বিজেপিয়ে শাসনৰ বাঘজৰী লৈয়ে খুব কম দিনৰ ভিতৰতে ৰাজ্যৰ পথ আৰু দলং সমূহ নিৰ্মাণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও দুবছৰ ওকলি যোৱাৰ পিছতো ৰাজ্যৰ বাট-পথ তথা ভগা দলংসমূহৰ নতুন ৰূপ দেখা নগ’ল।
ফল স্বৰূপে বহু ঠাইত চৰকাৰলৈ বাট চাই হতাশ হোৱা ৰাইজে নিজৰ প্ৰচেষ্টাৰে বাট-পথ, দলং মেৰামতি কৰি লোৱা দেখা গৈছে। বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত হালধি আটী টোপগাঁৱত সোণাই নৈৰ ওপৰত থকা এখন কাঠৰ জৰাজীৰ্ণ দলং ৩ এপ্ৰিলৰ দিনা মেৰামতি কৰিবলৈ ওলাই আহলি অঞ্চলটোৰ শতাধিক মহিলা।
পাঁচ বছৰৰ আগেয়ে তিৱা স্বায়ত্ত পৰিষদে নিৰ্মাণ কৰা এই কাঠৰ দলংখন জৰাজীৰ্ণ ৰূপত আছিল। আনহাতে এই দলংখনেৰেই কেইবাখনো গাঁৱৰ ৰাইজে অন্যান্য অংশৰ সৈতে সংযোগ ৰক্ষা কৰে। অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক, ৰোগীকে ধৰি আন আন পথচাৰী যোগাযোগৰ ক্ষেত্ৰত এই ভগা কাঠৰ দলংখনৰ ওপৰতে নিৰ্ভৰশীল। কিন্তু চৰকাৰৰ অমনোযোগিতাৰ ফলত দলংখনৰ অৱস্থা অতি বেয়া হৈ পৰিছিল। ছাত্ৰ-ছাত্ৰী, ৰোগীকে ধৰি সকলোৱে এটা বিপদসংকুল অৱস্থাত এই দলংখনৰ ওপৰেৰে অহা-যোৱা কৰি আছিল।
ফলত কেইবাটাও অঞ্চলৰ ৰাইজৰ অসুবিধা দূৰ কৰিবলৈ অঞ্চলটোৰ অনুৰাধা নামৰ মহিলা সংগঠনটোৰ সদস্যাসকল। তেওঁলোকৰ আগ ৰণুৱা মনোভাব দেখি পুৰুষসকলেও দা-কুঠাৰ লৈ শ্ৰমদানৰ বাবে ওলাই আহে আৰু দলংখন সকলোৱে মিলি যথেষ্ট উন্নত কৰি তোলে।