ৰাজ্যখনৰ গৃহৰক্ষী জোৱানসকলৰ সংগঠন অসম গৃহৰক্ষী কল্যাণ সমিতিয়ে সপ্তম দৰমহা আয়োগৰ আধাৰত বৰ্ধিত হাৰত দৰমহা প্ৰদানকে ধৰি গৃহৰক্ষী জোৱানসকলৰ প্ৰতি চৰকাৰে প্ৰদৰ্শন কৰা অন্যায়ৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি মাত মাতি আহিছে।
গৃহৰক্ষী জোৱানসকলক সদায় অধিক কামত খটুৱাই অহাৰ বিপৰীতে তেওঁলোকক সেই অনুপাতে দা-দৰমহা নিদিয়াৰ অভিযোগ তুলি কল্যাণ সমিতিয়ে প্ৰায়েই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা দেখা যায়।
গৃহৰক্ষী জোৱানসকলক অসম আৰক্ষীৰ দৰে চৰকাৰী সা-সুবিধা প্ৰদান কৰা, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ সকলো বিভাগতে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদত গৃহৰক্ষী জোৱানক নিযুক্তি দিয়া, কামৰূপ জিলা গৃহৰক্ষী বাহিনীৰ অধিনায়কৰ কাৰ্যালয় পানীখাইতীৰ পৰিৱৰ্তে গুৱাহাটীৰ মধ্যভাগত স্থাপন কৰা, মহিলা গৃহৰক্ষী জোৱানসকলক সকলো ধৰণৰ প্ৰাপ্য সুবিধা প্ৰদান কৰা আদি দাবীসমূহৰ এটাও চৰকাৰে আজিলৈকে কাৰ্যকৰী নকৰিলে।
অসম গৃহৰক্ষী কল্যাণ সমিতিৰ সভাপতি দীপেন শৰ্মা আৰু সম্পাদক ইক্ৰাম আলীয়ে এক বিবৃতিযোগে এই কথা প্ৰকাশ কৰি কয় যে ৰাজ্যৰ গৃহৰক্ষী জোৱানসকলে উক্ত দাবীসমূহ সমাধানৰ দাবীত অহা ৭ মাৰ্চত দিছপুৰ লাষ্টগে’টত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব।
তেওঁলোকে ৰাজ্যখনৰ সকলো গৃহৰক্ষী জোৱানক উক্ত ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।