পৃথক বড়ো আৰু কাৰ্বি ৰাজ্য গঠনৰ দাবীত সোমবাৰে উত্তাল হ’ল দেশৰ ৰাজধানী নতুন দিল্লীৰ ৰাজপথ। বড়ো আৰু কাৰ্বি জনগোষ্ঠীৰ সহস্ৰাধিক লোকে ৰাজঘাটৰ পৰা সংসদ মাৰ্গলৈকে এক বৃহৎ সমদল উলিযায় দীৰ্ঘদিনীয়া দাবী পুনৰ উত্থাপন কৰে।
‘নেশ্যনেল ফেডাৰেশ্যন অব্ নিউ ষ্টেট’ নামৰ সংগঠনটোৰ উদ্যোগত আয়োজিত এই প্ৰতিবাদী কাৰ্যসূচীত বড়ো আৰু কাৰ্বি জনগোষ্ঠীৰ লোকসকলৰ লগতে পৃথক ৰাজ্যৰ দাবী উত্থাপন কৰি অহা দেশৰ অন্য প্ৰান্তৰ সহস্ৰাধিক দল-সংগঠনৰ লোকেও উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
পৰম্পৰাগত সাজপাৰ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰা বড়ো জনগোষ্ঠীৰ প্ৰতিবাদকাৰীসকলে ‘ডিভাইড অসম ৫০:৫০,’ ‘জীৱন দিম বড়োলেণ্ড ল’ম’, ‘বড়োলেণ্ড আমাৰ সাংবিধানিক অধিকাৰ’ আদি শ্ল’গানেৰে নতুন দিল্লীৰ আকাশ বতাহ কপাই তোলে।
এই প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত আয়োজিত এখন সংবাদমেলত নিখিল বড়ো ছাত্ৰ সন্থা (এবছু)ৰ সভাপতি প্ৰমোদ বড়োৱে পৃথক ৰাজ্য গঠনৰ নামত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে চলাই অহা নিকৃষ্ট ৰাজনীতিক তীব্ৰ ভাষাৰে সমালোচনা কৰে।
কেন্দ্ৰীয় চৰকাৰে বড়োলেণ্ড সমস্যা সমাধানত অলপো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে প্ৰমোদ বড়োৱে। তেওঁ লগতে কয় যে বিগত লোক সভাৰ নিৰ্বাচনৰ সময়ত বিজেপিয়ে পৃথক বড়ো ৰাজ্য গঠনৰ দাবীক সমৰ্থন জনাইছিল। কিন্তু বিজেপি ক্ষমতালৈ অহাৰ পাছত সকলো পাহৰি যোৱা বুলিও অভিহিত কৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ ভাষাৰে সমালোচনা কৰি তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে পৃথক ৰাজ্য গঠনৰ দাবীক গুৰুত্ব নিদিয়ে তেনেহ’লে আগন্তুক দিনত এবছুৱে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিব বুলিও সকীয়াই দিয়ে।
আনহাতে, কোকৰাঝাৰৰ প্ৰাক্তন সাংসদ ছানছুমা খংগুৰ বিছমুতিয়াৰীয়ে কেন্দ্ৰৰ বিজেপি চৰকাৰখনে সাধাৰণ জনতাৰ কোনো কথাই নাভাবে বুলি জনাই কয় যে শাসনলৈ অহাৰ পাছত প্ৰধানমন্ত্ৰীক দেখা কৰাৰ বাবে মই বহুবাৰ পত্ৰ প্ৰেৰণ কৰিলো, কিন্তু আজিলৈকে প্ৰধানমন্ত্ৰীয়ে সাক্ষাতৰ সময় নিদিলে। প্ৰধানমন্ত্ৰীৰ এনে ধৰণৰ মনোভাব একনায়কত্ববাদৰ পৰিচায়ক বুলিও অভিহিত কৰে প্ৰাক্তন সাংসদজনে।
ইফালে, পৃথক ৰাজ্যৰ দাবী উহ্থাপন কৰা দলসমূহৰ ঐক্যমঞ্চ ‘নেশ্যনেল ফেডাৰেশ্যন অব্ নিউ ষ্টেট’ৰ সভাপতি এছ জি এনেও সংবাদমেলত জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাক সমালচনা কৰা দেখা যায়।
অৱশ্যে তেওঁ তাৎপৰ্যমূলক মন্তব্য কৰি কয় যে নিৰ্বাচন অহাৰ লগে লগেই আমাৰ দাবীসমূহ কেন্দ্ৰীয় চৰকাৰখনৰ দৃষ্টি গোচৰ হয়। লগতে পৃথক ৰাজ্যৰ প্ৰসংগক লৈ বিজেপিয়ে নিকৃষ্ট ৰাজনীতি কৰি অহা বুলিও অভিহিত কৰে।
আনহাতে আগন্তুক লোক সভা নিৰ্বাচনত এনে ধৰণৰ নিকৃষ্ট ৰাজনীতি কৰা বিজেপিক প্ৰত্যুত্তৰ দিবলৈ ‘নেশ্যনেল ফেডাৰেশ্যন অব্ নিউ ষ্টেট’ সাজু হোৱা বুলিও মত ব্যক্ত কৰে।