শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ৰ ডিফু কেম্পাছ ২০০৭ চনতে প্ৰতিষ্ঠা কৰা হৈছিল যদিও আজি পৰ্য্যন্ত এই প্ৰতিষ্ঠানটোৱে পূৰ্ণাংগ ৰূপ নাপালে। তাৰ পৰিৱৰ্তে জোৰা-টাপলি মাৰিয়ে চলাই থকা হৈছে প্ৰতিষ্ঠানটো।
সংশ্লিষ্ট কৰ্তৃপক্ষৰ অৱহেলাৰ বাবেই এইদৰে কেম্পাছটো পংগু অৱস্থাত থকা বুলি ইয়াৰ ছাত্ৰ সমাজে অভিযোগ কৰিছে। অসম বিশ্ববিদ্যালয়ৰ ডিফু কেম্পাছৰ ছাত্ৰ সন্থা (AUDCSU) ১৭ এপ্ৰিলত কেম্পাছটোৰ মূল প্ৰৱেশদ্বাৰ বন্ধ কৰি প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে পুৱা ১০ বজাত মূল প্ৰৱেশদ্বাৰ বন্ধ কৰি দিয়ে।
অৱশ্যে পিছত প্ৰায় ১১.৩০ মান বজাত প্ৰতিবাদকাৰীসকলে কৰ্তৃপক্ষৰ আশ্বাসত প্ৰৱেশদ্বাৰ অৱৰোধ কাৰ্য্যসূচী প্ৰত্যাহাৰ কৰে। প্ৰতিবাদত অংশগ্ৰহণ কৰা ছাত্ৰ সংগঠনটোৰ সাধাৰণ সম্পাদক চাৰকানথিম ৰংপিয়ে জনায় যে কেম্পাছটোৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য্য (Pro Vice Chancellor) শিৱাশিস বিশ্বাসে অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য দিলীপ চন্দ্ৰ নাথৰসৈতে বিষয়টো সন্দৰ্ভত টেলিফোনত কথা পতা বুলি কোৱাৰ পিছত তেওঁলোকে প্ৰতিবাদটো উঠাই লয়। সাধাৰণ সম্পাদকজনে জনোৱা মতে উপাচাৰ্য্য দিলীপ চন্দ্ৰ নাথে ১৮ এপ্ৰিলত বিশ্ববিদ্যালয়ৰ ডিফু কেম্পাছ ভ্ৰমণ কৰিব আৰু তেতিয়া এই বিষয়বোৰ তেওঁলোকৰ সৈতে আলোচনা কৰিব বুলি জনায়।
মন কৰিব লগীয়া যে বিশ্ববিদ্যালয়খনৰ ডিফু কেম্পাছ গুৰুত্বপূৰ্ণ বিভাগ আৰু প্ৰশাসনিক গোট অবিহনেই চলি আছে যোৱা ১০ বছৰে। আনহাতে খালী হৈ আছে বহু গুৰুত্বপূৰ্ণ পদ।
প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে অতি শীঘ্ৰে কণ্ট্ৰ’লাৰ অব এগজামিনেইশ্যনৰ শাখা কাৰ্য্যালয় স্থাপন, কাৰ্বি আংলঙৰ সকলো মহাবিদ্যালয়ক ডিফু কেম্পাছৰ অধীনলৈ অনা, ডিফু কেম্পাছত ৰসায়নবিজ্ঞান, গণিত, জৈৱ প্ৰযুক্তি (Biotechnology), শিক্ষা, অৰ্থনীতি, আইন, সমাজবিজ্ঞান, গণমাধ্যম (Mass Communication), পৰ্য্যটন আৰু অণুজীৱবিজ্ঞান (Microbiology) বিভাগ স্থাপন কৰা, তৎকালীনভাৱে উপ-পঞ্জীয়ক, সহ-পঞ্জীয়ক, ছেকশ্যন অফিচাৰ, লেব এটেনডেণ্ট, ছিষ্টেম এনালিষ্ট, পাৰ্ছনেল এছিষ্টেণ্ট নিযুক্তি দিয়াৰ লগতে খালী থকা সকলো পদ পূৰণ কৰা তথা ইয়াৰ কেন্দ্ৰীয় পুঁথিভঁৰালটোক পদ্মশ্ৰী বঁটা প্ৰাপক বংলং তেৰাঙৰ নামত নামকৰণ কৰাৰ দাবী জনায়।
উল্লেখযোগ্য যে ২০০৭ চনত কেৱল ৬টা বিভাগেৰে শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ৰ অধীনত বিশ্ববিদ্যালয়খনৰ ডিফু চৌহদটো আৰম্ভ কৰা হৈছিল। এতিয়া ছাত্ৰ-ছাত্ৰীসকলৰ লগতে স্থানীয় ৰাইজেও ইয়াক পূৰ্ণাংগ এখন বিশ্ববিদ্যালয়ৰ মৰ্য্যাদালৈ নিবলৈ আহ্বান জনাই আছে।