বুধবাৰে এখন সংবাদমেলত কাজিৰঙাত বানপানীৰ সময়ত গড়কে ধৰি অন্যান্য জীব-জন্তুসকলৰ সুৰক্ষাৰ বাবে বন মন্ত্ৰী গৰাকীয়ে ৩৩ টা হাই লেণ্ড নিৰ্মাণ কৰাৰ কথা সদৰী কৰে যদিও এই হাইলেণ্ডসমূহে জীব-জন্তুসমূহক বানপানীৰ পৰা ৰক্ষা কৰিব নোৱাৰিব বুলিহে কয়।
তেওঁৰ মতে ‘পূৰ্বৰে পৰা জীব-জন্তুসমূহে যিভাবে চলি-ফুৰি আছিল তথা যিটো পৰিবেশত আছিল, সেই স্বভাৱটো সলনি কৰাটো সম্ভব নহ’ব।
বনমন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই কয়, ‘’ এইবাৰতো আমি ৩৩ টা হাই লেণ্ড বনাই আছো। কিন্তু মই আপোনালোকক ষ্পষ্টকৈ জনাওঁ হাইলেণ্ড বনালেই যে আমি জীৱ জন্তু বিলাকক বচাব পাৰিম সেই বুলি মই নাভাবো।‘’
বনাঞ্চলৰ জীৱ-জন্তু বিলাকে জন্মগতভাৱে সৰুৰে পৰা যিটো পৰিৱেশ বা বাতাবৰণৰ মাজেৰে ডাঙৰ দীঘল হৈছে সেই চিন্তাৰে পৰিচালিত হয় বুলি উল্লেখ কৰি বনমন্ত্ৰীগৰাকীয়ে কয়,’’ ধৰি লওক হাইলেণ্ড আমি বনালো, হাইলেণ্ডহে বনালো, থাকিবৰ কাৰণে আমি ঠাই অলপ দিলো, কিন্তু ঘাঁহটো দিয়া নাই। সেই গতিকে জীব জন্তুবিলাক, সৰু-ডাঙৰ সকলোৱে কাজিৰঙাৰ ফালে দৌৰ মাৰে। তাত দৌৰ মৰাৰ কাৰণ তাত ঘাঁহ পৰ্য্যাপ্ত পৰিমাণে আছে। তাত তেওঁলোকে ভোকত তথা অনাহাৰে থাকিব নালাগে। এই কথাটো জীৱ জন্তু বিলাকৰ পৰম্পৰা তথা চৰিত্ৰত পৰিণত হৈছে।‘’
হাইলেণ্ড নিৰ্মাণ বন্যপ্ৰাণীসমূহৰ বাবে কিমান উপযোগী হ’ব সেয়া নিৰীক্ষণ কৰাৰ পিছতহে এইক্ষেত্ৰত অধিক হাইলেণ্ড নিৰ্মাণৰ কথা ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ কয়,’’ আমি ৩৩ টা হাইলেণ্ড বনাই আছো। সেইটো বনোৱাত যদি সফল হওঁ তেতিয়া আমি অন্য হাইলেণ্ড বনাবৰ কাৰণে চেষ্টা কৰিম। হাইলেণ্ড বনালেও কিছুসংখ্যক জীব-জন্তুহে তাত থাকে।‘’
তদুপৰি, বন মন্ত্ৰী গৰাকীয়ে বানপানীৰ সময়ত জীৱ-জন্তুসমূহক নিৰীক্ষণ কৰাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৩ টাকৈ দ্ৰোণ কেমেৰা লোৱাৰ কথাও ঘোষণা কৰে। প্ৰয়োজন সাপেক্ষে বেলেগ বেলেগ অভয়াৰণ্যসমূহতো এই দ্ৰোণ কেইটা ব্যৱহাৰ কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক অনুমতি দিয়া বুলি তেওঁ মন্তব্য প্ৰকাশ কৰে।