নিয়ন্ত্ৰণহীন মূল্যবৃদ্ধিয়ে জনসাধাৰণ জুৰুলা কৰাৰ সময়তে ইয়াৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে। শেহতীয়াভাৱে পেট্ৰল আৰু ডিজেলৰ মূল্য আকাশলংঘীকৈ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ সেয়েহে ইয়াৰ প্ৰতিবাদত আজি অসম বিধানসভা চৌহদত কংগ্ৰেছ বিধায়কসকলে সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে ৷
বৃহস্পতিবাৰে বিধায়ক আৱাসৰ পৰা অসম বিধানসভালৈ সমদল কৰি কংগ্ৰেছ বিধায়কসকলে পেট্ৰল-ডিজেল আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ৰোধ কৰাত চৰকাৰ বিফল হোৱাৰ অভিযোগ উত্থাপন কৰে ৷
আনহাতে বৃহস্পতিবাৰে এই বিষয়ত সদনত আলোচনা বিচাৰিব বুলিও প্ৰকাশ কৰিছে কংগ্ৰেছৰ এটা শীৰ্ষ সূত্ৰই৷ বিধায়কসকলে প্ৰতিবাদ কৰাৰ সময়ত মূল্যবৃদ্ধি ৰোধ কৰক, মোডী চৰকাৰ হায় হায় আদি শ্ল’গান দিয়াও পৰিলক্ষিত হয়৷
পেট্ৰল আৰু ডিজেলৰ মূল্যবৃদ্ধিয়ে সকলো অভিলেখ ভংগ কৰাত দেশৰ জনসাধৰণ কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে বুলি অভিযোগ উত্থাপন কৰি কংগ্ৰেছ বিধায়ক সকলে ইয়াৰ ফলত ৰাইজৰ জীৱন ধাৰণত জটিল সমস্যা আহি পৰিছে বুলি উল্লেখ কৰে।
মূল্যবৃদ্ধি প্ৰসংগত কংগ্ৰেছ নিমাত হৈ থকা বুলি সততে চৰ্চা চলাৰ সময়তে কংগ্ৰেছ বিধায়ক সকলে আজি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰাটো যথেষ্ট তাৎপৰ্যপূৰ্ণ।