ছামেদুৰ ৰহমান আৰু বসন্ত কুমাৰ দলেক গ্ৰেপ্তাৰ কৰা হৈছিল।
উক্ত তিনি গৰাকীক গ্ৰেপ্তাৰ কৰাৰ পিছতেই অসম লোকসেৱা আয়োগৰ সহকাৰী পৰীক্ষা নিয়ন্ত্ৰক পৱিত্ৰ কৈৱৰ্তক গ্ৰেপ্তাৰ কৰা হৈছিল।
অলপতে এগৰাকী মহিলা এচিএছ বিষয়া অভিষিকা বৰুৱাই ৰাজসাক্ষী হিচাপে তেওঁৰ ভাষ্য লিপিবদ্ধ কৰাইছিল যিটোৱে তদন্তটোক এটা নতুন মাত্ৰা দিয়াৰ লগতে অভিযুক্তসকলৰ শাস্তি নিশ্চিত কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে।