ভাৰতৰ কিংবদন্তী টেবুল টেনিছ খেলুৱৈ অচন্ত শৰৎ কমলে চলিত বাৰ্মিংহাম কমনৱেলথ গেমছত চমকপ্ৰদ অভিযান অব্যাহত ৰাখি অৰ্জন কৰিছে আন এক স্বৰ্ণ পদক। ইংলেণ্ডৰ লিয়াম পিচফৰ্ডক পৰাস্ত কৰি পুৰুষৰ চিংগলছতো স্বৰ্ণ জয় কৰিছে কমলে।
চলিত কমনৱেলথত শৰৎ কমলৰ সামগ্ৰিকভাৱে এইয়া চতুৰ্থটো পদক তথা তৃতীয়টো স্বৰ্ণ। ইয়াৰ পূৰ্বে পুৰুষৰ দলীয় শাখা আৰু মিক্সড ডাবলছ শাখাত স্বৰ্ণ পদক লাভ কৰিছিল। আনহাতে পুৰুষৰ ডাবলছত তেওঁ লাভ কৰিছিল ৰূপৰ পদক।
যোৱা ২ আগষ্টত শৰৎ কমল নেতৃত্বাধীন ভাৰতীয় দলটোৱে ছিংগাপুৰক ৩-১ ব্যৱধানত পৰাস্ত কৰি পুৰুষৰ দলীয় শাখাত সোণৰ পদক অৰ্জন কৰিছিল।
ইয়াৰ পিছতে দেওবাৰে শ্ৰীজা আকুলাৰ সৈতে যুটি বান্ধি মিক্সড ডাবলছ শাখাত মালয়েছিয়াৰ জাভেন চুং আৰু কাৰেন লিনেৰ বিৰুদ্ধে ৩-১ ব্যৱধানত জয়েৰে লাভ কৰিছিল দ্বিতীয়টো স্বৰ্ণ।
একেদিনাই ভাৰতীয় পুৰুষৰ ডাবলছত সাথিয়ান গণচেকৰণৰ সৈতে ফাইনেলত ইংলেণ্ডৰ পল ড্ৰিংকহল আৰু লিয়াম পিচফৰ্ডৰ হাতত পৰাস্ত হোৱাৰ পিছত ৰূপৰ পদক অৰ্জন কৰিছিল কমলে।
উল্লেখ্য যে কমনৱেলথ গেমছৰ ইতিহাসত শৰৎ কমলৰ এইয়া আছিল ত্ৰয়োদশ সংখ্যক পদক। ২০০৬ চনৰ মেলবৰ্ণ কমনৱেলথ গেমছত ব্যক্তিগত শাখাত প্ৰথমটো স্বৰ্ণ জয়ৰ পাছত কমলে এতিয়ালৈকে ৭ টা স্বৰ্ণ, ৩ টা ব্ৰঞ্জ আৰু ৩ টা ৰূপৰ পদক অৰ্জন কৰিছে।